Monday, February 23, 2026
Google search engine
গৃহবিশেষ প্ৰতিবেদনআদালতত আপোনাৰ নামত কিবা গোচৰ চলি আছে নেকি ? এই প্ৰতিবেদন আপোনাৰ...

আদালতত আপোনাৰ নামত কিবা গোচৰ চলি আছে নেকি ? এই প্ৰতিবেদন আপোনাৰ বাবে…..

ডিজটেল ডেক্স, হাটশিঙিমাৰীঃ আপোনাৰ নামত কোনো গোচৰ আদালতত দীৰ্ঘদিন ধৰি চলি আছে নেকি? সৰু-সুৰা বা আপোচযোগ্য গোচৰ আদালতৰ নিয়মীয়া প্ৰক্ৰিয়াত বছৰৰ পাছত বছৰ ধৰি চলি থাকি বহু লোক মানসিক, আৰ্থিক আৰু সামাজিক চাপৰ সন্মুখীন হয়। এনে গোচৰসমূহ সহজ, দ্ৰুত আৰু শান্তিপূৰ্ণভাৱে সমাধান কৰাৰ লক্ষ্যৰে দক্ষিণ শালমাৰা–মানকাচৰ জিলাত “ৰাষ্ট্ৰৰ বাবে মধ্যস্থতা ২.০” শীৰ্ষক বিশেষ অভিযান চলি আছে।

চলিত বৰ্ষৰ ২ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই অভিযান অহা ৩১ মাৰ্চলৈ অব্যাহত থাকিব। এই সময়ছোৱাৰ ভিতৰত মীমাংসাৰ উপযোগী গোচৰসমূহ মধ্যস্থতাৰ জৰিয়তে নিষ্পত্তি কৰাৰ সুবিধা আগবঢ়োৱা হৈছে।

মধ্যস্থতা পদ্ধতি মানে হৈছে দুয়ো পক্ষক একে ঠাইত বহুৱাই আলোচনা-চৰ্চাৰ জৰিয়তে পাৰস্পৰিক সমঝোতা সৃষ্টি কৰা। ইয়াত কোনো পক্ষক জোৰ কৰা নহয়; দুয়ো পক্ষৰ সহমত আৰু বুজাবুজিৰ ভিত্তিত সমাধান বিচৰা হয়। ফলত আদালতৰ দীৰ্ঘ প্ৰক্ৰিয়া, অধিক খৰচ আৰু সময় অপচয় কমে। লগতে পক্ষসমূহৰ মাজত সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্কো বজাই থাকে।

এই বিশেষ অভিযানৰ অধীনত বিবাহ-বিচ্ছেদ আৰু পাৰিবাৰিক বিবাদ, ঘৰুৱা হিংসা সংক্রান্ত গোচৰ, চেক অনাদায় সংক্রান্ত বিষয়, পথ দুৰ্ঘটনাত ক্ষতিপূৰণ দাবী, ভূমি আৰু সম্পত্তি বিবাদ, শ্ৰম সংক্রান্ত সমস্যা, গ্ৰাহক অভিযোগ আদি বহু ধৰণৰ আপোচযোগ্য গোচৰ মীমাংসাৰ ব্যৱস্থা আছে।

পূৰ্বে অনুষ্ঠিত “ৰাষ্ট্ৰৰ বাবে মধ্যস্থতা ১.০” অভিযানৰ সময়তো জিলাখনত বহু গোচৰ চিনাক্ত কৰা হৈছিল আৰু কেইবাটাও গোচৰ সফলভাৱে মীমাংসা হৈছিল। ইয়াৰ ফলত বহু লোক আদালতৰ দীঘলীয়া প্ৰক্ৰিয়াৰ পৰা মুক্তি লাভ কৰিছে।

এই ব্যৱস্থাৰ জৰিয়তে আদালতৰ সময় ৰক্ষা হয়, মামলাৰ খৰচ কমে আৰু পক্ষসমূহৰ মাজত শান্তিপূৰ্ণ সমাধানৰ পথ সুগম হয়। সেয়ে এনে গোচৰত জড়িত লোকসকলক এই সুযোগ গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে।

ইচ্ছুক ব্যক্তিসকলে নিজৰ অধিবক্তাৰ সহায় ল’ব পাৰে অথবা সোজাকৈ জিলা আইন সেৱা প্ৰাধিকাৰীৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰি “ৰাষ্ট্ৰৰ বাবে মধ্যস্থতা ২.০” অভিযানৰ সুবিধা গ্ৰহণ কৰিব পাৰে। সমাজত শান্তি, সহমত আৰু ন্যায় প্ৰতিষ্ঠাৰ লক্ষ্যৰে চলি থকা এই অভিযান সফল কৰিবলৈ ৰাইজৰ সক্ৰিয় অংশগ্ৰহণ অত্যন্ত প্ৰয়োজনীয়।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments