Thursday, January 22, 2026
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰীত ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰস্তুতি

হাটশিঙিমাৰীত ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰস্তুতি

ডিজিটেল ডেক্স, হাটশিঙিমাৰী, ২০ জানুৱাৰীঃ দক্ষিণ শালমাৰা–মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত হাটশিঙিমাৰী মহাবিদ্যালয়ৰ খেলপথাৰত এইবাৰ জিলা খনত কেন্দ্ৰীয় ভাৱে ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হ’ব। এই উপলক্ষে জিলা প্ৰশাসনে ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে।

গণৰাজ্য দিৱসৰ প্ৰস্তুতিৰ অংশ হিচাপে যোৱা ১৮ জানুৱাৰীৰ পৰা হাটশিঙিমাৰী মহাবিদ্যালয় খেলপথাৰত নিয়মিতভাৱে প্ৰেড অনুশীলন চলি আছে। এই অনুশীলনত অসম আৰক্ষী, বেটেলিয়ান, গৃহৰক্ষী জোৱান আৰু এন চি চি কেডেটৰ লগতে বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ লৈছে। পুৱা আৰু গধূলি দুয়ো সময়তে প্ৰেড অনুশীলন চলোৱা হৈছে। শৃংখলা আৰু একাগ্ৰতাৰ সৈতে প্ৰেড দলসমূহে অনুশীলন চলাই থকা দেখা গৈছে।

বাংলাদেশ সীমান্তৱৰ্তী দক্ষিণ শালমাৰা–মানকাচৰ জিলা খনত প্ৰতি বছৰে উলহ-মালহেৰে গণৰাজ্য দিৱস উদযাপন কৰা হয়। এইবাৰো শৃংখলাবদ্ধ আৰু সুশৃঙ্খল ভাৱে গণৰাজ্য দিৱস উদযাপন কৰিবলৈ জিলা প্ৰশাসনে সকলো ধৰণৰ প্ৰস্তুতি চলাই আছে।

ইফালে, গণৰাজ্য দিৱস উপলক্ষে জিলা খনত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে। জিলাখনৰ এফালে ভাৰত–বাংলাদেশ আন্তৰাষ্ট্ৰীয় সীমান্ত আৰু আনফালে অসম–মেঘালয় আন্তৰাজ্যিক সীমান্ত থকাৰ বাবে নিৰাপত্তাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।

গণৰাজ্য দিৱসত যাতে কোনো ধৰণৰ অপ্ৰতিকৰ ঘটনা সংঘটিত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে জিলা খনৰ বিভিন্ন স্থানত নাকা চেকিং আৰম্ভ কৰিছে। জিলাখনত বাহিৰৰ পৰা প্ৰৱেশ কৰা প্ৰতিখন বাহনত আৰক্ষীয়ে ঠায়ে ঠায়ে তালাচী চলাই আছে। মেঘালয়ৰ লগতে আন আন এলেকাৰ পৰা অহা বাহনসমূহো কঠোৰভাৱে পৰীক্ষা কৰা হৈছে।

ইয়াৰ উপৰিও, বহিঃৰাষ্ট্ৰৰ পৰা যাতে কোনো দুষ্কৃতিকাৰী ভাৰতলৈ প্ৰৱেশ কৰিব নোৱাৰে, তাৰ বাবে ভাৰত–বাংলাদেশ আন্তৰাষ্ট্ৰীয় সীমান্তত বিএছএফে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। জিলাখনত থকা চৰ এলেকা আৰু উন্মুক্ত নদীপথসমূহত বিশেষ নজৰদাৰী বৃদ্ধি কৰা হৈছে।

মুঠৰ ওপৰত, কটকটীয়া নিৰাপত্তাৰ মাজত শান্তিপূৰ্ণ আৰু সুশৃঙ্খল ভাৱে ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে সকলো প্ৰকাৰৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ব্যাপক তৎপৰতা চলাই থকা পৰিলক্ষিত হৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments