তিনি শতাধিক পৰিয়াল ভূমিহীন, প্ৰশাসনৰ বিৰুদ্ধে উদাসীনতাৰ অভিযোগ
ডিজিটেল ডেক্স, ফকিৰগঞ্জঃ ধুবুৰী জিলাৰ ফকিৰগঞ্জৰ ওৱাহাব বজাৰ এলেকাত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়াই তীব্ৰ ৰূপ লৈছে। ধাৰাবাহিক খহনীয়াৰ ফলত অঞ্চলটোৰ নৈপৰীয়া ৰাইজৰ মাজত সৃষ্টি হৈছে আতংক আৰু অনিশ্চয়তা। প্ৰতিদিনে নদীয়ে বৃহৎ পৰিমাণৰ মাটি গিলি পেলোৱাত বহু লোকৰ ঘৰ-বাৰী ইতিমধ্যে নদীগৰ্ভত বিলীন হৈছে।
স্থানীয় লোকসকলৰ অভিযোগ অনুসৰি, চলিত বছৰত ফকিৰগঞ্জ অঞ্চলত কেবাশ হেক্টৰ ভূমি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত উঠি গৈছে। ইয়াৰ ফলত প্ৰায় তিনি শতাধিক পৰিয়াল ভূমিহীন হৈ পৰিছে বুলি অভিযোগ উত্থাপন হৈছে। যিসকলৰ ঘৰ-বাৰী ভাঙি গৈছে, তেওঁলোক এতিয়া খোলা আকাশৰ তলত আশ্ৰয় ল’বলৈ বাধ্য হৈছে। বহু পৰিয়ালে নিজৰ ভাঙি যোৱা ঘৰখন অন্য ঠাইলৈ স্থানান্তৰ কৰাৰো উপায় নাপাই দিশাহীন অৱস্থাত নৈৰপাৰতে কোনোমতে আশ্ৰয় লৈ আছে।
স্থানীয় ৰাইজে অভিযোগ কৰে যে, গৰাখহনীয়াৰ বিৰুদ্ধে স্থায়ী প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত স্থানীয় বিধায়ক ওৱাজেদ আলী চৌধুৰী, সাংসদ ৰকিবুল হুছেইন আৰু জিলা প্ৰশাসনে প্ৰয়োজনীয় গুৰুত্ব প্ৰদৰ্শন কৰা নাই। প্ৰতি বছৰে বান আৰু খহনীয়াৰ সমস্যাই ভয়ংকৰ ৰূপ ল’লেও স্থায়ী সমাধানৰ দিশত দৃশ্যমান পদক্ষেপ নোলোৱা বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰে।
ইয়াৰ উপৰিও গৰাখহনীয়াৰ ফলত অঞ্চলটোৰ কণ কণ ল’ৰা-ছোৱালীৰ শিক্ষা আৰু স্বাস্থ্য ব্যৱস্থাৰো অৱনতি ঘটিছে বুলি জানিব পৰা গৈছে। বিদ্যালয়সমূহ বিপদসীমাত পৰাৰ লগতে বহু শিক্ষাৰ্থীয়ে পঢ়া-শুনা এৰি দিবলৈ বাধ্য হৈছে। চিকিৎসা সুবিধাৰ অভাৱতো দুখ-দুৰ্দশা বৃদ্ধি পাইছে।
এই ভয়ংকৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় ৰাইজে শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে স্থায়ী ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে। বিশেষকৈ বিভাগীয় মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰি ওৱাহাব বজাৰ এলেকাক ৰক্ষা কৰিবলৈ অতি সোনকালে ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰাৰ আহ্বান জনোৱা হৈছে।
লক্ষণীয় যে, যোৱা বছৰ ঐতিহাসিক ওহাব বজাৰখন সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত জাহ গৈছে। বজাৰখনত থকা দুই শতাধিক দোকান-পোহাৰ ধ্বংস হৈ যায় আৰু অঞ্চলটোৰ তিনি শতাধিক পৰিয়াল খহনীয়াৰ ফলত ভূমিহীন হয়। ভূমিহীন পৰিয়ালসমূহে এতিয়া অঞ্চলটোৰ একাংশ কৃষকৰ কৃষিভূমি বা আন লোকৰ মাটি ভাৰাত লৈ কোনোমতে আশ্ৰয় ল’বলগীয়া হৈছে। এক হাহাকাৰময় পৰিস্থিতিৰ মাজত দিন কটাইছে ওহাব বজাৰ এলেকাৰ সাধাৰণ জনতাই।
বৰ্তমানেও প্ৰতিদিনে দুই-চাৰিটাকৈ ঘৰ-বাৰী স্থানান্তৰ কৰিবলগীয়া হৈছে স্থানীয় ৰাইজে। লাহে লাহে ব্ৰহ্মপুত্ৰ নদী ফকিৰগঞ্জ বজাৰৰ দিশে কাষ চাপি অহাত অঞ্চলবাসীৰ উদ্বেগ অধিক বৃদ্ধি পাইছে।
তাত্পৰ্যপূৰ্ণ বিষয় এয়া যে, অঞ্চলটোত স্থায়ী খহনীয়া প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত চৰকাৰে কোনো বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাই বুলি নৈপৰীয়া জনতাই অভিযোগ উত্থাপন কৰিছে। কেৱল বাৰিষা কাল আহিলেহে জিঅ বেগেৰে সাময়িকভাৱে কিছু কাম কৰা হয় যদিও খৰাং কালত খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত জলসম্পদ বিভাগ আৰু চৰকাৰে কোনো গুৰুত্ব নিদিয়ে বুলি স্থানীয় লোকসকলে ক্ষোভ প্ৰকাশ কৰিছে।




