ডিজিটেল সেৱা, মানকাচৰ, ১৭ জানুৱাৰীঃ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ ৰাজাবালা অঞ্চলত সংঘটিত আচিক (ACHIK) সংগঠনৰ সদস্য ডিলচেং এম. চাংমা হত্যাকাণ্ডৰ গোচৰত মেঘালয় আৰক্ষীয়ে আৰু দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। এই লৈ এই গোচৰত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা ৮ জনলৈ বৃদ্ধি পালে।
মেঘালয় আৰক্ষী সুত্ৰে জানিব দিয়া মতে, বৃহস্পতিবাৰে নিশা অসমৰ দক্ষিণ শালমাৰা জিলাৰ মানকাচৰ থানা এলেকাৰ অধীনস্থ দিয়াৰা অঞ্চলৰ পৰা অভিযুক্ত দুজনক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা অভিযুক্ত দুজন হৈছে মোজাহিদুৰ মোমিন (২২) আৰু মোফিদুৰ হুছেইন (২২)। মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ তুৰা আৰক্ষী অধীক্ষকে এই গ্ৰেপ্তাৰৰ তথ্য নিশ্চিত কৰিছে।
ইয়াৰ পূৰ্বে এই গোচৰত গ্ৰেপ্তাৰ কৰা আন ছয়জন অভিযুক্ত হৈছে ৰফিকুল ইছলাম (৪৭), আনাৰুল ইছলাম (৩০), আতোৱাৰ ইছলাম (৪০), আৰিফুল ইছলাম (৩০), বাহাদুৰ শ্বেখ (২১) আৰু মোজিদুৰ হুছেইন (২২)।
উল্লেখযোগ্য যে, ৯ জানুৱাৰী দিনৰ প্ৰায় ২ বজাত ৰাজাবালা থানাৰ অধীনস্থ গ’লগাঁও অঞ্চলত অবৈধ শিল খনন কাৰ্য পৰিদৰ্শন কৰিবলৈ গৈছিল ডিলচেং চাংমা। সেই সময়তে কিছুমান লোকে তেওঁক আক্ৰমণ কৰে আৰু ঘটনাস্থলীতে তেওঁৰ মৃত্যু হয়। আৰক্ষীয়ে জনাইছে যে, এই গোচৰৰ সৈতে জড়িত খনন ইউনিটৰ এজন মালিক এতিয়াও পলাতক অৱস্থাত আছে। তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান চলি আছে। গোচৰৰ তদন্ত অব্যাহত আছে আৰু আগন্তুক দিনত আৰু গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে।
ইফালে, মুখ্যমন্ত্ৰী কনৰাড কে. চাংমাই এই হত্যাকাণ্ডৰ ঘটনাত জড়িত সকলোকে কঠোৰ শাস্তি দিয়াৰ আশ্বাস দিছে।




