Monday, February 23, 2026
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰী জিলা দণ্ডাধীশৰ কঠোৰ নিৰ্দেশঃ ৭ দিনৰ ভিতৰত ১৭৮টা পঞ্জীয়নভুক্ত অস্ত্ৰ জমা...

হাটশিঙিমাৰী জিলা দণ্ডাধীশৰ কঠোৰ নিৰ্দেশঃ ৭ দিনৰ ভিতৰত ১৭৮টা পঞ্জীয়নভুক্ত অস্ত্ৰ জমা দিব লাগিব

ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ আগন্তুক অসম বিধানসভা সাধাৰণ নিৰ্বাচন-২০২৬ উপলক্ষে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত শান্তিপূৰ্ণ আৰু নিৰপেক্ষ নিৰ্বাচন নিশ্চিত কৰাৰ লক্ষ্যৰে জিলা দণ্ডাধীশে গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। বি.এন.এছ.এছ., ২০২৩-ৰ ধাৰা ১৬৩ অনুসৰি জাৰি কৰা এই আদেশত জিলাৰ সকলো লাইচেন্সধাৰী অস্ত্ৰধাৰীক নিজৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বারুদ ৭ (সাত) দিনৰ ভিতৰত নিকটৱৰ্তী আৰক্ষী থানাত জমা দিবলৈ নিৰ্দেশ দিয়া হৈছে।

জিলা প্ৰশাসনৰ তথ্য অনুসৰি, বৰ্তমান দক্ষিণ শালমাৰা-মানকাচৰ জিলাত মুঠ ১৭৮টা অস্ত্ৰ বৈধভাৱে পঞ্জীয়নভুক্ত হৈ আছে। এই সকলো অস্ত্ৰধাৰীক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত অস্ত্ৰ জমা দিয়াটো বাধ্যতামূলক কৰা হৈছে। নিৰ্ধাৰিত সময়ৰ ভিতৰত অস্ত্ৰ জমা নিদিলে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰশাসনে স্পষ্ট কৰি দিছে।

জিলা দণ্ডাধীশ ৰাহুল কুমাৰ গুপ্তাই কয় যে, মুক্ত, নিৰপেক্ষ আৰু ভয়মুক্ত পৰিৱেশত নিৰ্বাচন অনুষ্ঠিত কৰাটো প্ৰশাসনৰ মূল লক্ষ্য। নিৰ্বাচনৰ সময়ছোৱাত আইন-শৃংখলা বিঘ্নিত হ’ব পৰা যিকোনো সম্ভাৱনা আগতীয়াকৈ ৰোধ কৰাৰ স্বাৰ্থতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। আদেশ অনুসৰি, জনসমাগমস্থল, ৰাজহুৱা স্থান, ভোটগ্ৰহণ কেন্দ্ৰ আৰু ভোটগ্ৰহণ এলেকাত কোনো ধৰণৰ অস্ত্ৰ বহন, অধিকাৰ বা প্ৰদৰ্শন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।

এই আদেশ নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা পৰ্যন্ত বলবৎ থাকিব। অৱশ্যে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী, ৰাজ্যিক আৰক্ষী, নগদ ধন-সম্পত্তি সুৰক্ষাৰ দায়িত্বত থকা বেংকৰ অনুমোদিত কৰ্মচাৰী আৰু ৰাষ্ট্ৰীয় ৰাইফেল এছ’চিয়েচনত পঞ্জীয়নভুক্ত খেলুৱৈসকলৰ ক্ষেত্ৰত প্ৰযোজ্য নিয়ম অনুসৰি বিশেষ অব্যাহতি থাকিব বুলি জানোৱা হৈছে।

আদেশ লংঘন কৰিলে অস্ত্ৰ আইন, ১৯৫৯, জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ আৰু বি.এন.এছ.এছ., ২০২৩-ৰ সংশ্লিষ্ট ধাৰা অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰশাসনে সতৰ্ক কৰি দিছে। জিলাত শান্তিপূৰ্ণ, স্বচ্ছ আৰু বিশ্বাসযোগ্য নিৰ্বাচনী পৰিৱেশ নিশ্চিত কৰিবলৈ জিলা প্ৰশাসনে ইতিমধ্যে আৰক্ষী আৰু নিৰ্বাচনী বিভাগৰ সৈতে সমন্বয় সাধন কৰি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি থকা বুলি সূত্ৰে জানিবলৈ দিয়ে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments