Monday, February 23, 2026
Google search engine
গৃহস্থানীয়ৰমজানত হাটশিঙিমাৰী বজাৰত মূল্যবৃদ্ধি । ক্ষুব্ধ গ্ৰাহক, নিৰৱ প্ৰশাসনক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ৰমজানত হাটশিঙিমাৰী বজাৰত মূল্যবৃদ্ধি । ক্ষুব্ধ গ্ৰাহক, নিৰৱ প্ৰশাসনক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

গাখীৰ-দৈৰ পৰা মাছ-মাংস, ফল-মূললৈ অস্বাভাৱিক মূল্যবৃদ্ধি

পবিত্ৰ ৰমজান মাহৰ আৰম্ভণিৰ লগে লগে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰী দৈনিক বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাত সাধাৰণ গ্ৰাহকৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ প্ৰথমটো ৰোজা হোৱাত বজাৰত সামগ্ৰী ক্ৰয় কৰিবলৈ ৰাইজৰ ভীৰ দেখা যায়। এই সুযোগতে একাংশ ব্যৱসায়ীয়ে দাম বৃদ্ধি কৰা বুলি অভিযোগ উত্থাপন হৈছে।

উল্লেখযোগ্য যে, যোৱা পৰহিলৈকে গাখীৰৰ দাম আছিল ৮০ টকা প্ৰতিলিটাৰ, কিন্তু আজি সেই গাখীৰ ১২০ৰ পৰা ১৪০ টকা প্ৰতিলিটাৰত বিক্ৰী হোৱা দেখা গৈছে। একেদৰে দৈৰ দাম ১০০ টকাৰ পৰা বৃদ্ধি পাই ২০০ টকা প্ৰতিলিটাৰ হৈ পৰিছে। পাচলিৰ দামো একেধৰণে ঊৰ্ধ্বমুখী হৈছে।

মাছ-মাংসৰ বজাৰতো একেই চিত্ৰ। যি মাছ যোৱা সপ্তাহতো ১০০০ টকাত বিক্ৰী হৈছিল, আজি সেই একে মাছ ১২০০ৰ পৰা ১৩০০ টকা দৰত বিক্ৰী হোৱা দেখা যায়। ৫০০ টকাৰ পাঠাৰ মাংস ৭০০ টকালৈ বৃদ্ধি পাইছে। ফল-মূলৰ ক্ষেত্ৰতো অস্বাভাৱিক মূল্যবৃদ্ধি পৰিলক্ষিত হৈছে—আপেলৰ দাম কেজিপ্ৰতি ৫০ টকা বৃদ্ধি পাইছে, কলাৰ দাম কেজিপ্ৰতি ৩০-৪০ টকাকৈ বৃদ্ধি হৈছে। তৰমুজ আৰু নেমু চৰা দামত বিক্ৰী হৈছে। প্ৰতিবিধ ফল-মূলৰ দাম ৩০-৭০ টকালৈ বৃদ্ধি পোৱা বুলি গ্ৰাহকে অভিযোগ কৰিছে।

আজি বজাৰখনত কলাৰ দাম বৃদ্ধি পোৱাক লৈ গ্ৰাহক আৰু ব্যৱসায়ীৰ মাজত তৰ্কাতৰ্কিৰ ঘটনাও দেখা যায়। ৰমজানৰ দৰে পবিত্ৰ মাহত নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ এইধৰণৰ হঠাৎ মূল্যবৃদ্ধিক লৈ সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে—হাটশিঙিমাৰীত প্ৰতিজন ব্যৱসায়ীয়ে ৰমজানক অজুহাত হিচাপে লৈ দাম বৃদ্ধি কৰা কিয়?

প্ৰতি বছৰে ৰমজান মাহত একাংশ ব্যৱসায়ীয়ে সুযোগ লৈ মূল্যবৃদ্ধি কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে যদিও এইবাৰ দাম বৃদ্ধিৰ হাৰ অধিক বেছি বুলি গ্ৰাহকে মত প্ৰকাশ কৰিছে। উপায়হীন গ্ৰাহকে চৰা দামতে সামগ্ৰী ক্ৰয় কৰিবলগীয়া হৈছে। ইফতাৰৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী সংগ্ৰহ কৰা লোকসকল বিশেষভাৱে সমস্যাৰ সন্মুখীন হৈছে।

অভিযোগ উঠিছে যে, বজাৰখনত এইদৰে প্ৰতিবিধ অত্যাৱশ্যকীয় সামগ্ৰী, ফল-মূল, পাচলি আৰু মাছ-মাংসৰ দাম বৃদ্ধি কৰাৰ পিছতো খাদ্য পৰিক্ৰমা আৰু যোগান বিভাগ তথা জিলা প্ৰশাসন নিৰৱ ভূমিকা পালন কৰি আছে। বজাৰ নিয়ন্ত্ৰণ ব্যৱস্থা কার্যকৰী নোহোৱাৰ ফলতেই ব্যৱসায়ীয়ে ইচ্ছামতে দাম নিৰ্ধাৰণ কৰাৰ সুযোগ পাইছে বুলি সচেতন মহলে চৰকাৰৰ তীব্ৰ সমালোচনা কৰিছে।

এই পৰিস্থিতিত জিলা প্ৰশাসনে শীঘ্ৰে বজাৰত অভিযান চলাই দাম নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়নে নাই সেয়া সময়ত স্পষ্ট হ’ব। কিন্তু বৰ্তমানৰ পৰিস্থিতিয়ে সাধাৰণ গ্ৰাহকক গভীৰভাৱে উদ্বিগ্ন কৰি তুলিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments