ডিজিটেল ডেক্স, মানকাচৰঃ মানকাচৰ–বাংলাদেশ সীমান্তৱৰ্তী ছটিমাৰী গাঁৱত আৰক্ষীয়ে যোৱা পৰহি নিশা এক বৃহৎ মাদকবিৰোধী অভিযান চলাই ১৩.৫০ লাখ টকাৰ ২৭ কেজি ওজনৰ ভাং সহ দুই ভাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষী সূত্ৰে জানিবলৈ দিয়া মতে, গোপন সূত্ৰৰ ভিত্তিত যোৱা যোৱা পৰহি নিশা প্ৰায় ১১.৩০ বজাত মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জে. এছ. খুবুঙৰ নেতৃত্বত আৰক্ষীৰ এটা দলে আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী গাঁওখনত অভিযান চলায়।
অভিযানত নজৰুল ইছলাম (৫৫)ৰ ঘৰৰ পৰা ২০ কেজি ওজনৰ ১৯টা পেকেট ভাং জব্দ কৰি তেওঁক আটক কৰা হয়। একেদৰে পাশ্বৱৰ্তী হাসিনুৰ মিঞা (২১)ৰ ঘৰৰ পৰা প্ৰায় ৭ কেজি ভাং জব্দ কৰি তেওঁকো আটক কৰা হয়। জব্দকৃত ভাংখিনিৰ মুঠ ওজন ২৭ কেজি বুলি আৰক্ষীয়ে সদৰি কৰিছে।
উদ্ধাৰ হোৱা ভাংখিনিৰ আনুমানিক বজাৰ মূল্য ১৩ লাখ ৪৯ হাজাৰ ৭০০ টকা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ কৰিছে। ভাংখিনি বাংলাদেশলৈ সৰবৰাহ কৰাৰ উদ্দেশ্যে ভাং ব্যৱসায়ীদ্বয়ে এইদৰে নিজৰ ঘৰত আনি জমা কৰি ৰাখিছিল বুলি আৰক্ষীয়ে খবৰ লাভ কৰিছিল। মানকাচৰ আৰক্ষীয়ে ভাং ব্যৱসায়ী দুজনক গ্ৰেপ্তাৰ কৰি আজি হাটশিঙিমাৰী আদালতত হাজিৰ কৰে। আদালতে ভাং ব্যৱসায়ী দুজনক ধুবুৰী কাৰগাৰলৈ প্ৰেৰণ কৰে।




