Tuesday, February 24, 2026
Google search engine
গৃহস্থানীয়মানকাচৰৰ জ্যেষ্ঠ সাংবাদিক শ্বেখ বদৰুজ্জামান ফিৰদৌছী দেহাৱসান । কাইলৈ পুৱা ১০ বজাত...

মানকাচৰৰ জ্যেষ্ঠ সাংবাদিক শ্বেখ বদৰুজ্জামান ফিৰদৌছী দেহাৱসান । কাইলৈ পুৱা ১০ বজাত জানাজা…

দক্ষিণ শালমাৰা–মানকাচৰ জিলাজুৰি গভীৰ শোকৰ ছাঁ

ডিজিটেল ডেক্স, হাটশিঙিমাৰী : মানকাচৰৰ জ্যেষ্ঠ সাংবাদিক তথা শিক্ষাবিদ সেখ বদৰুজ্জামান ফিৰদৌছীৰ অকাল পৰলোকপ্ৰাপ্তিত সমগ্ৰ দক্ষিণ শালমাৰা–মানকাচৰ জিলাত গভীৰ শোকৰ ছাঁ পৰিছে। আজি বিয়লি প্ৰায় ৪.৪৫ বজাত তেওঁ নিজ গৃহতে ইহলীলা সমাপন কৰে। দীৰ্ঘদিন ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈ অসুস্থ অৱস্থাত থকা ফিৰদৌছীয়ে অৱশেষত মৃত্যুক আকোঁৱালি লয়। মৃত্যুৰ সময়তো তেওঁ হাটশিঙিমাৰী মহাবিদ্যালয়ৰ আৰবী বিভাগত কৰ্মৰত অৱস্থাত আছিল। উল্লেখযোগ্য যে, তেওঁৰ চাকৰিৰ কাৰ্যকাল এতিয়াও সমাপ্ত হোৱা নাছিল।

১৯৭০ চনৰ ৩১ অক্টোবৰত জন্মগ্ৰহণ কৰা ফিৰদৌছীয়ে ১৯৯৮ চনৰ ১ জুলাই তাৰিখে হাটশিঙিমাৰী মহাবিদ্যালয়ত অধ্যাপক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। শিক্ষকতা জীৱনত তেওঁ নিষ্ঠা, শৃঙ্খলা আৰু দায়িত্ববোধৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছিল। ২০১৬ চনত তেওঁৰ পদ প্ৰাদেশীকৰণ হয়। অসুস্থতাৰ মাজতো তেওঁ নিজৰ দায়িত্ব পালনত সদায় সচেষ্ট আছিল।

সাংবাদিকতাৰ ক্ষেত্ৰতো তেওঁ আছিল এক সুপ্ৰতিষ্ঠিত আৰু বিশ্বস্ত নাম। অসমীয়া প্ৰতিদিনৰ জন্মলগ্নৰ পৰাই তেওঁ মানকাচৰৰ স্থানীয় সাংবাদিক হিচাপে নিষ্ঠাৰে দায়িত্ব পালন কৰি আহিছিল। ইয়াৰ উপৰি তেওঁ এন ই টিভিতো দীৰ্ঘ সময় ধৰি সাংবাদিক হিচাপে কৰ্মৰত আছিল। এন ই টিভি বন্ধ হোৱাৰ পিছত তেওঁ প্ৰতিদিন টাইমত মানকাচৰৰ সংবাদিক হিচাপে যোগদান কৰি সংবাদ জগতত নিজৰ সক্ৰিয় উপস্থিতি অব্যাহত ৰাখিছিল। পদ প্ৰাদেশীকৰণৰ পিছত তেওঁ প্ৰতিদিন টাইমৰ পৰা অব্যাহতি লয় যদিও সাংবাদিকতাৰ সৈতে থকা তেওঁৰ আন্তৰিক সম্পৰ্ক অটুটেই আছিল।

শিক্ষক আৰু সাংবাদিক—দুয়োটা ক্ষেত্ৰতে ফিৰদৌছীয়ে এৰি যোৱা অৱদান চিৰস্মৰণীয় হৈ ৰ’ব। তেওঁৰ বিনয়ী আচৰণ, কৰ্মনিষ্ঠা আৰু সমাজমুখী চিন্তাধাৰাই তেওঁক সকলোৰে মাজত বিশেষ সন্মানৰ আসনত বহুৱাইছিল। তেওঁৰ এই অকাল বিয়োগত সতীৰ্থ, ছাত্ৰ-ছাত্ৰী, সংবাদমাধ্যমৰ সহকৰ্মী আৰু অসংখ্য গুণগ্ৰাহীৰ মাজত গভীৰ শোকৰ সঞ্চাৰ হৈছে।

বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰা হৈছে।

উল্লেখ যে, তেওঁ হাটশিঙিমাৰী প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে বহু বছৰ দায়িত্ব পালন কৰিছিল। মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু তিনিগৰাকী পুত্ৰ সন্তানক এৰি থৈ যায়। কাইলৈ পুৱা ১০ বজাত হাটশিঙিমাৰী কৱৰস্থানত জানাজা কৰা হব।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments