ডিজিটেল ডেক্স, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত চৰ মনীৰচৰ গাঁৱত নিশা সংঘটিত এক ভয়ংকৰ ডকাইতি কাণ্ডই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৬-৭ জনীয়া ডকাইতৰ এটা দলে বস্ত্ৰ ব্যৱসায়ী মমিনুৰ ইছলামৰ ঘৰত প্ৰৱেশ কৰি পতি-পত্নীক নিৰ্মমভাৱে মাৰপিট কৰাৰ লগতে হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে।
উল্লেখযোগ্য যে, কাপোৰ ব্যৱসায়ী মমিনুল ইছলাম পত্নী আৰু সন্তানৰ সৈতে ৰমজানৰ ইফতাৰ কৰি নিশা প্ৰায় ৯.৩০ বজাত টোপনীত যায়। তেনে সময়ত নিশা প্ৰায় ১১.৩০ বজাত ডকাইতৰ দলটো মুখত কলা কাপোৰ বান্ধি হাতত ডেগাৰ লৈ সিন্ধি খান্ধি ঘৰৰ ভিতৰত প্ৰৱেশ কৰে। সেই সময়ত ব্যৱসায়ীজনৰ সৈতে ডকাইতসকলৰ হতাহতি হয়। হতাহতিৰ সময়তে এজন ডকাইতৰ মুখৰ কাপোৰ খুলি পৰাত মমিনুৰ ইছলামে সাহিনুৰ ইছলাম মোল্লা নামৰ এজনক চিনাক্ত কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে চিনাক্ত হোৱা ডকাইতজন একেখন গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে।
ডকাইতৰ দলটোৱে ব্যৱসায়ীজনৰ পত্নী ইছমোতাৰা খাতুনৰ ডিঙিৰ পৰা প্ৰায় ১ ভৰি ওজনৰ সোণৰ মালা ছিঙি নিয়াৰ লগতে বিছনাৰ তলত জমা কৰি ৰখা নগদ ২ লাখ টকা লুট কৰি নিয়ে। ইদৰ উপলক্ষে দোকানত নতুন কাপোৰ আনিবিলৈ টকাখিনি ঘৰত জমা কৰি ৰাখিছিল বুলি ভূক্তভোগীয়ে জনাইছে।
ঘটনাত পতি-পত্নী কিছু পৰিমানে আঘাতপ্ৰাপ্ত হোৱাত তেওঁলোকক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়।
ইতিমধ্যে সাহিনুৰ ইছলাম মোল্লাৰ বিৰুদ্ধে দক্ষিণ শালমাৰা থানাত এজাহাৰ দাখিল কৰা হৈছে। ডকাইতৰ দলটোৱে এটা ছুৰি আৰু দুখনকৈ জোতা ঘটনাস্থলীত এৰি থৈ গৈছে। এজাহাৰৰ পাচত আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰু ডকাইতৰ দলটোক আটক কৰিবলৈ অভিযান চলাই আছে।




