Saturday, September 14, 2024
Google search engine
গৃহস্থানীয়দক্ষিণ শালমাৰাত এমাহে শিক্ষক অবিহনে চলিছে চৰকাৰী বিদ্যালয় । শিক্ষকৰ দাবীত আন্দোলনৰ...

দক্ষিণ শালমাৰাত এমাহে শিক্ষক অবিহনে চলিছে চৰকাৰী বিদ্যালয় । শিক্ষকৰ দাবীত আন্দোলনৰ হুংকাৰ আমছুৰ

    ডিজিটেল সেৱা, দক্ষিণ শালমাৰাঃ- ৰাজ্য চৰকাৰে আজি প্ৰায় ২৪ হেজাৰ ঠিকাভিত্তিক শিক্ষকৰ পদ নিয়মীয়াকৰণ কৰাৰ বিপৰীতে দক্ষিণ শালমাৰাৰ এখন বিদ্যালয় বিগত এটা মাহ ধৰি শিক্ষক অবিহনে পাঠদান বন্ধ হৈ থকাত অৰ্ধ শতাধিক শিক্ষাৰ্থী শিক্ষাগ্ৰহনৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে।

    উল্লেখযোগ্য যে, ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা শিক্ষাখণ্ডৰ অধীনস্থ ৪০৪ নং ভাকুৱামাৰী শিয়ালমাৰী প্ৰথামিক বিদ্যালয়ত মুঠ ৪৭ জন শিক্ষাৰ্থী আছে। ফকিৰগঞ্জ এলেকাত থকা ভিতৰুৱা চৰাঞ্চালৰ একমাত্ৰ এই চৰকাৰী শিক্ষানুষ্ঠানখন বিগত বছৰ বছৰ ধৰি মাত্ৰ এজন শিক্ষকেৰে পাঠদান চলি আছিল। চৰাঞ্চলৰ এই শিক্ষানুষ্ঠানখনত বৰপেটাৰ এগৰাকী শিক্ষকে দীৰ্ঘদিনে পাঠদান দি আহিছিল। মাত্ৰ এজন শিক্ষক থকা এই বিদ্যালয়খনৰ শিক্ষক জন যোৱা ১ আগষ্ট তাৰিখে নিজৰ গৃহ জিলালৈ বদলি হৈ যায়। ফলত বিদ্যালয়খন শিক্ষকবিহীন হৈ পৰে। স্থানীয় ৰাইজ-পৰিচালনা সমিতিয়ে দুই-চাৰিদিনৰ বাবে স্থানীয় যুৱক এজনৰ দ্বাৰা বিদ্যালয়খনত শিক্ষাৰ্থী সকলক পাঠদানৰ ব্যৱস্থা কৰিছিল যদিও বৰ্তমান যুৱকজনও বিদ্যালয়খন নহা হৈ পৰাত শিক্ষক অবিহনে বিগত প্ৰায় এমাহে বিদ্যালয়খন চলি থকা পৰিলক্ষিত হৈছে। ছাত্ৰ-ছাত্ৰী সকলে শিক্ষক আহিব বুলি প্ৰতিদিনে পুৱা বিদ্যালয়খনত উপস্থিত হয় যদিও দূপৰীয়া ১২ বজালৈ কোনো শিক্ষক নহাত তেঁওলোক পুনৰ ঘৰলৈ উভতি যাবলগীয়া হৈছে। বিদ্যালয়খনৰ পূৰ্বৰ শিক্ষক জনক বদলিকৰাৰ বিপৰীতে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে কোনো শিক্ষক নিযুক্তি নিদিয়াৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। বিদ্যালয়খনত শিক্ষক নথকাৰ ফলত ছাত্ৰ-ছাত্ৰী সকলে শিক্ষাগ্ৰহনৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হোৱাৰ উপৰিও দূপৰীয়া আহাৰৰ পৰাও বঞ্চিত থাকিবলগীয়া হৈছে।

    ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ এনে নাভূত নাসুত কাণ্ডক লৈ বিভিন্ন দল-সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দুই-এদিনৰ ভিতৰত বিদ্যালয়খনত চৰকাৰে শিক্ষক নিযুক্তি নিদিলে জিলা আমছুয়ে শিক্ষা বিভাগ-চৰকাৰৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব বুলি আমছুৰ নেতা মমিনুৰ ইছলামে জানিবলৈ দিছে। বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতিয়েও বিষয়টো লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিদ্যালয়খনত শিক্ষক নিযুক্তিৰ দাবী জনাইছে।     চৰকাৰে ১ লাখ নিযুক্তি দি বৃহত সফলতা লাভ কৰা বুলি দাবী কৰাৰ লগতে আজিৰ দিনটোত প্ৰায় ২৪ হেজাৰ ঠিকাভিত্তিক টেট শিক্ষকৰ পদ নিয়মীয়াকৰণ কৰিলে। কিন্তু আজিৰ দিনতে এইদৰে শিক্ষক অভিহনে চলি থকা এই ভাকুৱামাৰী শিয়ালমাৰী প্ৰাথমিক বিদ্যালয়খনত এজনো শিক্ষক নিযুক্তি দিয়াৰ বাবে কোনো ব্যৱস্থা গ্ৰহন কৰা পৰিলক্ষিত হোৱা নাই।  

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments