Thursday, January 22, 2026
Google search engine
গৃহস্থানীয়দক্ষিণ শালমাৰা–মানকাচৰত বৃহৎ পৰিসৰৰ কুষ্ঠ ৰোগ চিনাক্তকৰণ অভিযান । ৪.৩১ লাখ লোক...

দক্ষিণ শালমাৰা–মানকাচৰত বৃহৎ পৰিসৰৰ কুষ্ঠ ৰোগ চিনাক্তকৰণ অভিযান । ৪.৩১ লাখ লোক পৰীক্ষা, ২টা নতুন কুষ্ঠ ৰোগীৰ চিনাক্ত

ডিজিটেল ডেক্স, হাটশিঙিমাৰী, ২০ জানুৱাৰীঃ– দেশৰ পৰা কুষ্ঠ ৰোগ সম্পূৰ্ণৰূপে নিৰাময় কৰাৰ লক্ষ্যৰে চলোৱা চৰকাৰী পদক্ষেপৰ অংশ হিচাপে দক্ষিণ শালমাৰা–মানকাচৰ জিলাত ২০২৫–২৬ বৰ্ষৰ বাবে বৃহৎ পৰিসৰৰ কুষ্ঠ ৰোগ চিনাক্তকৰণ অভিযান (LCDC) সফলভাৱে সম্পন্ন হৈছে। জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত ঘৰে ঘৰে গৈ চলোৱা এই অভিযানত ৪.৩১ লাখতকৈ অধিক লোকক পৰীক্ষা কৰা হয় আৰু দুজন নতুন কুষ্ঠ ৰোগী চিনাক্ত কৰা হয়।

প্ৰাপ্ত তথ্য অনুসৰি, যোৱা ১৫ ডিচেম্বৰ ২০২৫ৰ পৰা ২৮ ডিচেম্বৰ ২০২৫লৈ দক্ষিণ শালমাৰা BPHC (খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ) এলেকাত আৰু ৫ জানুৱাৰী ২০২৬ৰ পৰা ১৮ জানুৱাৰী ২০২৬লৈ গাজৰীকান্দি BPHC এলেকাত এই অভিযান চলোৱা হয়। অভিযান সফলভাৱে সম্পন্ন কৰিবলৈ জিলাখনত মুঠ ৩৯৪টা অভিযানকাৰী দল নিয়োজিত কৰা হয় আৰু ৭৯জন তদাৰকী বিষয়াৰ দ্বাৰা সমগ্ৰ অভিযানটো তদাৰক কৰা হয়।

জিলাখনৰ মুঠ ৭২,৫৪৫টা পৰিয়ালৰ ,১৫,৪৭৬ জন লোকৰ ভিতৰত ,৩১,২১৭ জন লোকক কুষ্ঠ ৰোগৰ পৰীক্ষা সম্পন্ন কৰা হৈছে। ইয়াৰ ফলত জিলাখনত প্ৰায় ৮৩.৬৫ শতাংশ লোকক এই ৰোগৰ পৰীক্ষাৰ আওতালৈ অনা সম্ভৱ হৈছে। উল্লেখযোগ্য যে, অভিযানকাৰী দলসমূহে প্ৰতিটো গাঁও আৰু প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে গৈ প্ৰতিজন লোকৰ স্বাস্থ্য পৰীক্ষা কৰি কুষ্ঠ ৰোগৰ কোনো লক্ষণ আছে নে নাই সেয়া পৰীক্ষা কৰে।

এই অভিযানত দক্ষিণ শালমাৰা BPHC এলেকাত এগৰাকী শিশু কন্যা আৰু গাজৰীকান্দি BPHC এলেকাত এগৰাকী প্ৰাপ্তবয়স্ক পুৰুষ কুষ্ঠ ৰোগী চিনাক্ত কৰা হৈছে। স্বাস্থ্য বিভাগৰ মতে, এই দুয়োটা ৰোগী PB (Paucibacillary) ধৰণৰ আৰু সময়মতে চিনাক্ত হোৱাৰ ফলত তৎক্ষণাৎ চিকিৎসা আৰম্ভ কৰা হৈছে।

ইফালে, অভিযানকালত জিলাখনত মুঠ ৩৭টা সন্দেহজনক কুষ্ঠ ৰোগী ধৰা পৰিছে। তাৰ ভিতৰত দক্ষিণ শালমাৰা BPHC এলেকাত ৭টা আৰু গাজৰীকান্দি BPHC এলেকাত ৩০টা সন্দেহজনক ৰোগী চিনাক্ত কৰা হৈছে।

উল্লেখযোগ্য যে, এই অভিযান আৰম্ভ হোৱাৰ পূৰ্বেও দক্ষিণ শালমাৰা–মানকাচৰ জিলাত মুঠ ৭জন কুষ্ঠ ৰোগী চিকিৎসাধীন অৱস্থাত আছিল। ইয়াৰ ভিতৰত ৫জন MB (Multibacillary) আৰু ২জন PB ধৰণৰ ৰোগী বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে।

জিলা স্বাস্থ্য বিভাগে জানিব দিয়া মতে, দেশৰ পৰা কুষ্ঠ ৰোগ সম্পূৰ্ণৰূপে নিৰাময় কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ উদ্যোগত প্ৰতি বছৰে এইধৰণৰ কুষ্ঠ ৰোগ চিনাক্তকৰণ অভিযান চলাই অহা হৈছে। এই অভিযানৰ মূল উদ্দেশ্য হৈছে ৰোগটোক প্ৰাৰম্ভিক অৱস্থাতেই চিনাক্ত কৰি সময়মতে চিকিৎসা আৰম্ভ কৰা।

স্বাস্থ্য বিভাগে স্পষ্ট কৰি কয় যে, অভিযানত চিনাক্ত হোৱা সকলো কুষ্ঠ ৰোগীক চৰকাৰীভাৱে বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা, ঔষধ আৰু সম্পূৰ্ণ চিকিৎসা সেৱা প্ৰদান কৰা হয়। সময়মতে চিকিৎসা আৰম্ভ কৰিলে কুষ্ঠ ৰোগ সম্পূৰ্ণৰূপে নিৰাময়যোগ্য বুলি বিভাগে উল্লেখ কৰে।

সেয়ে কোনো লোকৰ শৰীৰত কুষ্ঠ ৰোগৰ সন্দেহজনক লক্ষণ দেখা দিলে সংকোচ নকৰাকৈ তৎক্ষণাৎ নিকটৱৰ্তী স্বাস্থ্য কেন্দ্ৰ বা চিকিৎসা বিষয়াৰ সৈতে যোগাযোগ কৰিবলৈ জিলা স্বাস্থ্য বিভাগে ৰাইজক আহ্বান জনাইছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments