Saturday, October 19, 2024
Google search engine
গৃহস্থানীয়বৃদ্ধি পাইছে বিদ্যুতৰ বিল ! ২৬ জুনত মানকাচৰত গণ বিক্ষোভ

বৃদ্ধি পাইছে বিদ্যুতৰ বিল ! ২৬ জুনত মানকাচৰত গণ বিক্ষোভ

ডিজিটেল ডেক্স, হাটশিঙিমাৰী, ২ জুনঃ-বিদ্যুতৰ মাচুল অস্বাভাৱিক হাৰত বৃদ্ধি কৰা, এষ্টিমেটেড বিলৰ নামত অত্যাধিক বিল প্ৰদান কৰা, জনবিৰোধী প্ৰিপেইড স্মাৰ্ট মিটাৰ সংযোজন বাতিল কৰা আৰু বিদ্যুতৰ বেচৰকাৰীকৰণৰ চক্ৰান্ত বন্ধ কৰাৰ দাবীত শনিবাৰে হাটশিঙীমাৰী প্ৰেছ ক্লাবত ৰাজ্যৰ বিদ্যুৎ গ্ৰাহকসকলৰ একমাত্ৰ সংগঠন অল আছাম ইলেকট্ৰিচিটি কনজিউমাৰ্চ এছচিয়েছনৰ উদ্যোগত এক অভিৱৰ্তন অনুষ্ঠিত কৰা হয়। দিনৰ এক বজাত জিলাখনৰ মানকাচৰ, কাকৰিপাৰা, বাঘাপাৰা, শালমাৰা, হাটশিঙীমাৰী আদি অঞ্চলৰ শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা অভিৱৰ্তন খন পৰিচালনা কৰে বিশিষ্ট সমাজকৰ্মী ছাকোৱাত হুছেইনে। অভিৱৰ্তনত বক্তা হিচাবে উপস্থিত থাকে গণ আন্দোলনৰ বিশিষ্ট নেতা ছুৰতজামান মণ্ডল আৰু অল আছাম ইলেকট্ৰিচিটি কনজিউমাৰ্চ এছচিয়েছনৰ অসম ৰাজ্যিক কমিটিৰ আহ্বায়ক অজয় আচাৰ্য। বক্তাসকলে কয়, কৰ্পৰেট গোষ্ঠীৰ স্বাৰ্থবাহী চৰকাৰী নীতিৰ বাবেই দিনক দিনে বিদ্যুতৰ মাচুল বৃদ্ধি হৈ চলিছে। চৰকাৰে বিদ্যুতক অত্যাৱশ্যকীয় সেৱাৰ পৰা লাভজনক পণ্যলৈ ৰূপান্তৰ কৰি আছে।প্ৰকৃততে বিদ্যুতক চৰকাৰে পুঁজিপতিশ্ৰেণীৰ হাতত গতাই দিব ধৰিছে। বৰ্তমানে যি প্ৰিপেইড স্মাৰ্ট মিটাৰ সংযোজনৰ কাম চলি আছে সেয়াও কৰ্পৰেট গোষ্ঠীৰ স্বাৰ্থতেই। তেওঁলোকে আৰু কয়, বিদ্যুতৰ বেচৰকাৰীকৰণ হলে গৰীব দুখীয়া মানুহে বিদ্যুৎ ব্যৱহাৰৰ পৰা বঞ্চিত হব। চৰকাৰৰ এই জনবিৰোধী নীতিৰ বিৰুদ্ধে তীব্ৰ গ্ৰাহক আন্দোলন গঢ়ি তোলাৰ বাবে তেওঁলোকে ৰাইজক আহ্বান জনায়। এই অভিৱৰ্তন খনতেই বিশিষ্ট শিক্ষক শহিদুল আলম, জবেদ খাঁ আৰু আফজালূৰ ৰহমানক আহ্বায়ক হিচাবে মনোনীত কৰি ২৩ জনীয়া সদস্যৰে ইলেকট্ৰিচিটি কনজিউমাৰ্চ এছচিয়েছনৰ দক্ষিণ শালমৰা-মানকাচৰ জিলা কমিটি সৰ্বসন্মতিক্ৰমে গঠন কৰা হয়। কমিটিয়ে অহা ২৬ জুন তাৰিখে এক গণ বিক্ষোভৰ কাৰ্যসূচী গ্ৰহন কৰাৰ সিদ্ধান্ত গ্ৰহন কৰে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments