Friday, September 13, 2024
Google search engine
গৃহবিশেষ প্ৰতিবেদনমানকাচৰত বানত বিধস্ত লোকনিৰ্মাণ বিভাগৰ ১৭ টা পথ

মানকাচৰত বানত বিধস্ত লোকনিৰ্মাণ বিভাগৰ ১৭ টা পথ

ডিজিটেল সংবাদ, মানকাচৰঃ- এটা বা দুটা নহয়, শেহতীয়াকৈ হোৱা আহাৰমহীয়া বানে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ বিধানসভা সমষ্টি এলেকাত ১৭ টাকৈ লোক নিৰ্মাণ বিভাগৰ পথ বিধস্ত কৰে। লগতে দিয়াৰা-সাদুল্ল্যাবাৰী সংযোগী পথটো ছিঙি নিয়াত জিলাখনৰ বিশেষকৈ পূৰ্বাঞ্চলত সাধাৰণ জনতা যাতায়তত দুৰ্ভোগ ভুগিবলগীয়া হৈছে।

উল্লেখযোগ্য যে, এফালে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে মানকাচৰৰ বিভিন্ন এলেকাত বাট-পথ সমূহ সম্পূৰ্ণৰূপে বিধস্ত কৰি পেলাইছে। আনফালে ধাৰাষাৰ বৰষুণ আৰু মেঘালয়ৰ গাৰো পাহাৰৰ পানীৰ ধলে লোক নিৰ্মাণ বিভাগৰ কেবাটাও পথ ভাঙি-ছিঙি নষ্ট কৰাৰ ফলত বিশেষকৈ জিলাখনৰ পূৰ্বাঞ্চলত হাহাকাৰৰ সৃষ্টি কৰিছে।

এইবাৰ বানে লোক নিৰ্মাণ বিভাগৰ মুঠ ১৭টাকৈ পথ নষ্ট কৰিছে। বিশেষকৈ হাটশিঙিমাৰী-মানকাচৰ এইচ-এম পথৰ পৰা দিয়াৰা-সাদুল্ল্যাবাৰী সংযোগী লোক নিৰ্মাণ বিভাগৰ পথটোৰ কাজিপুৰ এলেকাত প্ৰায় ৫০ মিটাৰ পানীৰ ধলে ছিঙি পেলাইছে।

মেঘালয়ত প্ৰচুৰ বৰষুণ হোৱাৰ ফলত গাৰো পাহাৰৰ পৰা নামী অহা পানীৰ ধলে অকল্পনীয় ভাৱে দিয়াৰা-সাদুল্ল্যাবাৰী সংযোগী পথটোৰ কাজিপুৰত ছিঙি পেলায়। পথৰ কাষতে থকা তিনিটা পৰিয়ালৰ পাঁচটা চৰকাৰী আৱাস যোজনাৰ ঘৰও ধলৰ মাজত উটি যায়।

বৰ্তমান পৰিয়াল তিনিটা নিজৰ ঘৰ দুৱাৰ এৰি কোনোমতে অন্য লোকৰ ঘৰত বিগত প্ৰায় এমাহ ধৰি আশ্ৰয় লৈ আছে। চৰকাৰীভাৱে এই পৰিয়াল কেইটাক আজিলৈ কোনো আৰ্থিক সাহায্য দিয়া হোৱা নাই বুলি অভিযোগ পোৱা গৈছে।

একেদৰে পথটো ছিঙি যোৱাৰ ফলত কাজিপুৰৰ শ শ বিঘা কৃষি ভূমিত বালি পৰি কৃষি পথাৰ সম্পূৰ্ণৰূপে নষ্ট হৈ পৰিছে। ফলত অঞ্চলটোত কৃষিকাৰ্য কৰাটো অসম্ভব হৈ পৰিছে।

লক্ষণীয় যে, দিয়াৰ-সাদুল্ল্যাবাৰী সংযোগী লোক নিৰ্মাণ বিভাগৰ পথটো মানকাচৰৰ পূৰ্বাঞ্চল কালাপানী এলেকাৰ বাবে একমাত্ৰ পথ। পথটো ছিঙি যোৱাৰ ফলত বৰ্তমান কালাপানীৰ পৰা দিয়াৰাৰ যোগাযোগ বিচ্ছিন্ন হৈ আছে।

কালাপানী এলেকাৰ এই মূল পথটো ছিঙি যোৱাৰ আজি প্ৰায় ডেৰ মাহ সম্পূৰ্ণ হ’ল। বানত বিধস্ত ১৭ খন পথৰ ভিতৰত ১৬ খন পথৰ কথা বাদ দিলেও কালাপানী এলেকাৰ এই মুল পথটো ছিঙি যোৱাৰ ফলত জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা, মানকাচৰৰ বিধায়ক আমিনুল ইছলাম আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়া, মানকাচৰ ৰাজহ চক্ৰ বিষয়াও পৰিস্থিতিৰ বুজ লয়।

বিধায়ক আৰু আয়ুক্তগৰাকীয়ে সেই সময়ত ততকালীনভাৱে ৰাইজে ভৰিৰে চলাচল কৰিব পৰা পথৰ ব্যৱস্থা কৰিব বুলি সংবাদিকৰ কেমেৰাত মন্তব্য কৰিছিল। কিন্তু নাই, বিগত এমাহ উকলি যোৱাৰ পাচতো আজিলৈ এই পথটোত চলাচল কৰাৰ বাবে কোনো ব্যৱস্থা আজিলৈ কৰা নহ’ল।

স্থানীয় ৰাইজে দিয়াৰা-সাদুল্ল্যাবাৰী সংযোগী পথটো শীঘ্ৰে পুনৰ নিৰ্মাণ কৰিবলৈ দাবী উত্থাপন কৰিছে। লোক নিৰ্মাণ বিভাগ আৰু জিলা প্ৰশাসনে মানকাচৰৰ পূৰ্বাঞ্চলৰ এই দাবীৰ প্ৰতি কিদৰে সহাৰী দিয়ে সেয়া অনাগত দিনতহে লক্ষ্যণীয় হ’ব।

মন কৰিবলগীয়া বিষয় এয়া যে, কালাপানীৰ লগতে বিভিন্ন এলেকাত থকা আন ১৬ খন বান বিধস্ত পথ ততকালীনভাৱে মেৰামতি কৰি যাতায়তৰ বাবে পথকেইটা সুচল কৰিবলৈ দক্ষিণ শালমাৰা-মানকাচৰ জিলা আমছুৰ সাধাৰণ সম্পাদক ফিৰোজ আল ফাৰুক খন্দকাৰ আৰু মানকাচৰ জিলা বিজেপিৰ উপ সভাপতি মনিৰুজ্জামান মনিয়ে জিলা প্ৰশাসনক আহ্বান জনাইছে। ইফালে পূৰ্বাঞ্চলৰ কালো নদীৰ ওপৰতো এইবেলি বানৰ সময়ত মেঘালয়ৰ গাৰো পাহাৰৰ পানীৰ ধলে তিনিটাকৈ কাঠৰ দলং উটুৱাই নিছে।

সেই দলং কেইখন আজিও পুনৰ নিৰ্মাণৰ বাবে কোনো ব্যৱস্থা নকৰাত দুয়োপাৰৰ লোক এতিয়া বিপদজনক ভাৱে টুলুঙা নাও ব্যৱহাৰ কৰি যাতায়ত কৰিবলগীয়া হৈছে। গৰমৰ বন্ধৰ পাচত অহা ১ আগষ্টত বিদ্যালয় সমূহত পাঠদান আৰম্ভ হ’ব।

কণ কণ ছাত্ৰ-ছাত্ৰীসকলে বিপদজনকভাৱে টুলুঙা নাও ব্যৱহাৰ কৰি বিদ্যালয়লৈ অহা-যোৱা কৰিবলগীয়া হ’ব। জিলা প্ৰশাসনে ততকালীন ভাৱে কালো নদীৰ ওপৰত দলং তিনিখন পুনৰ নিৰ্মাণৰ বাবে ব্যৱস্থা গ্ৰহন কৰিবলৈ বৃহত্তৰ পূৰ্বাঞ্চলৰ জনাই দাবী কৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments