ডিজিটেল ডেক্স, হাটশিঙিমাৰী, ২০ জানুৱাৰীঃ দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ ফুলেৰচৰ দ্বিতীয়খণ্ড গাঁৱত এগৰাকী বোৱাৰীক যৌতুকৰ বাবে নিৰ্যাতন কৰি হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগত আৰক্ষীয়ে স্বামীসহ শাহু আৰু শহুৰেকক গ্ৰেপ্তাৰ কৰিছে।
উল্লেখযোগ্য যে, খাৰুৱাবান্ধা আৰক্ষী চকী এলেকাৰ অধীনস্থ ফুলেৰচৰ দ্বিতীয়খণ্ড গাঁৱৰ শালু সেখৰ পুত্ৰ আমিৰুল সেখৰ পত্নী ৰেশিগিনা বেগম (২১)ৰ মৃতদেহ কালি পুৱতি নিশা স্বামীৰ ঘৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয়। প্ৰায় ছয় বছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হোৱা দম্পতীৰ মাজত দীৰ্ঘদিন ধৰি যৌতুকক লৈ অশান্তি চলি আছিল বুলি মৃত মহিলাগৰাকীৰ পৰিয়ালে অভিযোগ তুলিছে।
দুই সন্তানৰ মাতৃ ৰেশিগিনা বেগম তিনিমাহৰ অন্তঃসত্ত্বা আছিল বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি, যোৱা ১০ দিন পূৰ্বেও ৰেশিগিনাই পিতৃগৃহৰ পৰা ১০ হাজাৰ টকা আনি স্বামী আমিৰুলক দিছিল। কালি নিশা ওচৰৰ এখন মেলালৈ গৈ জুৱা খেলি সৰ্বহাৰা হৈ ঘৰলৈ উভতি আহি আমিৰুলে পত্নীক মাৰপিট কৰে আৰু পৰিয়ালৰ সহযোগত হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰে বুলি মৃতাৰ পৰিয়ালে অভিযোগ আনিছে।
ৰেশিগিনাই আত্মহত্যা কৰা বুলি স্বামীৰ পৰিয়ালে পিতৃগৃহত খবৰ দিয়াত পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হয় আৰু তৎক্ষণাৎ খাৰুৱাবান্ধা আৰক্ষী চকীত অৱগত কৰে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৰনোত্তৰ পৰীক্ষা সম্পন্ন কৰে।
ঘটনাটোক লৈ আৰক্ষীয়ে দক্ষিণ শালমাৰা থানাত BNS-ৰ ধাৰা 61(2)/80(2)/3(5) আৰু POCSO আইনৰ ধাৰা 6, লগতে Dowry Prohibition Act-ৰ ধাৰা 4ৰ অধীনত গোচৰ নম্বৰ 12/26 পঞ্জীয়ন কৰি স্বামী আমিৰুল সেখ (২৫), শহুৰেক শালু সেখ (৫০) আৰু শাহু আমিনা খাতুনক (৪৫) গ্ৰেপ্তাৰ কৰে।
আজি তিনিওজনকে হাটশিঙিমাৰী জিলা সত্ৰ আৰু ন্যায়াধীশ আদালতত হাজিৰ কৰাত আদালতে শাহু আৰু শশুৰেকক ধুবুৰী জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ লগতে ঘটনাৰ অধিক তদন্তৰ বাবে স্বামী আমিৰুলক তিনিদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে।
উল্লেখযোগ্য যে, যৌতুকৰ দাবীত পত্নীক নিৰ্যাতন কৰি হত্যা কৰাৰ পাছত ঘটনাটো আত্মহত্যা বুলি দেখুৱাবলৈ চেষ্টা চলোৱা হৈছিল বুলি মৃত ৰেশিগিনাৰ পৰিয়ালে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। মৰনোত্তৰ প্ৰতিবেদন আৰু আৰক্ষীৰ তদন্তৰ পাচত হত্যা নে আত্মহত্যা তাৰ নিশ্চিত তথ্য পোহৰলৈ আহিব। লক্ষণীয় যে, ৰেশিগিনাৰ ১৫ বছৰ বয়সত আমিৰুলে তাইক বিবাহ কৰাইছিল বুলি আৰক্ষী সুত্ৰে জানিব পৰা গৈছে।




