ডিজিটেল ডেক্স, হাটশিঙিমাৰী, ২০ জানুৱাৰীঃ হাটশিঙিমাৰীৰ খাৰুৱাবান্ধা আৰক্ষী চকীত আজি জুবিন গাৰ্গ ফেনছ ক্লাবৰ দক্ষিণ শালমাৰা–মানকাচৰ জিলা সমিতিৰ তৰফৰ পৰা বিতৰ্কিত লেখিকা শিখা শৰ্মাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হয়।
এজাহাৰত উল্লেখ কৰা মতে, সামাজিক মাধ্যমত শিখা শৰ্মাই অসমৰ গৌৰৱ তথা জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক লক্ষ্য কৰি অশালীন, অপমানজনক আৰু ভিত্তিহীন মন্তব্য প্ৰকাশ কৰিছে। এনে মন্তব্যই শিল্পীগৰাকীৰ ব্যক্তিগত সন্মান ক্ষুণ্ণ কৰাৰ লগতে অসমৰ জনসাধাৰণৰ অনুভূতিত আঘাত হানিছে বুলি ফেনছ ক্লাবৰ তৰফৰ পৰা অভিযোগ উত্থাপন কৰা হৈছে।
ফেনছ ক্লাবে লগতে অভিযোগ কৰে যে, সামাজিক মাধ্যমত বিভ্ৰান্তিকৰ আৰু অসংযত ভাষা ব্যৱহাৰ কৰি জুবিন গাৰ্গক সমাজৰ আগত হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা কৰা হৈছে। এইধৰণৰ মন্তব্যই সমাজত ভুল বাৰ্তা প্ৰচাৰ কৰাৰ লগতে অসমৰ সাংস্কৃতিক পৰিৱেশ বিঘ্নিত কৰাৰ আশংকা সৃষ্টি কৰিছে বুলি এজাহাৰত উল্লেখ কৰা হৈছে।
ইফালে, জুবিন গাৰ্গ ফেনছ ক্লাবৰ দক্ষিণ শালমাৰা–মানকাচৰ জিলা সমিতিয়ে বিষয়টোৰ গভীৰ তদন্ত কৰি দোষীৰ বিৰুদ্ধে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক দাবী জনাইছে।




