ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ বহি ৰাজ্যত কৰ্মৰত মানকাচৰৰ ৭জন শ্ৰমিকক বিদেশীৰ সন্দেহত কৰ্ণাটক ৰাজ্যৰ বাংগাৰোলু চহৰৰ বাগলুৰু থানাত আটক কৰি হাৰাশাস্তি কৰাৰ পিছত মানকাচৰৰ বিধায়ক আমিনুল ইছলাম দক্ষিণ শালমাৰা–মানকাচৰ জিলা আৰক্ষী প্ৰশাসনৰ সহযোগত উপযুক্ত ভাৰতীয় নথি-পত্ৰ দাখিল কৰি শ্ৰমিক কেইজনক থানাৰ পৰা মুকলি কৰিবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে, মানকাচৰৰ কুচনিমাৰা, ঝনঝনি, ঝাউডাঙা, বাগাপাৰা আৰু মঞ্জুৰি এলেকাৰ আমিৰ হুছেইন, জুলফিকাৰ আহমেদ, মনোৱাৰ হুছেইন, মমিৰুল ইছলাম, মিনাৰ হুছেইন, মহাম্মদ আমিনুল ইছলাম আৰু সাহৰ আলি নামৰ শ্ৰমিক কেইজনে কৰ্ণাটকত দিন হাজিৰা কৰি আহিছিল। খবৰ অনুসৰি, কালি বজাৰ কৰিবলৈ যোৱাৰ সময়তে বাগলুৰু থানাৰ আৰক্ষীয়ে তেওঁলোকক সন্দেহজনক অৱস্থাত কৰায়ত্ত কৰে।
চহৰখনত বসবাস কৰা মানকাচৰৰ এজন পৰিচিত লোকে বিষয়টো বিধায়কগৰাকীক অৱগত কৰে। তাৰ পিছতে বিধায়কগৰাকীয়ে তৎক্ষণাত বাগলুৰু আৰক্ষীৰ সৈতে যোগাযোগ কৰে যদিও প্ৰথম অৱস্থাত আৰক্ষীয়ে বিষয়টোত গুৰুত্ব প্ৰদান কৰা নাছিল। পিছত দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ সৈতে যোগাযোগ কৰি বিধায়ক আমিনুল ইছলামে শ্ৰমিক কেইজনক উদ্ধাৰৰ বাবে বাগলুৰু আৰক্ষীৰ সৈতে সমন্বয় সাধন কৰিবলৈ আহ্বান জনায়।
জিলা আৰক্ষীৰ তৎপৰতাত বাগলুৰু আৰক্ষীৰ সৈতে যোগাযোগ স্থাপন কৰা হয় আৰু শ্ৰমিক কেইজনৰ পৰিয়ালৰ পৰা ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ-পত্ৰসমূহ হোৱাটছএপযোগে প্ৰেৰণ কৰা হয়। তাৰ পিছতে আজি পুৱতিনিশা প্ৰায় ২ বজাত শ্ৰমিক কেইজনক মুকলি কৰি দিয়া হয়। আজি পুৱা ১১ বজাত পুনৰ থানাত হাজিৰ হোৱাৰ পিছত তেওঁলোকৰ জব্দ কৰা মোবাইল ফোনসমূহো ঘূৰাই দিয়া হয়।
অসমৰ শ্ৰমিকসকলক এইদৰে কৰ্ণাটকত বিদেশীৰ সন্দেহত আৰক্ষীয়ে হাৰাশাস্তি কৰা ঘটনাক লৈ বিধায়ক আমিনুল ইছলামে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বহি ৰাজ্যত কৰ্মৰত অসমৰ শ্ৰমিকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবী জনায়। ইয়াৰ পূৰ্বেও প্ৰায় ৩০ জন মানকাচৰৰ শ্ৰমিকক ৰাজ্যখনত আৰক্ষীয়ে বাংলাদেশীৰ সন্দেহত আটক কৰিছিল। বিধায়ক আমিনুল ইছলাম সেই সময়ত ৰাজ্যখনত নিজে উপস্থিত হৈ শ্ৰমিক সকলক থানাৰ পৰা মুকলি কৰি আনিছিল।




