ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ মানৱ সৰবৰাহ আৰু ডাইনী অপবাদৰ দৰে জঘন্য সামাজিক অপপ্ৰথাৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্যৰে আজি বাঘাপাৰাৰ চমৰাশালী সাংস্কৃতিক মঞ্চত (বাঘাপাৰা) এক ৰেলী-সহ সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। ‘সংকল্পঃ ডিষ্ট্ৰিক্ট হাব ফৰ এম্পাৱাৰমেন্ট অৱ উইমেন’, মিছন শক্তি, মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উদ্যোগত আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলা আইনী সেৱা প্ৰাধিকৰণৰ সহযোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
কাৰ্যসূচীত জিলা সমাজ কল্যাণ বিষয়া অনুপম দাস উপস্থিত থাকি সমাজত সচেতনতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লগতে সামাজিক কৰ্মী, অৱসৰপ্ৰাপ্ত শিক্ষক, বাঘাপাৰা এম ই স্কুলৰ প্ৰধান শিক্ষক, গাঁওৰক্ষী বাহিনীৰ সদস্য, অংগনৱাদী কৰ্মী আৰু স্থানীয় ৰাইজেও সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

অনুষ্ঠানৰ অংশ হিচাপে বাঘাপাৰা বজাৰ এলেকাত এক সজীৱ সজাগতা শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰাৰ জৰিয়তে ৰাইজক মানৱ সৰবৰাহ আৰু ডাইনী অপবাদৰ কুপ্ৰভাৱ সম্পৰ্কে সজাগ কৰা হয়।
ইফালে সভাত বিশিষ্ট অতিথিসকলে ভাষণ প্ৰদান কৰি মহিলা আৰু শিশুৰ অধিকাৰ সংৰক্ষণ, সমাজৰ সজাগ ভূমিকা আৰু আইনী ব্যৱস্থাৰ সহায় লোৱাৰ গুৰুত্বৰ কথা উল্লেখ কৰে। জিলা আইনী সেৱা প্ৰাধিকৰণৰ পৰা আইনী বিধান, অভিযোগ দাখিল পদ্ধতি আৰু অপৰাধ প্ৰতিৰোধৰ উপায় সম্পৰ্কে এক আন্তঃক্রিয়ামূলক সচেতনতা অধিবেশন অনুষ্ঠিত কৰে।
উল্লেখযোগ্য যে, সমাজত সজাগতা বৃদ্ধি আৰু মহিলাসকলক সুৰক্ষা প্ৰদানৰ উদ্দেশ্যে এনে কাৰ্যসূচী হাতত লোৱা বুলি জিলা সমাজ কল্যাণ বিভাগৰ পৰা জানিবলৈ দিয়া হৈছে।




