ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ মানকাচৰৰ উত্তৰ পিপুলবাৰীত বোৱাৰী হত্যাৰ অভিযোগত অভিযুক্ত স্বামীক কালাপানী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে, কালি উত্তৰ পিপুলবাৰী গাঁৱৰ ছপিয়াৰ ৰহমানৰ পুত্ৰ ছাদ্দাম হুছেইনৰ বাসগৃহত তেওঁৰ পত্নী ৰুবিনা বেগমৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰ হয়। ঘটনাৰ পাছতে ৰুবিনাৰ পিতৃ ৰফিয়াল হকে কালাপানী আৰক্ষী চকীত স্বামীসহ মুঠ ১১ জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।
এজাহাৰ অনুসৰি, বিবাহৰ পাছৰে পৰা স্বামী আৰু স্বামীৰ পৰিয়ালৰ সদস্যসকলে যৌতুক দাবী কৰি বিভিন্ন সময়ত ৰুবিনাক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল। কালি অত্যাধিক প্ৰহাৰৰ ফলতেই ৰুবিনা মৃত্যু মুখত পৰে বুলি এজাহাৰত উল্লেখ কৰা হৈছে। কালাপানী আৰক্ষীয়ে এজাহাৰখন মানকাচৰ থানাত ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ৬১(২)/১০৩(১) অনুসৰি ৩১/২০২৬ নম্বৰত গোচৰ পঞ্জীয়ন কৰে। ইয়াৰ পাছতে আৰক্ষীয়ে মূল অভিযুক্ত স্বামীক আটক কৰি আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰে।
আজি পুৱাতে অভিযুক্তক হাটশিঙিমাৰী জিলা আদালতত হাজিৰ কৰি অধিক তদন্তৰ স্বাৰ্থত তিনিদিনীয়া আৰক্ষী জিম্মা বিচৰা হয়। আদালতে আৰক্ষীক তিনিদিনৰ জিম্মা মঞ্জুৰ কৰে। এজাহাৰত উল্লেখ কৰা আন ১০ অভিযুক্ত বৰ্তমান পলাতক অৱস্থাত থকা বুলি জানিব পৰা গৈছে। তেওঁলোকক আটক কৰিবলৈ আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে। ইফালে ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ৰুবিনা বেগমৰ মৃতদেহৰ মৰনোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছে। মৰনোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পাছত মৃত্যুৰ প্ৰকৃত কাৰণ স্পষ্ট হ’ব বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।




