Tuesday, February 17, 2026
Google search engine
গৃহস্থানীয়মানকাচৰৰ গজাৰিকান্দিত আশা সন্মিলন

মানকাচৰৰ গজাৰিকান্দিত আশা সন্মিলন

১৮ গৰাকী শ্ৰেষ্ঠ আশা কৰ্মীক বঁটা, অৱসৰপ্ৰাপ্ত আৰু মৃত আশাৰ পৰিয়াললৈ আৰ্থিক সাহায্য

ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত গজাৰিকান্দি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ চৌহদত আজি দিনজোৰা কাৰ্যসূচীৰে জিলা আশা সন্মিলন অনুষ্ঠিত হয়। তৃণমূল পৰ্যায়ত স্বাস্থ্যসেৱা আগবঢ়াই নিয়াত আশা কৰ্মীসকলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। সেই অৱদানক স্বীকৃতি জনোৱা, কৰ্মোদ্যম বৃদ্ধি কৰা আৰু সেৱাৰ মান উন্নত কৰাৰ লক্ষ্যৰে প্ৰতিখন জিলাৰ স্বাস্থ্য বিভাগে প্ৰতি বছৰে এই ধৰণৰ আশা সন্মিলনৰ আয়োজন কৰে।

মানকাচৰত আশা সন্মিলনৰ কাৰ্যসূচীমতে, পুৱা পঞ্জীয়ন আৰু সংগীত পৰিবেশনৰ মাজেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। জিলা পৰিষদৰ সভানেত্ৰী তানজিনা খানে সন্মিলনখন উদ্বোধন কৰে। অনুষ্ঠানত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ সঞ্জয় চৌধুৰী, জিলা পৰিষদৰ উপ-সভাপতি ওৱাহিদুৰ ৰহমান, জিলা যক্ষ্মা ৰোগ বিষয়া ডাঃ এছ ইউ খন্দকাৰ, জিলা প্ৰকল্প বিষয়া ৰুফুল আমিন মণ্ডল আদিৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে। বক্তাসকলে আশা কৰ্মীসকলৰ নিৰলস সেৱাৰ শলাগ লৈ আগন্তুক দিনতো অধিক দায়িত্বশীলভাৱে কাম কৰি যাবলৈ আহ্বান জনায়।

সন্মিলনত যোৱা বৰ্ষত বিভিন্ন ক্ষেত্ৰত উৎকৃষ্ট কাম কৰা মুঠ ১৮ গৰাকী আশা কৰ্মীক বঁটা আৰু মানপত্ৰ প্ৰদান কৰা হয়।সৰ্বাধিক উপাৰ্জন শাখাত শাহিমা খাতুন, শেলিনা বেগম আৰু ছলেমা বেগমে বঁটা লাভ কৰে। উচ্চ ঝুঁকিপূৰ্ণ গৰ্ভৱতী মাতৃৰ প্ৰতিষ্ঠানিক প্ৰসৱ নিশ্চিত কৰা শাখাত শাহিমা খাতুন, ছলেমা বেগম আৰু ৰাশিদা খাতুন সম্বৰ্ধিত হয়। সম্পূৰ্ণ এএনচি নিশ্চিত কৰা শাখাত শেলিনা বেগম, কুলছিমা খাতুন আৰু আজিফা বিবিয়ে স্বীকৃতি লাভ কৰে। CBAC ফ’ল’আপ শাখাত আনোৱাৰা খাতুন, মমতাজ বেগম আৰু মইজান খাতুনে বঁটা লাভ কৰে। Injectable Contraceptive (ANTARA-MPV) সেৱা নিশ্চিত কৰা শাখাত শাজেদা খাতুন, ৰাশিদা খাতুন আৰু শাহিমা খাতুন সম্বৰ্ধনা লাভ কৰে।

ইয়াৰ উপৰিও ৬০ বছৰ পূৰ্ণ কৰা ১২ গৰাকী অৱসৰপ্ৰাপ্ত আশা কৰ্মীক চৰকাৰৰ পক্ষৰ পৰা ২ লাখ টকাকৈ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা হয়। লগতে কৰ্মৰত অৱস্থাত মৃত্যুমুখত পৰা দুগৰাকী আশাৰ পৰিয়ালক ১ লাখ টকাকৈ চৰকাৰী অনুদান আগবঢ়োৱা হয়। ৬০ বছৰ পূৰ্ণ কৰি অৱসৰ গ্ৰহণ কৰা আশা কৰ্মীসকল হৈছে—বিন্দু সাহা, দিলোৱাৰা বিবি, বদিয়ন নেছা চৰকাৰ, মছলেমা খাতুন, ৰেজিয়া বেৱা, মৰিয়ম বেৱা (দুগৰাকী), ৰায়হেনা বেগম, গীতা ৰাণী দাস, আমেনা খাতুন, মোমেনা খাতুন আৰু মিনতি মহন্ত; তেওঁলোকক চৰকাৰৰ পক্ষৰ পৰা ২ লাখ টকাকৈ আৰ্থিক অনুদান প্ৰদান কৰা হয়। আনহাতে, কৰ্মৰত অৱস্থাত মৃত্যুমুখত পৰা সাজেদা বেগম আৰু আৰ্জি বেগমৰ পৰিয়ালক ১ লাখ টকাকৈ চৰকাৰী সাহায্য আগবঢ়োৱা হয়।

সাংস্কৃতিক অনুষ্ঠান আৰু স্বাস্থ্য বিষয়ক আলোচনা পৰ্বৰে সন্মিলনৰ সামৰণি মৰা হয়। এই সন্মিলনৰ জৰিয়তে আশা কৰ্মীসকলৰ মাজত নতুন উদ্যম সঞ্চাৰ হোৱাৰ লগতে জিলাখনত স্বাস্থ্যসেৱা অধিক সুদৃঢ় হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments