Wednesday, February 18, 2026
Google search engine
গৃহস্থানীয়গোৱালপাৰাৰ মাটিয়া ডিটেনছন কেম্পত আৱদ্ধ ৬৮ বছৰীয়া জৰিনা খাতুনক ২৪ ঘণ্টাৰ ভিতৰত...

গোৱালপাৰাৰ মাটিয়া ডিটেনছন কেম্পত আৱদ্ধ ৬৮ বছৰীয়া জৰিনা খাতুনক ২৪ ঘণ্টাৰ ভিতৰত দেশ ত্যাগৰ নিৰ্দেশ

জিলা উপায়ুক্তৰ কঠোৰ আদেশ; ভোটাৰ তালিকাৰ পৰা নাম বাদ, আধাৰ-ৰেচন বাতিলসহ সম্পত্তি জব্দৰ প্ৰক্ৰিয়া আৰম্ভ

ডিজিটেল ডেক্স, মানকাচৰঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ঘোষিত বিদেশী হিচাপে চিহ্নিত ৬৮ বছৰীয়া জৰিনা খাতুনক ২৪ ঘণ্টাৰ ভিতৰত অসম তথা ভাৰতৰ সীমা ত্যাগ কৰিবলৈ জিলা উপায়ুক্তই কঠোৰ নিৰ্দেশ জাৰি কৰিছে। ১২ ফেব্ৰুৱাৰীত জাৰি কৰা এই নিৰ্দেশনা Immigrants (Expulsion from Assam) Act, 1950 ৰ ধাৰা ২ অনুসৰি প্ৰদান কৰা হৈছে।

জিলা প্ৰশাসনৰ সূত্ৰে জানিব পৰা মতে, Foreigners’ Tribunal-এ পূৰ্বতে জৰিনা খাতুনক বিদেশী হিচাপে ঘোষণা কৰিছিল। সেই ঘোষণা আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ আৰক্ষী অধীক্ষকৰ পৰা প্ৰেৰণ কৰা প্ৰতিবেদনৰ ভিত্তিত জিলা উপায়ুক্তই এই আদেশ জাৰি কৰে। আদেশখনত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে, ঘোষিত বিদেশী নাগৰিক (DFN) হিচাপে তেওঁৰ উপস্থিতি ৰাজ্যৰ জনস্বাৰ্থ আৰু অভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰত ক্ষতিকাৰক বুলি বিবেচিত হৈছে। সেইদৰে আইন অনুসৰি তেওঁক ২৪ ঘণ্টাৰ ভিতৰত ৰাজ্য ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

উল্লেখযোগ্য যে, জৰিনা খাতুন (৬৮) হৈছে প্ৰয়াত চান্দ মিঞাৰ পত্নী আৰু প্ৰয়াত আব্বাছ আলীৰ কন্যা। তেওঁৰ পিতৃগৃহ আৰু স্বামীৰ গৃহ দুয়োটা মানকাচৰ থানাৰ অন্তৰ্গত সদৰটিলা গাঁৱত অৱস্থিত। তেওঁ ৯ গৰাকী সন্তানৰ মাতৃ—ইয়াৰে ৫ জন পুত্ৰ আৰু ৪ জনী কন্যা। স্থানীয় সূত্ৰে জনোৱা মতে, পৰিয়ালটো বহু বছৰ ধৰি উক্ত গাঁৱতেই বাস কৰি আহিছে।

প্ৰশাসনৰ আদেশ অনুসৰি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত ৰাজ্য ত্যাগ নকৰিলে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। লগতে বিভিন্ন বিভাগক একাধিক নিৰ্দেশ দিয়া হৈছে। সেই অনুসৰি সংশ্লিষ্ট ব্যক্তিৰ বায়োমেট্ৰিক তথ্য Foreigners Indication Portal (FIP)ত অন্তৰ্ভুক্ত কৰা, ভোটাৰ তালিকাৰ পৰা নাম বাদ দিয়া, আধাৰ কাৰ্ড বাতিল বা স্থগিত কৰা, ৰেচন কাৰ্ড বাতিল কৰা, চৰকাৰী আঁচনিৰ সুবিধা বন্ধ কৰা আৰু চল-অচল সম্পত্তি জব্দ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে। জিলা প্ৰশাসনে ইতিমধ্যে সংশ্লিষ্ট বিভাগসমূহক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ জাননী প্ৰেৰণ কৰিছে ।

