ডিজিটেল ডেক্স, স্কটলেণ্ড এবাৰ, দুবাৰ নহয়, তিনিবাৰকৈ ছুপাৰ অভাৰ দিহে নেপাল আৰু নেদাৰলেন টি-২০ ক্ৰিকেট প্ৰতিযোগিতাৰ ফলাফল উলিয়াবলগীয়া হৈছে স্কটলেণ্ট টি-২০ ট্ৰাই ছিৰিজত। স্কটলেণ্ড, নেপাল আৰু নেদাৰলেণ্ডৰ মাজত আৰম্ভ হৈছে ট্ৰাছ ছিৰিজ টি-২০ ক্ৰিকেট প্ৰতিযোগিতা। আজি প্ৰতিযোগিতাৰ দ্বিতীয়খন খেল নেপাল আৰু নেদাৰলেণ্ডৰ মাজত অনুষ্ঠিত কৰা হয়। নেপাল আৰু নেদাৰলেণ্ডৰ এই প্ৰতিযোগিতাত নেদাৰলেণ্ড প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭ উইকেটৰ বিনিময়ত ১৫২ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত নেপাল ক্ৰিকেট দল ২০ অভাৰত ৮ উইকেটৰ বিনিময়ত ১৫২ ৰান সংগ্ৰহ কৰাত খেলখন টাই হয়। ফলত দুয়োখন দলৰ মাজত ছুপাৰ অভাৰ দিবলগীয়া হয়। ছুপাৰ অভাৰত প্ৰথমে নেপাল বেটিং কৰি ১ অভাৰত ১৯ ৰান সংগ্ৰহ কৰে। নেদাৰলেণ্ড দল ও নিৰ্ধাৰিত ১ অভাৰত ১৯ ৰান কৰি দ্বিতীয় বাৰৰ বাবে টাই কৰে। ফলত দ্বিতীয় বাৰৰ বাবে দুয়োখন দলৰ মাজত ছুপাৰ অভাৰ দিবলগীয়া হয়। এইবাৰ নেদাৰলেণ্ড প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ১ অভাৰত ১৭ ৰান সংগ্ৰহ কৰে। নেপাল দল ৫ বলত ১১ ৰান সংগ্ৰহ কৰে। জয়ৰ বাবে নেপালক ১ বলত ৭ ৰানৰ প্ৰয়োজন। তেনে সময়ত নেপালে অন্তিম বলত ৬ কোবাই পুনৰ খেলখন তিনিবাৰৰ বাবে টাই কৰে। ফললত তৃতীয় বাৰৰ বাবে ছুপাৰ অভাৰ দিবলগীয়া হয়। তৃতীয় ছুপাৰ অভাৰত নেপাল প্ৰথমে বেটিং কৰি প্ৰথম বলত উইকেট হেৰুৱায়। দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ বল একেৰাহে ডট বল হোৱাৰ পাচত পঞ্চম বলত নেপাল আৰু এটা উইকেট হেৰাৱায়। দুই উইকেটৰ পতন হোৱা বাবে নেপাল তৃতীয় ছুপাৰ অভাৰত শুন্য ৰানত ইনিংছ সামৰিবলগীয়া হয়। জয়ৰ বাবে নেদাৰলেণ্ডৰ ১ অভাৰত ২ উইকেটৰ বিনিমত মাত্ৰ ১ ৰানৰ প্ৰয়োজন হয়। তৃতীয় ছুপাৰ অভাৰৰ দ্বিতীয় ইনিংচত নেদাৰলেণ্ড প্ৰথম বলতে ৬ কোবাই মেচখন জয়লাভ কৰিবলগীয়া হয়।
প্ৰথমে ২০ অভাৰত ড্ৰ হোৱা খেলখন একেৰাবে তিনিবাৰকৈ ছুপাৰ অভাৰ দিহে ফলাফল উলিয়াবলগীয়া হয়। আজিৰ এই খেলখনে ক্ৰিকেটপ্ৰেমীক ব্যাপক ভাৱে আমোদ দিয়া পৰিলক্ষিত হয়।