Friday, February 27, 2026
Google search engine
গৃহস্থানীয়মানকাচৰত ৮৭ প্ৰতিষ্ঠানক ভূমি পট্টা, সাধাৰণ লোক এতিয়াও বঞ্চিত!“মাহীআইৰ দৃষ্টিৰে চাইছে বিজেপি...

মানকাচৰত ৮৭ প্ৰতিষ্ঠানক ভূমি পট্টা, সাধাৰণ লোক এতিয়াও বঞ্চিত!“মাহীআইৰ দৃষ্টিৰে চাইছে বিজেপি চৰকাৰে” — বিধায়কৰ অভিযোগ

ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ মানকাচৰ সমষ্টিত অসমৰ চৰকাৰৰ মিছন বসুন্ধৰা ৩.০ৰ অধীনত আজি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে মুঠ ৮৭খন চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানক ভূমিৰ পট্টা পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰে।

লাভান্বিত অনুষ্ঠানসমূহৰ ভিতৰত আছে ৫৮খন চৰকাৰী বিদ্যালয়, ৪খন মহাবিদ্যালয়, ৭খন চৰকাৰী কাৰ্যালয়, ৫খন আৱৰ্ত ভৱন, ৩খন মন্দিৰ, ৩খন অংগনবাড়ী কেন্দ্ৰ, ২খন কবৰস্থানৰ লগতে এখনকৈ আশ্ৰম, মছজিদ, নামঘৰ, আৰক্ষী থানা আৰু শ্মশান। দীৰ্ঘদিন ধৰি নথিভুক্তিকৰণৰ অভাৱত কিছুমান অনুষ্ঠান ভূমি সম্পৰ্কীয় অসুবিধাৰ সন্মুখীন হৈ আহিছিল। এই পট্টা পত্ৰ প্ৰদানৰ জৰিয়তে সংশ্লিষ্ট অনুষ্ঠানসমূহে আইনগত স্বীকৃতি লাভ কৰাৰ লগতে ভৱিষ্যতে উন্নয়নমূলক কাম-কাজ ৰূপায়ণত সুবিধা লাভ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

হাটশিঙিমাৰীস্থিত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত অনুষ্ঠানত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্ত কুমাৰ গৌৰৱ দাস, প্ৰাক্তন বিধায়ক জাবেদ ইছলাম, জিলা পৰিষদৰ সভানেত্ৰী তানজিনা খান আৰু মানকাচৰ ৰাজহ চক্ৰ বিষয়া প্ৰাঞ্জল শৰ্মা বৰুৱাৰ লগতে কেবাগৰাকী লোক উপস্থিত থাকে। তেওঁলোকে সংশ্লিষ্ট অনুষ্ঠানসমূহৰ প্ৰতিনিধিসকলৰ হাতত আনুষ্ঠানিকভাৱে ভূমিৰ পট্টা পত্ৰসমূহ বিতৰণ কৰে।

ইফালে, ৰাজ্যৰ প্ৰায়বোৰ জিলাত আজি মিছন বসুন্ধৰা ৩.০ আঁচনিৰ জৰিয়তে সাধাৰণ লোককো ভূমি পট্টা প্ৰদান কৰা হৈছে যদিও দক্ষিণ শালমাৰা–মানকাচৰ জিলাত এতিয়ালৈ কোনো সাধাৰণ লোকক ভূমি পট্টা প্ৰদান কৰা হোৱা নাই বুলি অভিযোগ উত্থাপিত হৈছে। বিধায়ক আমিনুল ইছলামে বিধানসভাত এই বিষয় উত্থাপন কৰি মুখ্যমন্ত্ৰীৰ পৰা লাভ কৰা তথ্য অনুসৰি কয় যে, জিলাখনৰ পূৰ্বৰ ভূমি পট্টা প্ৰদান প্ৰক্ৰিয়াৰ সৈতে জড়িত গোচৰসমূহ বৰ্তমানেও চলি থকাৰ বাবে সাধাৰণ লোকক পট্টা প্ৰদানৰ ক্ষেত্ৰত জটিলতা অব্যাহত আছে। অৱশ্যে আগন্তুক বসুন্ধৰা ৪.০ত সাধাৰণ লোকেও ভূমি পট্টা লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশ্বাস প্ৰদান কৰা বুলি তেওঁ সদৰি কৰে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বতে  সৰ্বানন্দ সোনোৱালৰ মুখ্যমন্ত্ৰীকালত জিলাখনত প্ৰায় ৫০০ লোকক ভূমি পট্টা প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। তেতিয়া জিলা আয়ুক্তৰ কাৰ্যালয় নিৰ্মাণৰ বাবে উচ্ছেদ কৰা প্ৰায় আঢ়ৈ শতাধিক পৰিয়াল, বেটেলিয়ান শিবিৰৰ বাবে উচ্ছেদ কৰা ৪৩টা পৰিয়াল আৰু কিছু নদীভংগ গৃহহীন পৰিয়ালক ভূমি পট্টা প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছিল। অৱশ্যে সেই সময়ছোৱাত অনিয়মৰ অভিযোগ উত্থাপিত হোৱাত তদন্ত আৰম্ভ হয় আৰু কেবাজনো দালাল, চৰকাৰী কৰ্মচাৰী আৰু বিষয়া গ্ৰেপ্তাৰ হয়। কিছুমান বিষয়াক চাকৰিৰ পৰা নিলম্বন কৰা হৈছিল আৰু তদানীন্তন অতিৰিক্ত উপায়ুক্ত ছৈবুৰ ৰহমানো দীৰ্ঘসময় কাৰাবন্দী হৈ থাকিবলগীয়া হৈছিল।

বিধায়ক আমিনুল ইছলামে অভিযোগ কৰি কয় যে, ৰাজ্যৰ অধিকাংশ জিলাত সাধাৰণ লোকে ভূমি পট্টা লাভ কৰিছে যদিও দক্ষিণ শালমাৰা–মানকাচৰ জিলাক বিজেপি চৰকাৰে “মাহীআইৰ দৃষ্টিৰে” চাই থকাৰ ফলত ইয়াৰ সাধাৰণ লোকসকল ভূমি পট্টাৰ পৰা বঞ্চিত হৈ আছে। এই অভিযোগে ৰাজনৈতিক ক্ষেত্ৰতো নতুন বিতৰ্কৰ সূচনা কৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments