Sunday, September 8, 2024
Google search engine
গৃহস্থানীয়বাংলাদেশ সীমান্তত সংকটজনক গৰ্ভৱতী ! প্ৰসৱৰ বাবে হাস্পাতালত নিলে বিএছএফ

বাংলাদেশ সীমান্তত সংকটজনক গৰ্ভৱতী ! প্ৰসৱৰ বাবে হাস্পাতালত নিলে বিএছএফ

জিডিটেল ডেক্স, মানকাচৰ, ২ জুনঃ- মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ দ্বীপচৰত আজি ৪৫ নং বেটেলিয়ান বিএছএফে এগৰাকী গৰ্ভৱতী মহিলাক জৰুৰীকালী অৱস্থাত গজাৰিকান্দি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায়। সীমান্তৱৰ্তী গাঁৱখনৰ জাকিছুলৰ গৰ্ভৱতী পত্নী প্ৰৱসৰ বাবে প্ৰচণ্ড বিষ অনুভৱ কৰে। অৱস্থা অতিকৈ সংকটজনক হোৱাত দ্বীপচৰ বিএছএফ কেম্পৰ কমাণ্ডাৰ এছ আই জয় সিং বিএছএফৰ এম্বুলেঞ্চযোগে মহিলা গৰাকীক দূৰ্গম এলেকাৰ পৰা হাস্পাতালত ভৰ্তি কৰে। ৪৫ নং বেটেলিয়ান বিএছএফ বাহিনীয়ে সময়ে সময়ে সীমান্তৱৰ্তী লোকক বিভিন্ন ক্ষেত্ৰত এইদৰে সহায় কৰি অহা পৰিলক্ষিত হৈছে। কিছুদিন পূৰ্বে উতকট গৰমৰ মাজত পথাৰত কাম কৰি থকা এগৰাকী লোক অসুস্থ হৈ পৰাত লোকজনকো দিয়াৰা বিএছএফে হাস্পাতালত ভৰ্তি কৰিছিল।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments