Wednesday, January 21, 2026
Google search engine
গৃহস্থানীয়মানকাচৰৰ ঝালৰচৰ BSF কেম্পত নাগৰিক সভা । ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় লোকক খেল...

মানকাচৰৰ ঝালৰচৰ BSF কেম্পত নাগৰিক সভা । ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় লোকক খেল সামগ্ৰী বিতৰণ

ডিজিটেল ডেক্স, মানকাচৰ, ২০ জানুৱাৰীঃ মানকাচৰৰ ঝালৰচৰস্থিত ১৮৩ নং বেটেলিয়ান সীমান্ত সুৰক্ষা বাহিনী (BSF) কেম্পত কালি এখন নাগৰিক সভা অনুষ্ঠিত হয়। এই নাগৰিক সভাত সীমান্তবৰ্তী এলেকাৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় লোকসকলৰ বাবে বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী আৰু খেল সামগ্ৰী বিতৰণ কৰা হয়।

কাৰ্যসূচীৰ অংশ হিচাপে কেম্প প্ৰাংগণত ২৫০ লিটাৰ প্ৰতিঘণ্টা ক্ষমতাৰ RO পানী পৰিশোধন যন্ত্ৰ, উলৰ কম্বল, ছোৱালীৰ বাবে ট্ৰেকছুটৰ লগতে ভলীবল, ফুটবল, ক্রিকেট বেট, টেনিছ বল, ভলীবল জাল আৰু ফুটবল গ’লপোষ্টৰ জাল আদি সামগ্ৰী বিতৰণ কৰা হয়। এই সামগ্ৰীসমূহে সীমান্তৱৰ্তী এলেকাৰ ছাত্ৰ-ছাত্ৰীসকলৰ ক্ৰীড়া চর্চাৰ লগতে দৈনন্দিন প্ৰয়োজন পূৰণত সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।

এই বিতৰণ কাৰ্যসূচীত ১৮৩ নং বেটেলিয়ান BSFৰ কমাণ্ডেণ্ট প্ৰেম পাল সিং উপস্থিত থাকি নিজ হাতে সামগ্ৰীসমূহ বিতৰণ কৰে। ভাষণত তেওঁ কয় যে, সীমান্তৱৰ্তী এলেকাৰ ৰাইজৰ সৈতে বিশ্বাস আৰু সুসম্পৰ্ক গঢ়ি তোলাটো BSFৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব। সেই উদ্দেশ্যৰে নিয়মিতভাৱে নাগৰিক সভা আৰু এইধৰণৰ জনকল্যাণমূলক কাৰ্যসূচী আয়োজন কৰি অহা হৈছে বুলি তেওঁ উল্লেখ কৰে।

কমাণ্ডেণ্ট প্ৰেম পাল সিঙে লগতে কয় যে, স্থানীয় লোকৰ সহযোগ অবিহনে সীমান্তত অপৰাধ নিয়ন্ত্ৰণ কৰাটো অতিকৈ কঠিন। নাগৰিক সভাৰ জৰিয়তে ৰাইজৰ সৈতে সম্পৰ্ক দৃঢ় হ’লে সীমান্ত এলেকাত সংঘটিত বিভিন্ন অপৰাধ নিয়ন্ত্ৰণ কৰাটো অধিক সহজ হয় বুলিও তেওঁ মত প্ৰকাশ কৰে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments