Monday, February 23, 2026
Google search engine
গৃহস্থানীয়মানকাচৰৰ উত্তৰ পিপুলবাৰীত যৌতুকৰ বাবে পত্নীক হ*ত্যা ! স্বামী সহ ১১ জনৰ...

মানকাচৰৰ উত্তৰ পিপুলবাৰীত যৌতুকৰ বাবে পত্নীক হ*ত্যা ! স্বামী সহ ১১ জনৰ বিৰুদ্ধে এজাহাৰ

মানকাচৰত বোৱাৰীৰ সন্দেহজনক মৃত্যু, স্বামীসহ ১১ জনৰ বিৰুদ্ধে এজাহাৰ
যৌতুকৰ দাবীত নিৰ্যাতনৰ পিছতে হত্যাৰ অভিযোগ; ঘটনাই তীব্ৰ চাঞ্চল্য

ডিজিলেট ডেক্স, হাটশিঙিমাৰীঃ দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ কালাপানী আৰক্ষী চকী অন্তৰ্গত উত্তৰ পিপুলবাৰীত এগৰাকী বোৱাৰীৰ সন্দেহজনক মৃত্যুক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃতা ৰুবিনা বেগমক স্বামীপক্ষই পূৰ্বপৰিকল্পিতভাৱে হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰিছে পিতৃগৃহৰ লোকে। এই সন্দৰ্ভত কালাপানী আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হৈছে।

এজাহাৰ অনুসৰি, এই ঘটনাৰ সৈতে জড়িত অভিযুক্তসকল ক্ৰমে— মানকাচৰ থানা এলেকাৰ অধীনস্থ উত্তৰ পিপুলবাৰী গাঁৱৰ ছপিয়াৰ ৰহমানৰ পুত্ৰ তথা মহিলা গৰাকীৰ স্বামী ছাদ্দাম হুছেইন, ছাদ্দাম হুছেইনৰ দ্বিতীয় পত্নী মনোৱাৰা বেগম, ছাদ্দাম হুছেইনৰ পিতৃ ছপিয়াৰ ৰহমান, ছপিয়াৰ ৰহমানৰ পুত্ৰ আতোৱাৰ ৰহমান, আজিয়াৰ ৰহমান, আখিৰুল ইছলাম, আমিৰ হুছেইন, ছপিয়াৰ ৰহমানৰ পত্নী আছিয়া বিবি, আজিয়াৰ ৰহমানৰ পত্নী ছামছুন নেহাৰ আৰু ইউছুফ আলীৰ পত্নী আজমিনা বেগম। এই ১১ জন লোকৰ বিৰুদ্ধে কালাপানী আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হৈছে।

উল্লেখযোগ্য যে, প্ৰায় পাঁচ বছৰ পূৰ্বে মানকাচৰ থানা এলেকাৰ অধীনস্থ উত্তৰ পিপুলবাৰী গাঁৱৰ ছপিয়াৰ ৰহমানৰ পুত্ৰ ছাদ্দাম হুছেইনৰ সৈতে দক্ষিণ শালমাৰা থানা এলেকাৰ অধীনস্থ ফুলেৰচৰ তৃতীয় খণ্ড গাঁৱৰ ৰফিয়াল হকৰ জীয়েক ৰুবিনা বেগমৰ সামাজিকভাৱে বিবাহ সম্পন্ন হৈছিল। বিবাহৰ পিছৰে পৰা স্বামীপক্ষই যৌতুকৰ দাবীত ৰুবিনাক মানসিক আৰু শাৰীৰিকভাৱে নিৰ্যাতন চলাই আহিছিল বুলি এজাহাৰত অভিযোগ উত্থাপন কৰা হৈছে। দম্পতীৰ এটি কন্যা সন্তানো আছে।

অভিযোগ মতে, প্ৰায় দেৰ বছৰ পূৰ্বে ছাদ্দাম হুছেইনে দ্বিতীয় বিবাহ সম্পন্ন কৰাৰ পিছৰে পৰা ৰুবিনাৰ ওপৰত নিৰ্যাতন অধিক বৃদ্ধি পায়। যৌতুকৰ দাবী পূৰণ কৰিব নোৱাৰাত প্ৰায় তিনিমাহ পূৰ্বে ৰুবিনাক স্বামীগৃহৰ পৰা উলিয়াই দিয়া হৈছিল বুলি এজাহাৰত উল্লেখ আছে। পিছত পুনৰ মিলনৰ প্ৰতিশ্ৰুতিৰে তেওঁক পুনৰ স্বামীৰ গৃহলৈ লৈ যোৱা হয়।

এজাহাৰত উল্লেখ কৰা অনুসৰি, যোৱা নিশা প্ৰায় ৮ বজাত অভিযুক্তসকলে পূৰ্বপৰিকল্পিতভাৱে ৰুবিনা বেগমক প্ৰহাৰ কৰে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰুবিনাক তাৎক্ষণিকভাৱে হাটশিঙিমাৰী জিলা চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। নিশা প্ৰায় ৮-৩০ বজাত পিতৃয়ে কন্যাৰ মৃত্যুৰ খবৰ লাভ কৰি চিকিৎসালয়ত উপস্থিত হৈ মৃতদেহ চিনাক্ত কৰে আৰু তাৰ পিছতেই আৰক্ষীৰ কাষ চাপে।

ঘটনাৰ পিছতে কালাপানী আৰক্ষী মৃতদেহ নিজৰ জিম্মাত লৈ ধুবুৰী মেডিকেল কলেজ হাস্পাতাললৈ মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ইতিমধ্যে আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তিৰ দাবী জনাইছে ভূক্তভূগী পৰিয়ালে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments