Tuesday, July 1, 2025
Google search engine
গৃহস্থানীয়ফকিৰগঞ্জত চকুৰ সম্মুখত পলকতে উটি গ'ল জামে মছজিদ

ফকিৰগঞ্জত চকুৰ সম্মুখত পলকতে উটি গ’ল জামে মছজিদ

ডিজিটেল ডেক্স, ফকিৰগঞ্জঃ- ধুবুৰী জিলাৰ অন্তৰ্গত জৰুৱা-বিৰসিং সমষ্টিৰ অধীনস্থ ফকিৰগঞ্জ ওহাব বজাৰত বিগত প্ৰায় তিনি সপ্তাহ ধৰি ব্ৰহ্মপুত্ৰৰ পাৰত ভয়ংকৰ খহনীয়া চলি আছে। মাত্ৰ তিনিটা সপ্তাহৰ ভিতৰত ওহাৱ বজাৰৰ তিনি শতাধিক দোকান আৰু শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ খহনীয়াৰ কৱলত পৰি স্থানান্তৰ কৰিবলগীয়া হৈছে।

যোৱা চাৰিদিন পূৰ্বে ওহাৱ বজাৰৰ একমাত্ৰ জামে মছজিদখনৰ তলৰ ভাগত মাটি খহাই নিয়াৰ ফলত মছজিদ খনত সেই দিনাৰ পৰা মাগ্ৰিবৰ নামজ বন্ধ কৰি দিয়া হয়। ততকালীন ভাৱে ইছলাম ধৰ্মৰ লোক সকলে মছজিদৰ সন্মুখত নামাজ আদায় কৰি সেইদিনাৰ পৰাই মছজিদ খনত নামাজ বন্ধ কৰি দিয়া হয়।

আজি চাৰিটা দিনৰ অন্তত পুৱা প্ৰায় ১১ বজাত জামে মছজিদ খন চকুৰ পলকতে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায়। মছজিদৰ মিনাৰটো দিনৰ প্ৰায় দুই বজালৈ ব্ৰহ্মপুত্ৰৰ মাজত দেখা গৈছিল যদিও লাহে লাহে মিনাৰটো পানীৰ তলত ডুব গৈছে। কেবা লক্ষাধিক টকাৰে নিৰ্মাণ কৰা আৰচিচি মছজিদ খন আজি সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ যায়।

হেজাৰ হেজাৰ মানুহ আজি মছজিদ বিলীন হোৱাৰ সাক্ষী হৈ থাকে। খহনীয়া প্ৰতিৰোধৰ বাবে স্থানীয় লোকে চৰকাৰ, স্থানীয় বিধায়ক হাজী ওৱাজেদ আলী চৌধুৰী, সাংসদ ৰকিবুল হুছেইন আৰু জিলা প্ৰশাসন বাৰে বাৰে দাবী জনাই অহাৰ পাচতো অঞ্চলটোৰ খহনীয়াৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াত ৰাইজে আল্লাহৰ ওচৰত দোৱা-প্ৰাৰ্থনা কৰা দেখা যায়।

মাত্ৰ প্ৰায় তিনিটা সপ্তাহৰ ভিতৰত ওহাব বজাৰৰ ৯৫ শতাংশ দোকান-পাট ইতিমধ্যে খহনীয়াৰ কৱলত পৰি তিনি শতাধিক দোকান স্থানান্তৰ কৰা হৈছে। দুই এদিনৰ ভিতৰত ওহাৱ বজাৰখন সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ যাব। বজাৰখন এইদৰে জাহ যোৱাৰ ফলত ৫ শতাধিক দোকানৰ ব্যৱসায়ী সকল এতিয়া কৰ্মহীন হৈ পৰিছে।

 তেওঁলোক কোনোমতে যাৱতীয় সামগ্ৰীখিনি নিজৰ ঘৰত নি জমা ৰাখিছে যদিও দোকান বহুৱাবলৈ ঠাই বিচাৰি পোৱা নাই। একেদৰে শতাধিক পৰিয়াল খহনীয়াৰ কবলত পৰি একাংশই ভাৰামাটিত কোনোমতে আশ্ৰল লবলগীয়া হৈছে। আন একাংশ জনে মেঘালয়ৰ গাৰো পাহাৰত অস্থায়ী আশ্ৰয় লোৱা বুলি জানিব পৰা গৈছে। বাৰিষা আহিলে প্ৰতি বছৰ এইদৰে দক্ষিণ শালমাৰাৰ বিভিন্ন এলেকাত খহনীয়া হোৱাটো কোনো নতুন কথা নহয়।

কিন্তু এইদৰে এখন বজাৰ সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ পাচতো অঞ্চলটোত খহনীয়া প্ৰতিৰোধৰ বাবে অস্থায়ী কোনো কাম জিলা প্ৰশাসনে হাতত নোলোৱাত ৰাইজ চৰকাৰ, জিলা প্ৰশাসনৰ ওপৰত ক্ষুব্ধ হৈ পৰিছে।

লক্ষ্যণীয় যে, খহনীয়াৰ ভয়ংকৰ পৰিস্থিতিৰ দেখি স্থানীয় এগৰাকী মহিলা আৰু যুৱকে ধুবুৰীত মুখ্যমন্ত্ৰীক সাক্ষাত কৰি এখন স্মাৰত পত্ৰ প্ৰদান কৰিছিল। ৰাইজৰ সম্মুখত ৰাস্তাৰ মাজতে মুখ্যমন্ত্ৰীয়ে এই স্মাৰকপত্ৰ গ্ৰহণ কৰিলে যদিও খহনীয়াৰ প্ৰতিৰোধৰ বাবে মুখ্যমন্ত্ৰীয়ে কোনো ব্যৱস্থা নোলোৱাত আজি বজাৰখন এইদৰে মানচিত্ৰৰ পৰা হেৰাই গ’ল। ৰাইজে কেবালক্ষাধিক টকাৰে নিৰ্মাণ কৰা ঐতিহাসিক এই জামে মছজিদখনো ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ পৰিলে।

মন কৰিবলগীয়া বিষয় এয়া যে, অঞ্চলটোত খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহন নকৰিলে ফকিৰগঞ্জ বজাৰ, ফকিৰগঞ্জ আৰক্ষী থানা, ঐতিহাসিক হামিদাবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয় খহনীয়াৰ কবলত পৰিব। ফকিৰগঞ্জ বজাৰত প্ৰায় সহস্ৰাধিক লোকে দোকান কৰি জীৱিকা নিৰ্বাহ কৰিছে। কিন্তু খহনীয়া নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে বজাৰখনো ব্ৰহ্মপুত্ৰৰ বুকুত হেৰাই যোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে।

উল্লেখ কৰিব পাৰি যে, বিগত ৭-৮ বছৰৰ ভিতৰত ফকিৰগঞ্জ এলেকাত হেজাৰ হেক্টৰ কৃষি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ লগতে অতি কমেও ১০ সহাস্ৰাধিক পৰিয়াল খহনীয়াৰ কৱলত ঘৰ-দুৱাৰ হেৰুৱাইছে। মাত্ৰ কেইটামান বছৰৰ ভিতৰত ৬-৭ খনকৈ বজাৰ এইদৰে সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰৰ বুকুত হেৰাই গৈছে। ইমানৰ পাচতো চৰকাৰে ফকিৰগঞ্জ এলেকাৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাই বুলি একাংশই অভিযোগ তুলিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments