Sunday, September 8, 2024
Google search engine
গৃহউত্তৰ-পূবমেঘালয়ৰ সবৰিবাৰী-জেলদুপাৰাত মানকাচৰৰ বাছ দূৰ্ঘটনা । আহত দুই যাত্ৰী

মেঘালয়ৰ সবৰিবাৰী-জেলদুপাৰাত মানকাচৰৰ বাছ দূৰ্ঘটনা । আহত দুই যাত্ৰী

ডিজিটেল সংবাদ, হাটশিঙিমাৰীঃ হাটশিঙিমাৰীৰ পাশ্বৱৰ্তী চুবুৰীয়া ৰাজ্য মেঘালয়ৰ সবৰিবাৰী-জেলদুপাৰাত আজি মানকাচৰৰ এখন বাছ দূৰ্ঘটনাগ্ৰস্থ হৈ দুজনকৈ যাত্ৰী গুৰুতৰ ভাবে আহত হৈছে। উল্লেখযোগ্য যে মানকাচৰৰ পৰা গোৱালপাৰা অভিমুখে গৈ থকা এ এছ ১৭ বি ৭৬১২ নম্বৰৰ যাত্ৰীবাহী আলট্ৰা বাছখনত পিক আপ ভান এখনে পিছফালৰ পৰা তীব্ৰ বেগত খুন্দা মাৰে । ফলত বাছ খন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা পকী দেৱাল এখন খুন্দা মাৰি বাছখন দূৰ্ঘটনাগ্ৰস্ত হোৱাৰ লগতে পিক আপ ভানখন পুখুৰী এখনত পৰি যায়।

এই দূৰ্ঘটনাৰ ফলত যাত্ৰীবাহী আলট্ৰা বাছখনত থকা যাত্ৰী সকলোৰ কোনো মতে প্ৰাণ ৰক্ষা পৰে যদিও কেইবা গৰাকী যাত্ৰী আঘাতপ্ৰাপ্ত হয় । ইয়াৰে দুজন যাত্ৰী গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হৈছে। স্থানীয় ৰাইজে ততাতৈয়াকৈ আহত যাত্ৰীসকলক উদ্ধাৰ কৰি জেলদুপাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্ত্তি কৰে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments