ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ এছিয়া মহাদেশৰ ভিতৰত নিৰ্মীয়মান সৰ্ববৃহৎ ধুবুৰী-ফুলবাৰী দলঙখনৰ কাম চলি থকা অৱস্থাত লোহাৰ ৰড আৰু কেবল চুৰি হোৱা ঘটনাক লৈ দক্ষিণ শালমাৰা আৰক্ষীয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি তিনি জন চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে, যোৱা দুদিন পূৰ্বে নিৰ্মীয়মান দলঙখনৰ সেবোলটাৰী এলেকাৰ পৰা প্ৰায় ৬ মেট্ৰিকটন লোহাৰ ৰড আৰু কেবল চুৰি হৈছিল। এই সন্দৰ্ভত কামৰ দায়িত্বত থকা এল এণ্ড টি কোম্পানীয়ে দক্ষিণ শালমাৰা থানাত এখন এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি যোৱা নিশা সেবোলটাৰী গাঁৱৰ পৰা তিনিজন অভিযুক্তক কৰায়ত্ত কৰাৰ লগতে চুৰি হোৱা সামগ্ৰীসমূহ উদ্ধাৰ কৰে।
ধৃত তিনিজনক সেবোলটাৰী গাঁৱৰ প্ৰয়াত আব্দুল গণি মুন্সিৰ পুত্ৰ হাবিবুৰ ৰহমান (৬০), আৰু ৰহিম বাদশাৰ দুই পুত্ৰ ক্ৰমে আব্দুল বাছিদ (২৬) আৰু সাহিদুৰ (২০) বুলি চিনাক্ত কৰা হৈছে।
ইতিমধ্যে আৰক্ষীয়ে তিনিওজনকে গ্ৰেপ্তাৰ কৰি হাটশিঙিমাৰী জিলা আদালতত হাজিৰ কৰায়। আদালতে তেওঁলোকক ধুবুৰী কাৰাগাৰলৈ প্ৰেৰণ কৰিছে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে। ঘটনাক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে বিষয়টো সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে।




