Thursday, January 22, 2026
Google search engine
গৃহবিশেষ প্ৰতিবেদনমানকাচৰত প্ৰথম বাৰৰ বাবে ছিয়া ছীডৰ খেতি ! কৃষকৰ বাবে নতুনক আশাৰ...

মানকাচৰত প্ৰথম বাৰৰ বাবে ছিয়া ছীডৰ খেতি ! কৃষকৰ বাবে নতুনক আশাৰ বতৰা

ডিজিটেল ডেক্স, হাটশিঙিমাৰী, ১৭ জানুৱাৰীঃ দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ কৃষিক্ষেত্ৰত এক নতুন দিশৰ সূচনা ঘটিছে। বছৰ বছৰ ধৰি পৰম্পৰাগত সৰিয়হ খেতিৰ ওপৰতেই নিৰ্ভৰশীল কৃষক সমাজে এইবাৰ এক নতুন বিকল্পৰ সন্ধান পাইছে ছিয়া ছিড (Sea Seeds) খেতিৰ জৰিয়তে। হাটশিঙিমাৰী ফাৰ্মাৰ প্ৰডুচাৰ কোম্পানী, চমুকৈ এফ পি চিৰ উদ্যোগত মানকাচৰত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা এই ছিয়া ছিড খেতিয়ে ইতিমধ্যে সফলতাৰ দিশে আগবাঢ়ি কৃষক সমাজৰ মাজত আশাৰ নতুন বতৰা কঢ়িয়াই আনিছে।

উল্লেখযোগ্য যে, যি সময়ছোৱাত সাধাৰণতে কৃষকে সৰিয়হ খেতিত মনোনিবেশ কৰে, ঠিক সেই সময়তেই এই ছিয়া ছিড খেতি কৰা হয়। খেতিৰ সময়ছোৱা, মাটিৰ ব্যৱহাৰ আৰু কৃষি-পদ্ধতি প্ৰায় সৰিয়হ খেতিৰ দৰেই হোৱাত কৃষকৰ বাবে এই নতুন খেতিত অভ্যস্ত হোৱাটো সহজ হৈ পৰিছে। বিশেষজ্ঞসকলৰ মতে, এই খেতিৰ বাবে অতিৰিক্ত প্ৰযুক্তিগত জ্ঞান বা জটিল ব্যৱস্থাৰ প্ৰয়োজন নপৰে, যাৰ ফলত সৰু আৰু সীমিত ভূমিৰ কৃষকো এই খেতিৰ সৈতে সহজেই জড়িত হ’ব পাৰে।

এফ পি চিৰ তৰফৰ পৰা জানিব পৰা মতে, এক বিঘা মাটিত ছিয়া ছিড খেতি কৰিবলৈ প্ৰায় ৪ হাজাৰ পৰা ৫ হাজাৰ টকা পৰ্যন্ত ব্যয় হয়। কিন্তু উৎপাদিত ছিয়া ছিডৰ বজাৰ মূল্য সৰিয়হতকৈ বহু বেছি হোৱাৰ সম্ভাৱনা থকাৰ বাবে কৃষকে অন্ততঃ দুগুণ লাভ লাভ কৰিব পাৰে বুলি আশা কৰা হৈছে। কম খৰচে অধিক লাভৰ এই সমীকৰণে অঞ্চলটোৰ কৃষকসকলক যথেষ্ট উৎসাহিত কৰিছে।

সাধাৰণতে কৃষকক আটাইতকৈ বেছি চিন্তিত কৰি তোলে বজাৰ ব্যৱস্থা। কিন্তু এই ক্ষেত্ৰতো ছিয়া ছিড খেতিয়ে কৃষকক এক নতুন নিশ্চয়তা প্ৰদান কৰিছে। কৃষকৰ পথাৰত উৎপাদিত সম্পূৰ্ণ ছিয়া ছিড হাটশিঙিমাৰী ফাৰ্মাৰ প্ৰডুচাৰ কোম্পানীয়ে নিজেই ক্ৰয় কৰিব বুলি আগবঢ়োৱা আশ্বাসে বজাৰ অভাৱৰ ভয় সম্পূৰ্ণৰূপে দূৰ কৰিছে। ফলত মধ্যস্বত্বভোগীৰ ওপৰত নিৰ্ভৰশীলতা নাথাকি কৃষকে নিজ খেতিৰ উপযুক্ত মূল্য লাভ কৰাৰ পথ সুগম হৈছে।

একেটা মাটিত, একেটা সময়ছোৱাত, প্ৰায় একেধৰণৰ পৰিশ্ৰমে সৰিয়হৰ তুলনাত অধিক লাভ পাব পাৰিলে কৃষকৰ আৰ্থিক অৱস্থা সুদৃঢ় হোৱাটো নিশ্চিত। এই নতুন পদক্ষেপে আগন্তুক দিনত মানকাচৰৰ লগতে সমগ্ৰ দক্ষিণ শালমাৰা–মানকাচৰ জিলাত কৃষিক্ষেত্ৰত এক ইতিবাচক পৰিবৰ্তন আনিব বুলি আশা কৰা হৈছে।

নতুন চিন্তা, নতুন খেতি আৰু নিশ্চিত বজাৰৰ সৈতে ছিয়া ছিড খেতিয়ে মানকাচৰৰ কৃষকৰ বাবে কেৱল এটা বিকল্প নহয়, বৰঞ্চ এক নতুন সম্ভাৱনাৰ পথ মুকলি কৰিছে। পৰম্পৰাগত খেতিৰ সৈতে আধুনিক আৰু লাভজনক কৃষি ব্যৱস্থাৰ সংযোগে গ্ৰাম্য অৰ্থনীতিক অধিক শক্তিশালী কৰাৰ দিশত এই উদ্যোগ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব বুলি কৃষি বিশেষজ্ঞ আৰু স্থানীয় ৰাইজ আশাবাদী।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments