ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ হাটশিঙিমাৰীত আজি পৰা দুদিনীয়া কাৰ্যসূচীৰে জিলা পৰ্যায়ৰ ক্ৰীড়া সমাৰোহ আৰম্ভ হৈছে। ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনস্থ ‘মেৰা যুবা ভাৰত, ধুবুৰী’ৰ উদ্যোগত আৰু হাটশিঙিমাৰী মহাবিদ্যালয় তথা ৰাষ্ট্ৰীয় সেৱা যোজনা (NSS) সহযোগত এই সমাৰোহ আয়োজন কৰা হৈছে।
আজিৰ উদ্বোধনী অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ ছাহেৰ আলী, পৰিচালনা সমিতিৰ সভাপতি মোবাৰক আলী সেখ, ৰাষ্ট্ৰীয় সেৱা যোজনা হাটশিঙিমাৰী ইউনিটৰ কাৰ্যবাহী বিষয়া ড০ আব্দুল কৰিম সেখ, সমগ্ৰ শিক্ষাৰ জিলা আচনি বিষয়া ৰাফিউল আলম আহমেদ আৰু জিলা ক্ৰীড়া বিভাগৰ শাৰীৰিক শিক্ষা নিৰ্দেশক ৰাজিবুল ইছলাম উপস্থিত থাকে।
দুদিনীয়া এই ক্ৰীড়া সমাৰোহত ল’ৰা আৰু ছোৱালীৰ বাবে পৃথকে মুঠ ৬ প্ৰকাৰৰ খেল অনুষ্ঠিত কৰা হ’ব। মহাবিদ্যালয়খনৰ বহু ছাত্ৰ-ছাত্ৰীয়ে উৎসাহেৰে এই ক্ৰীড়া সমাৰোহত অংশগ্ৰহণ কৰি বিভিন্ন প্ৰতিযোগিতাত খেল প্ৰদৰ্শন কৰে। এই ক্ৰীড়া সমাৰোহ কাইলৈ সামৰণি পৰিব।




