হাটশিঙিমাৰী মহাবিদ্যালয়-প্ৰেছ-প্ৰেছ ক্লাবত শোকসভা পালন, প্ৰেছক্লাবত স্মৃতিচাৰণৰ সিদ্ধান্ত
ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ মানকাচৰৰ জ্যেষ্ঠ সাংবাদিক তথা শিক্ষাবিদ শ্বেখ বদৰুজ্জামান ফিৰদৌছীৰ জানাজা আজি পুৱা ১০ বজাত হাটশিঙিমাৰী কবৰস্থানত সম্পন্ন কৰা হয়। জানাজাত বহু গুণমুগ্ধ, স্থানীয় লোক, হাটশিঙিমাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যাপক সকল, ছাত্ৰ-ছাত্ৰী আৰু সাংবাদিকসকল উপস্থিত থাকি শেষ বিদায় জনায়। তেওঁৰ বিয়োগত সমগ্ৰ দক্ষিণ শালমাৰা–মানকাচৰ জিলাজুৰি গভীৰ শোকৰ ছাঁ পৰিছে।
কালি বিয়লি প্ৰায় ৪.৪৫ বজাত তেওঁ নিজ গৃহতে ইহলীলা সম্বৰণ কৰে। দীৰ্ঘদিন ধৰি ডায়েবেটিছ আৰু লিভাৰৰ ৰোগত আক্ৰান্ত হৈ থকা ফিৰদৌছীয়ে প্ৰায় চাৰি-পাঁচ বছৰ ধৰি বিভিন্ন ঠাইত চিকিৎসা গ্ৰহণ কৰি আহিছিল। চেন্নাই, গুৱাহাটী আদি স্থানত চিকিৎসাৰ বাবে ইতিমধ্যে প্ৰায় ৫৮ লাখ টকা ব্যয় হোৱা বুলি পৰিয়াল সূত্ৰে জানিব পৰা গৈছে। চিকিৎসাৰ ব্যয় বহন কৰিবলৈ তেওঁ আৰ্থিক অনাটনত ভুগিছিল আৰু পূৰ্বেও কেবালাখ টকাৰ ঋণ গ্ৰহণ কৰিছিল।
জানিব পৰা মতে, যোৱা দুদিন পূৰ্বে হঠাতে জ্বৰ বৃদ্ধি পোৱাত আজি তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়াৰ বাবে পৰিকল্পনা কৰা হৈছিল। কালিয়ে আইচিআইচিআই বেংকৰ পৰা ৭ লাখ টকাৰ ঋণ মঞ্জুৰ হোৱাৰ কথা আছিল আৰু সেই ঋণ লাভ কৰাৰ পিছতে তেওঁ চিকিৎসাৰ বাবে গুৱাহাটীলৈ যোৱাৰ উদ্দেশ্যে এখন বাহনো ঠিক কৰি ৰাখিছিল। কিন্তু ঋণ লাভ কৰাৰ পূৰ্বেই তেওঁৰ বিয়োগ ঘটে। মৃত্যুৰ খবৰ পোৱাৰ পিছতে বেংক কতৃপক্ষই ঋণ প্ৰদানৰ প্ৰক্ৰিয়া স্থগিত ৰাখে বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে, ১৯৭০ চনৰ ৩১ অক্টোবৰত জন্মগ্ৰহণ কৰা ফিৰদৌছীয়ে ১৯৯৮ চনৰ ১ জুলাইত হাটশিঙিমাৰী মহাবিদ্যালয়ত অধ্যাপক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। ১ জানুৱাৰী ২০১৩ চনত মহাবিদ্যালয়খন প্ৰাদেশীকৰণ হোৱাৰ লগতে তেওঁৰো পদ প্ৰাদেশীকৰণ হয়। মৃত্যুৰ সময়তো তেওঁ মহাবিদ্যালয়খনত কৰ্মৰত অৱস্থাত আছিল আৰু তেওঁৰ চাকৰিৰ কাৰ্যকাল এতিয়াও সমাপ্ত হোৱা নাছিল।
সাংবাদিকতাৰ ক্ষেত্ৰতো তেওঁ এক সুপ্ৰতিষ্ঠিত নাম আছিল। অসমীয়া প্ৰতিদিনত জন্মলগ্নৰ পৰাই তেওঁ মানকাচৰৰ স্থানীয় সাংবাদিক হিচাপে দায়িত্ব পালন কৰি আহিছিল। ইয়াৰ উপৰি তেওঁ সাদিন, এন ই টিভি আৰু প্ৰতিদিন টাইমতো কৰ্মৰত আছিল। হাটশিঙিমাৰী প্ৰেছ ক্লাবৰ জন্মদাতা হিচাপে তেওঁ বিশেষভাৱে পৰিচিত আছিল আৰু প্ৰতিষ্ঠাপক সম্পাদক হিচাপে প্ৰায় ২০ বছৰ দায়িত্ব পালন কৰিছিল।
তেওঁৰ বিয়োগত আজি হাটশিঙিমাৰী মহাবিদ্যালয়ত শোক পালন কৰি শ্ৰেণী কাৰ্যসূচী বন্ধ ৰখা হয়। ইফালে হাটশিঙিমাৰী প্ৰেছ ক্লাবতো এক সভাত তেওঁৰ স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। লগতে তেওঁৰ লিখনী আৰু প্ৰকাশিত বাতৰিসমূহ সংৰক্ষণ কৰি আগন্তুক প্ৰজন্মৰ বাবে স্মৃতি হিচাপে ৰখাৰ প্ৰস্তাৱো গৃহীত হয়।
মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু তিনি গৰাকী সন্তানক ইহসংসাৰত এৰি থৈ যায়। শিক্ষক, সাংবাদিক আৰু সংগঠক হিচাপে ফিৰদৌছীয়ে এৰি যোৱা অৱদান জিলাখনত চিৰস্মৰণীয় হৈ ৰ’ব। তেওঁৰ বিয়োগৰ ফলত জিলাখনে বৃহত সম্পদ হেৰুওৱালগীয়া হল বুলি জ্যেষ্ঠ সাংবাদিক আবু হানিফ আলী (বৰ্তমান বিষয়া শিক্ষক) আৰু ফয়জাল হকে (বৰ্তমান অধ্যাপক) জানিবলৈ দিয়ে।
শেহতীয়াকৈ যোৱা ১৬ নৱেম্বৰত হাটশিঙিমাৰী প্ৰেক্ষাগৃহত জিলা প্ৰশাসন আৰু হাটশিঙিমাৰী প্ৰেছ ক্লাবৰ যৌথ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে কাৰ্যসূচী আয়োজন কৰা হৈছিল। উক্ত প্ৰেছ দিৱসৰ দিনা তেখেতক হাটশিঙিমাৰী প্ৰেছ ক্লাব আৰু জিলা প্ৰশাসনৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱা হৈছিল।
শাৰীৰিক অসুস্থতাৰ বাবে অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰাত তেওঁ নিজৰ বাসগৃহতে প্ৰেছ ক্লাবৰ বৰ্তমান সম্পাদক ছফিকুল ইছলামৰ হাতত সম্বৰ্ধনা গ্ৰহণ কৰে। সেই সময়তে তেওঁ দীৰ্ঘদিনীয়া চিকিৎসাৰ বাবে আৰ্থিক অনাটনত ভুগি থকা বুলি নিজৰ ঘৰত উপস্থিত হোৱা সাংবাদিকৰ দলটোক অৱগত কৰিছিল।
লক্ষণীয় যে, হাটশিঙিমাৰী প্ৰেছ ক্লাবত আজি অনুষ্ঠিত শোকসভাত প্ৰয়াত জ্যেষ্ঠ সাংবাদিক আবু হাছান আহমেদকো সশ্ৰদ্ধে স্মৰণ কৰা হয়। আবু হাছান আহমেদ প্ৰতিদিন টাইমৰ হাটশিঙিমাৰীৰ সাংবাদিক হিচাপে কৰ্মৰত আছিল। ইয়াৰ উপৰি তেওঁ হাটশিঙিমাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত টিউটৰ শিক্ষক হিচাপেও দায়িত্ব পালন কৰিছিল।
যোৱা ২০২৪ চনৰ ২২ নৱেম্বৰ তাৰিখে তেওঁ নিজ গৃহতে চিপ লৈ আত্মহত্যা কৰে। জানিব পৰা মতে, টিউটৰ শিক্ষকৰ পদ আৰু চাকৰি স্থায়ী কৰণ (পদ প্ৰাদেশীকৰণ) সম্পৰ্কীয় বিষয়ক লৈ তেওঁ দীৰ্ঘদিন ধৰি মানসিক অশান্তিত ভুগি আছিল। পদ প্ৰাদেশীকৰণৰ উদ্দেশ্যে তেওঁ গোৱালপাৰাৰ এখন বি.এড. মহাবিদ্যালয়ত নামভৰ্তি কৰি অধ্যয়ন কৰি আছিল যদিও দ্বিতীয় বছৰত তেওঁ গভীৰ মানসিক চাপে পৰিছিল।
বিশেষকৈ বি.এড. পৰীক্ষাত উত্তীৰ্ণ নহ’লে কৰ্মৰত ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত ছাত্ৰ-ছাত্ৰীসকলক কেনেদৰে পাঠদান কৰিব—এই চিন্তাই তেওঁক অধিক উদ্বিগ্ন কৰি তুলিছিল বুলি সহকৰ্মীসকলে উল্লেখ কৰে। অৱশেষত তেওঁৰ এই কৰুণ মৃত্যুত জিলাজুৰি গভীৰ শোকৰ ছাঁ পৰিছিল। আজি অনুষ্ঠিত শোকসভাত আবু হাছান আহমেদক সশ্ৰদ্ধে স্মৰণ কৰি বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰা হয়।