ঘটনাটোৰ পটভূমিত জানিব পৰা মতে, জৰিনা খাতুনক ২০১৯ চনত প্ৰথমবাৰৰ বাবে ডিটেনছন কেম্পলৈ প্ৰেৰণ কৰা হৈছিল। পাছত ২০২১ চনৰ ৫ মে’ তাৰিখে তেওঁ জামিন লাভ কৰি ঘৰলৈ উভতি আহে। অৱশ্যে প্ৰায় ৬ মাহ পূৰ্বে পুনৰ তেওঁক আটক কৰি গোৱালপাৰাৰ মাটিয়া ডিটেনছন কেম্পত ৰখা হয়। বৰ্তমান তেওঁ মাটিয়া ডিটেনছন কেম্পতেই আৱদ্ধ হৈ আছে।

আইনী বিশেষজ্ঞসকলে জনোৱা মতে, Immigrants (Expulsion from Assam) Act, 1950 অনুসৰি জিলা উপায়ুক্তক ঘোষিত বিদেশীক ৰাজ্যৰ পৰা অপসাৰণৰ ক্ষমতা প্ৰদান কৰা হৈছে, যদি সেই ব্যক্তিৰ উপস্থিতি জনস্বাৰ্থৰ বাবে অনুকূল নহয় বুলি বিবেচিত হয়। এই বিধান অনুসৰিয়েই ১২ ফেব্ৰুৱাৰীত জাৰি কৰা আদেশখন প্ৰণয়ন কৰা হৈছে।

ইফালে, ঘটনাটোৱে সমগ্ৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাত চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় পৰ্যায়ত বিষয়টো লৈ বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে। যদিও প্ৰশাসনে স্পষ্টকৈ জনাইছে যে, এই ব্যৱস্থা সম্পূৰ্ণৰূপে আইন অনুসৰি গ্ৰহণ কৰা হৈছে আৰু Foreigners’ Tribunal-ৰ ৰায়ৰ ভিত্তিতেই পদক্ষেপ লোৱা হৈছে।

১২ ফেব্ৰুৱাৰীত জিলা উপায়ুক্তই সাক্ষৰ কৰা এই নিৰ্দেশনা কালি দক্ষিণ শালমাৰা-মানকাচৰ জিলা তথ্য আৰু জনসংযোগ বিভাগক প্ৰেৰণ কৰা হয়। জানিব পৰা মতে, তথ্য আৰু জনসংযোগ বিভাগে নিৰ্দেশনাখন গ্ৰহণ কৰাৰ লগে লগে ইয়াক ব্যাপকভাৱে প্ৰচাৰ আৰু কাৰ্যকৰী কৰাৰ দিশত পদক্ষেপ গ্ৰহণ কৰিছে। সেই অনুসৰি জিলা প্ৰশাসনেও জাননিটো কার্যকৰী কৰাৰ উদ্দেশ্যে তৎপৰতা আৰম্ভ কৰিছে বুলি সূত্ৰে প্ৰকাশ কৰিছে। অৰ্থাত ২৪ ঘণ্টাৰ ভিতৰত মহিলাগৰাকীক জিলা আয়ুক্তই অসম তথা ভাৰতৰ সীমা ত্যাগৰ নিৰ্দেশনা প্ৰদান কৰাৰ সময়সীমা ইতিমধ্যে সম্পন্ন হৈছে। বৰ্তমান সকলোৰে দৃষ্টি নিবদ্ধ হৈছে এই আদেশৰ পৰৱৰ্তী প্ৰক্ৰিয়াৰ ওপৰত। ২৪ ঘণ্টাৰ সময়সীমাৰ ভিতৰত কি পদক্ষেপ গ্ৰহণ কৰা হয় আৰু প্ৰশাসনে কিদৰে আইনী ব্যৱস্থা আগবঢ়ায়, সেয়া লক্ষ্যণীয় হৈ পৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments