Wednesday, February 18, 2026
Google search engine
গৃহবিশেষ প্ৰতিবেদনবৰলুইতৰ খহনীয়াৰ বিৰুদ্ধে মানকাচৰত ৰাইজৰ সংগ্ৰাম

বৰলুইতৰ খহনীয়াৰ বিৰুদ্ধে মানকাচৰত ৰাইজৰ সংগ্ৰাম

চৰকাৰৰ দীঘলীয়া উদাসীনতাৰ অভিযোগ, দান-বৰঙণিৰে চাৰিটাকৈ বল্ডাৰৰ স্পাৰ নিৰ্মাণ কৰি জিলাৰ সদৰ আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্ত ৰক্ষাৰ অভিযান

ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ মহাবাহু ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়াই দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বিস্তীৰ্ণ অঞ্চলত বছৰ বছৰ ধৰি তাণ্ডৱ চলাই আহিছে। হেজাৰ হেজাৰ পৰিয়াল গৃহহীন হৈছে, বহু কৃষিভূমি, ঘৰ-বাৰী আৰু জনপথ নদীগৰ্ভত বিলীন হৈছে। কিন্তু স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা আজিও দৃশ্যমান নহ’ল বুলি স্থানীয় ৰাইজৰ অভিযোগ। এনে পৰিস্থিতিত চৰকাৰী উদ্যোগৰ ওপৰত আস্থা হেৰুৱাই এইবাৰ ৰাইজে নিজেই খহনীয়াৰ বিৰুদ্ধে সংগ্ৰাম আৰম্ভ কৰিছে।

যোৱা ২৯ ডিচেম্বৰত মালিৰ আলগাত “ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধ সমিতি” গঠন কৰি ৰাইজে দান-বৰঙণিৰ জৰিয়তে বল্ডাৰেৰে প্ৰথমটো স্পাৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে। প্ৰায় এক কোটি টকাৰ ব্যয়েৰে স্পাৰখন এতিয়া সম্পূৰ্ণতাৰ দিশে আগবাঢ়িছে। মালিৰ আলগাৰ এই উদ্যোগে উজনীৰ সুখচৰ, ফাত্তাপাৰা, ফকিৰপাৰা, মান্দাৰপাৰা, হাজিৰহাট আৰু গোটাবাৰী অঞ্চলৰ ৰাইজকো একে ধৰণৰ পদক্ষেপ ল’বলৈ উৎসাহিত কৰিছে।

পৰৱৰ্তী সময়ত ফাত্তাপাৰা আৰু ফকিৰপাৰাতো ৰাইজে বল্ডাৰৰ স্পাৰ নিৰ্মাণ আৰম্ভ কৰে। আজি ভূতিয়াডাঙা-মান্দাৰপাৰাত মলাখোৱা, সুখচৰ, গোটাবাৰী-খোপাতী আৰু হাজিৰহাট গাঁও পঞ্চায়তৰ ৰাইজ একত্ৰিত হৈ আন এটা স্পাৰৰ কাম আৰম্ভ কৰিছে। বৰ্তমান শুকান ব্ৰহ্মপুত্ৰ বালিৰ চৰৰ দৰে হৈ থাকিলেও আগন্তক বাৰিষাত পানী বৃদ্ধি পোৱাৰ লগে লগে পুনৰ খহনীয়াৰ ভয়ংকৰ ৰূপ দেখা দিয়াৰ আশংকা কৰা হৈছে। সেই কাৰণেই ৰাইজে আগতীয়াকৈ বালিৰ তলিত বল্ডাৰ পেলাই শক্তিশালী স্পাৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে।

প্ৰতিটো স্পাৰ নিৰ্মাণত প্ৰায় দুই কোটি টকা ব্যয় হ’ব বুলি ধাৰণা কৰা হৈছে। এনে বৃহৎ ধন সংগ্ৰহৰ বাবে ৰাইজে ঘৰেঘৰে গৈ দান-বৰঙণি সংগ্ৰহ কৰিছে। কৃষক, ক্ষুদ্ৰ ব্যৱসায়ী, দিনমজুৰি কৰা লোক—সকলোয়ে নিজৰ সামৰ্থ্য অনুসৰি অৰিহণা আগবঢ়াইছে। গাঁও, জিলা আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সুৰক্ষা আৰু নিৰাপত্তাৰ স্বাৰ্থত সাধাৰণ মানুহে নিজাববীয়াকৈ এই বৃহৎ দায়িত্ব গ্ৰহণ কৰা ঘটনাই জিলাজুৰি ব্যাপক সঁহাৰি লাভ কৰিছে।

বিশেষকৈ মালিৰ আলগাৰ খহনীয়াই জিলাৰ সদৰ হাটশিঙিমাৰীৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছিল। সদৰত জিলা আয়ুক্তৰ কাৰ্যালয়, জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়সহ প্ৰায় সকলো গুৰুত্বপূৰ্ণ বিভাগৰ জিলা কাৰ্যালয় অৱস্থিত। যদি খহনীয়া আগবাঢ়ি যায়, তেন্তে সদৰ অঞ্চল বিপদত পৰাৰ সম্ভাৱনা উলাই কৰিব নোৱাৰি বুলি স্থানীয় লোকে মত প্ৰকাশ কৰিছে। ইফালে সীমান্তৱৰ্তী কোকৰাডাঙা আৰু কালাইৰ আলগাতো ভাবুকি বৃদ্ধি পোৱাৰ আশংকা দেখা গৈছে।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, জলসম্পদ বিভাগে অধিকাংশ ক্ষেত্ৰত জিঅ’ বেগ ব্যৱহাৰ কৰি অস্থায়ী প্ৰতিৰোধৰ কাম কৰে। বাৰিষাত জিঅ’ বেগ উটি যোৱাৰ ফলত পুনৰ একে সমস্যাৰ সৃষ্টি হয়। ৰাইজৰ দাবী, বল্ডাৰৰ স্পাৰেই স্থায়ীভাৱে খহনীয়া নিয়ন্ত্ৰণ কৰিব পাৰে। ধুবুৰী চহৰত একেধৰণৰ বল্ডাৰৰ স্পাৰৰ জৰিয়তে খহনীয়া নিয়ন্ত্ৰণ কৰাৰ উদাহৰণ দাঙি ধৰি ৰাইজে এই পদ্ধতি গ্ৰহণ কৰিছে।

কালাইৰ আলগাতো অনুৰূপ ব্যৱস্থা গ্ৰহণৰ বাবে কানাইমাৰা গাঁও পঞ্চায়তত কেইবাখনো সভা অনুষ্ঠিত হৈছে। সীমান্ত সুৰক্ষা আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্ত সংযোগী পথ ৰক্ষাৰ স্বাৰ্থতো এই পদক্ষেপ গুৰুত্বপূৰ্ণ বুলি স্থানীয় লোকে মত প্ৰকাশ কৰিছে।

ৰাইজে লগতে আহ্বান জনাইছে যে, জিলা প্ৰশাসনে এমজিএনৰেগা বা আন চৰকাৰী আঁচনিৰ জৰিয়তে এই কামত সহযোগিতা আগবঢ়াব লাগে। বিধায়ক আৰু সাংসদ পুঁজিৰ পৰাও সহায় আগবঢ়ালে কাম অধিক গতিশীল হ’ব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে। তেওঁলোকৰ মতে, ৰাইজে আৰম্ভ কৰা এই পদক্ষেপক চৰকাৰে সমৰ্থন জনালে জিলাখন স্থায়ীভাৱে সুৰক্ষিত হ’ব পাৰে।

বৰলুইতৰ খহনীয়াৰ বিৰুদ্ধে মানকাচৰত ৰাইজে আৰম্ভ কৰা এই স্বতঃস্ফূৰ্ত সংগ্ৰাম এতিয়া এক বৃহৎ গণআন্দোলনৰ ৰূপ লৈছে। নিজৰ ভিটামাটি, সদৰ আৰু সীমান্ত সুৰক্ষাৰ স্বাৰ্থত একত্ৰিত হোৱা এই উদ্যোগে স্পষ্ট কৰি দিছে—প্ৰয়োজন হ’লে ৰাইজ নিজেই আগবাঢ়ি আহে। এতিয়া সকলোৰে দৃষ্টি আগন্তক বাৰিষালৈ। ৰাইজৰ আশা, এই বল্ডাৰৰ স্পাৰসমূহে খহনীয়াৰ তাণ্ডৱ ৰোধ কৰি জিলাখনৰ ভৱিষ্যৎ সুৰক্ষিত কৰিব।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments