Sunday, September 8, 2024
Google search engine
গৃহস্থানীয়মানকাচৰত স্বাস্থ্য বিভাগৰ সম্পূৰ্ণতা অভিযান ।

মানকাচৰত স্বাস্থ্য বিভাগৰ সম্পূৰ্ণতা অভিযান ।

ডিজিটেল সংবাদ, হাটশিঙিমাৰীঃ-দেশৰ ১১২ খন আকাংক্ষিত জিলাৰ ৫০০ টা উন্নয়ন খণ্ডই সকলো উন্নয়নৰ সূচকত পৰিপূৰ্ণতা লাভ কৰাৰ উদ্দেশ্যে দেশজুৰি সম্পূৰ্ণতা অভিযান আৰম্ভ কৰা হৈছে। এই উন্নয়ন খণ্ডসমূহৰ ভিতৰত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ফেকামাৰী উন্নয়ন খণ্ডও আছে। ভাৰত চৰকাৰৰ নীতি আয়োগৰ নিৰ্দেশ মতে ৰাজ্যজুৰি জিলাই জিলাই স্বাস্থ্য বিভাগে সম্পূৰ্ণতা অভিযান আৰম্ভ কৰিছে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো চলিত মাহৰ পৰা সম্পূৰ্ণতা অভিযান আৰম্ভ হৈছে। এই অভিযানৰ জৰিয়তে প্ৰতিখন গাঁৱত ৩০ বছৰৰ উৰ্ধৰ সকলো লোকক ডায়েবেটিছ আৰু হাইপাৰ টেনছন বেমাৰ চিনাক্তৰ বাবে স্ক্ৰীনিং কৰাৰ ব্যৱস্থা গ্ৰহন কৰা হৈছে। তদুপৰি গৰ্বৱতী মহিলা সকলৰ বাবে 1ST ANC Trimster আৰু শুন্যৰ পৰা ১ বছৰৰ শিশুক FIC (Full Immunization Coverage) প্ৰদানৰ ব্যৱস্থা হাতত লোৱা হৈছে। জিলাখন প্ৰায় ৭০ হেজাৰ ৩০ বছৰ উৰ্ধৰ লোকক ডায়েবেটিছ আৰু হাইপাৰ টেনছনৰ স্ক্ৰীনিং কৰাৰ বাবে জিলা আৰু পৰিয়াল কল্যাণ বিভাগে অভিযান চলাই আছে। জিলাখনত ১০০ শতাংশ লোকক এই স্ক্ৰীনিং কৰা হব বুলি জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ জিলা আঁচনি প্ৰৱন্ধক ৰুফুল আমিন মণ্ডলে ডিডি অসমৰ আগত জানিবলৈ দিছে। লক্ষণীয় যে, অহা ৩০ ছেপ্টেম্বৰ তাৰিখে এই  সম্পূৰ্ণতা অভিযানৰ সামৰণি পৰিব। এই সম্পূৰ্ণতা অভিযানৰ মূল উদ্দেশ্য হৈছে উন্নয়নৰ সূচকসমূহৰ ক্ষেত্ৰত সম্পূৰ্ণ সফলতা লাভ কৰা।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments