Saturday, July 27, 2024
Google search engine
গৃহউত্তৰ-পূবমেঘালয়ৰ হেলিডেগঞ্জত দূৰ্গাপূজাৰ ব্যাপক আয়োজন

মেঘালয়ৰ হেলিডেগঞ্জত দূৰ্গাপূজাৰ ব্যাপক আয়োজন

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ পাশ্বৱৰ্তী চুবুৰীয়া ৰাজ্য মেঘালয়ৰ শিঙিমাৰীত ৫৭ তম শাৰদীয় দূৰ্গাপূজাৰ প্ৰস্তুতি প্ৰায় সম্পন্ন হৈছে। ধুবুৰীৰ পৰা মৃত শিল্পী আনি শিঙিমাৰীৰ দূৰ্গামন্দিৰৰ স্থায়ী মণ্ডৱত দেৱীৰ মূৰ্তি স্থাপন কৰাৰ পাচত ইতিমধ্যে মা দূৰ্গাৰ মূৰ্তিত শেষ পৰশ দিয়া হৈছে। বৰ্তমানে মন্দিৰৰ চৌদিশে পেণ্ডেল নিৰ্মাণ কৰি থকা হৈছে। মেঘালয়ৰ ভক্তপ্ৰাণ লোক সকলৰ উপৰিও মানকাচৰৰ সুখচৰ এলেকাত গৰাখহনীয়াৰ কবলত পৰি ৰাজ্যখনত আশ্ৰয় লৈ থকা ভক্তপ্ৰাণ লোক সকলে এই স্থানত দূৰ্গাপূজা উদযাপন কৰিব। ৫৭ বছৰ ধৰি উদযাপন কৰি অহা দূৰ্গামন্দিৰত প্ৰতি বছৰে হেজাৰ হেজাৰ ভক্তপ্ৰাণ লোকৰ সমাগম হয়। মেঘালয়ৰ উপৰিও পাশ্বৱৰ্তী অসমৰ লোক সকলে এই দূৰ্গাপূজাত অংশগ্ৰহন কৰে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments