Sunday, September 8, 2024
Google search engine
গৃহস্থানীয়দক্ষিণ শালমাৰা-মানকাচৰৰ ৫ টা চুটি খবৰ !

দক্ষিণ শালমাৰা-মানকাচৰৰ ৫ টা চুটি খবৰ !

১। প্ৰেমৰ ছলনাৰে মৰিগাওঁৰ এগৰাকী মহিলাই ধুবুৰীৰ দুই সহযোগী অপহৰণকাৰীৰ সৈতে বৰপেটাৰ এজন যুৱকক অপহৰণ কৰে। বন্দিহানা আৰক্ষীয়ে অপহৃত যুৱকজনক উদ্ধাৰ কৰাৰ লগতে তিনি অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে যোৱা প্ৰায় ১ মাহ পূৰ্বে বৰপেটাৰ ছুকুম আলীৰ সৈতে মৰিগাওঁৰ এগৰাকী বিবাহিতা মহিলাই ফেচবুকত প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলে। যোৱা ৩০ মে তাৰিখে গুৱাহাটীত সাক্ষাতৰ বাবে মাতি আনি যুৱক জনক অপহৰণ কৰি পৰিয়ালৰ পৰা ৫ লাখ টকা মুক্তিপন দাবী কৰে। ঘটনাক লৈ পৰিয়ালৰ লোকে আজৰা থানাত এজাহাৰ কৰাত আৰক্ষীয়ে অনুসন্ধান চলাই অপহৃত যুৱক জনক দক্ষিণ শালমাৰাত আৱদ্ধ কৰি ৰখা বুলি তথ্য লাভ কৰে। গোপন সুত্ৰৰ তথ্যৰ ভিত্তিত শনিবাৰে বিয়লি প্ৰায় ৪ বজাত বন্দিহানা আৰক্ষীয়ে চৰ এখনৰ পৰা অপহৃত ছুকুম আলীক উদ্ধাৰ কৰাৰ লগতে অপহৰণকাৰী মহিলা আৰু দুই অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰিছে। অপহৰণকাৰী মহিলা গৰাকীৰ লগতে ধৃত শ্বাহিনুৰ মোল্লা আৰু জাহিদুৰ ইছলামক বন্দিহানা আৰক্ষীয়ে ইতিমধ্যে আজৰা থানাত চমজাই দিছে।

    ২। কালাপানী আৰক্ষী চকী এলেকাৰ অধীনস্থ চমৰাশালীত আজি দিনৰ প্ৰায় ২ বজাত পিক আপ ভেন এখনৰ পৰা এজন লোক পৰি গৈ মৃ্ত্যু মুখত পৰিছে। এম এল ০৮ এইচ ৮৩৭০ নম্বৰৰ পিক আপ ভেন খন আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে। নিহত হোৱা লোকজনক কোকৰাঝাৰ জিলাৰ সাপকাটা থানা এলেকাৰ অধীনস্থ হাউৰীয়া অঞ্চলৰ জেহেদ আলীৰ পুত্ৰ জয়নাল আবেদিন বুলি চিনাক্ত কৰা হৈছে। ব্যৱসায় সুত্ৰে মানকাচৰৰ মানুল্ল্যাপাৰাত শশুয়েকৰ ঘৰত দীৰ্ঘদিনে বসবাস কৰিছিল জয়নালে।

    ৩। মেঘালয়ত হোৱা বৰষুণৰ ফলত গাৰো পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে মানকাচৰৰ পূৰ্বাঞ্চলৰ কালো নদীৰ ওপৰত থকা তিনিখনকৈ কাঠৰ দলং আজি উটুৱাই নিয়ে। একেদিনাই কালো নদীৰ ওপৰত থকা তিনিখনকৈ কাঠৰ দলং এইদৰে উটি যোৱাৰ ফলত দুয়োপাৰৰ যাতায়ত ব্যৱস্থা বিচ্ছিন্ন হৈ পৰিছে। মেঘালয়ৰ পানীৰ ঢলৰ ফলত জিলাখনৰ পুৰ্বাঞ্চলৰ ঠায়ে ঠায়ে কৃত্ৰিম বানৰ সৃষ্টি হৈছে। বিশেষকৈ কালাপানী এলেকাত বিস্তীৰ্ণ কৃষিভূমি কৃ্ত্ৰিম বানৰ পানীত প্লাৱিত হৈ থকাত কৃষক সকল ক্ষতিগ্ৰহস্থ হৈছে। প্ৰতিবছৰে মেঘালয়ৰ গাৰো পাহাৰৰ পৰা পানীৰ এইদৰে ঢল নামি আহি কৃত্ৰিম বানৰ সৃষ্টি কৰাত জিলাখনৰ পূৰ্বাঞ্চলত কৃষক সকল ব্যাপক ভাৱে ক্ষতিগ্ৰস্থ হয়।

    ৪। মেঘালয়ৰ পৰা নামি অহা পানীৰ ঢলৰ সৈতে আজি এটা অচিনাকী মৃতদেহ কালো নদীৰে উটি যায়। পুৱাৰ ভাগত কালাপানী আৰক্ষী চকী এলেকায়েদি মৃতদেহটি উঠি যায় যদিও মৃতদেহটি উদ্ধাৰৰ বাবে কোনো ব্যৱস্থা গ্ৰহন কৰা পৰিলক্ষিত হোৱা নাই। অৰ্ধ গলিত মৃতদেহটি মেঘালয়ৰ গাৰো পাহাৰৰ পৰা উটি আহিছিল বুলি ধাৰণা কৰা হৈছে।

    ৫। মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ দ্বীপচৰত আজি ৪৫ নং বেটেলিয়ান বিএছএফে এগৰাকী গৰ্ভৱতী মহিলাক জৰুৰীকালী অৱস্থাত গজাৰিকান্দি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায়। সীমান্তৱৰ্তী গাঁৱখনৰ জাকিছুলৰ গৰ্ভৱতী পত্নী প্ৰৱসৰ বাবে প্ৰচণ্ড বিষ অনুভৱ কৰে। অৱস্থা অতিকৈ সংকটজনক হোৱাত দ্বীপচৰ বিএছএফ কেম্পৰ কমাণ্ডাৰ এছ আই জয় সিং বিএছএফৰ এম্বুলেঞ্চযোগে মহিলা গৰাকীক দূৰ্গম এলেকাৰ পৰা হাস্পাতালত ভৰ্তি কৰে। ৪৫ নং বেটেলিয়ান বিএছএফ বাহিনীয়ে সময়ে সময়ে সীমান্তৱৰ্তী লোকক বিভিন্ন ক্ষেত্ৰত এইদৰে সহায় কৰি অহা পৰিলক্ষিত হৈছে। কিছুদিন পূৰ্বে উতকট গৰমৰ মাজত পথাৰত কাম কৰি থকা এগৰাকী লোক অসুস্থ হৈ পৰাত লোকজনকো দিয়াৰা বিএছএফে হাস্পাতালত ভৰ্তি কৰিছিল।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments