Saturday, September 14, 2024
Google search engine
গৃহস্থানীয়মানকাচৰত অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ অভিযান

মানকাচৰত অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ অভিযান

ডিজিটেল সেৱা, মানকাচৰঃ- হাটশিঙিমাৰী জিলা আয়ুক্তৰ ৰাহুল কুমাৰ গুপ্তাৰ এক নিৰ্দেশ মতে জিলা প্ৰশাসনৰ দল এটাই আজি পুৱাৰ ভাগত মানকাচৰৰ বিভিন্ন প্ৰান্তত অবৈধ ফাৰ্মাচিৰ বিৰুদ্ধে অভিযান চলাই চাৰিখনকৈ অবৈধ ফাৰ্মাচী বন্ধ কৰি তলা লগাই দিছে।

উল্লেখযোগ্য যে, দক্ষিণ শালমাৰা-মানকাচৰ জিলাত কাঠফুলাৰ দৰে শ শ অবৈধ ফাৰ্মাচী গঢ় লৈ উঠিছে। অধিকাংশ ফাৰ্মাচীত ফাৰ্মাচিষ্ট নোহোৱাকৈ ঔষধ বিক্ৰী কৰি অহাৰ লগতে একাংশ ফাৰ্মাচিৰ পঞ্জীয়নৰ সময়সীমা উকলি যোৱাৰ পাচতো এনে অবৈধ ফাৰ্মাচীত অবৈধ ভাৱে ঔষধৰ ব্যৱসায় চলাই যোৱাৰ অভিযোগ উত্থাপন হৈছে। জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই বিষয়টো গুৰুত্ব সহকাৰে লৈ এনে ফাৰ্মাচীৰ বিৰুদ্ধে অভিযান চলাবলৈ নিৰ্দেশনা প্ৰদান কৰাত ড্ৰাগছ ইনেছপেক্টৰ এফ ডি মাধুকাৰ নেতৃত্বত অভিযানকাৰী দল এটাই কালাপানী, বাঘাপাৰা আৰু মানকাচৰ এলেকাত অভিযান চলায়। লক্ষণীয় যে অভিযানকাৰী দলটো চলোৱা অভিযানৰ সময়ত অধিকাংশ ফাৰ্মাচী বন্ধ কৰি পলায়ন কৰা পৰিলক্ষিত হয়। বন্ধ কৰি পলায়ন কৰা এনে ফাৰ্মাচী সমূহৰো তালিকা প্ৰস্তুত কৰা হৈছে। লগতে যি সমূহ ফাৰ্মাচীত ফাৰ্মাচিষ্ট নোহোৱাকৈ ঔষধ বিক্ৰী কৰে তেনে ফাৰ্মাচীৰ বিৰুদ্ধে জিলা প্ৰশাসনে আইনগত ব্যৱস্থা কৰিব বুলি অভিযানকাৰী দলটোই জানিবলৈ দিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments