ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ অধীনস্থ বাংলাদেশ সীমান্তৱৰ্তী মণ্ডলপাৰা গাঁওত আজি বিএছএফ আৰু আৰক্ষীয়ে এক যৌথ অভিযানৰ জৰিয়তে চাৰিজনকৈ অবৈধ বাংলাদেশী নাগৰিক আটক কৰিছে। বাংলাদেশ সীমান্তৰ সঞ্জয় সাধু বিএছএফ কেম্পৰ কমাণ্ডেণ্ট জনৰ নেতৃত্বত ১৮৩ নং বেটেলিয়ান বিএছএফৰ দল এটা মানকাচৰ আৰক্ষীৰ সহযোগত দিনৰ প্ৰায় ১ বজাত মণ্ডলপাৰা গাঁওৰ লাল বাদশা নামৰ লোক এজনৰ ঘৰত অভিযান চলায়। ঘৰখনৰ পৰা দুগৰাকী মহিলা আৰু দুজন পুৰুষ বাংলাদেশী নাগৰিক আটক কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলে। ধৃত বাংলাদেশী কেইটাক বাংলাদেশীৰ বাঘেৰহাট জিলাৰ ৰাইন্ধা থানা এলেকাৰ অধীনস্থ সাৰানখুল্লা গাঁৱৰ মহাম্মদ মানিকৰ পুত্ৰ মহাম্মদ মুনিৰ (১৮), আব্দুল মালিকৰ পুত্ৰ মেহেন্দি হাছান (১৮), একেখন জিলাৰ মৰেলগঞ্জ থানাৰ অন্তৰ্গত মধ্যম বিৰশা গাঁৱৰ হাফিজ শিকদাৰৰ পত্নী ফাহিমা বেগম (৩২) আৰু ছোট পৰি গাঁৱৰ বিলাল মালিকৰ পত্নী নাজনীন বেগম (২৪) বুলি চিনাক্ত কৰা হৈছে। বিএছএফে তেওঁলোকৰ পৰা তিনিটা মোবাইলফোন উদ্ধাৰ কৰিছে। আজি নিশাৰ ভিতৰত সঞ্জয় সাধু বিএছএফে অবৈধ বাংলাদেশী কেইটাক সীমান্তয়েদি স্বদেশলৈ উভতাই পঠাব বুলি জানিব পৰা গৈছে। অবৈধ বাংলাদেশী নাগৰিক কেইটা মেঘালয়ৰ মহেন্দ্ৰগঞ্জ এলেকাৰে ভাৰতলৈ প্ৰৱেশ কৰি মানকাচৰৰ মণ্ডলপাৰাৰ লাল বাদশা নামৰ লোকজনৰ ঘৰত আশ্ৰয় লৈছিল। সম্প্ৰতি লাল বাদশা পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে।