ডিজিটেল ডেক্স, দক্ষিণ শালমাৰা, ২৯ জুনঃ অলপতে সদৌ অসম মজলীয়া বিদ্যালয় শিক্ষক সন্থাৰ গৌৰৱোজ্জ্বল ৭৫ বছৰীয়া ইতিহাসৰ মহাৰজত জয়ন্তী কাৰ্য্যসুচী খলিচামাৰী মজলীয়া বিদ্যালয়ত এদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসুচীৰে উদযাপন কৰা হয়। উল্লেখযোগ্য যে, ২৫ জুন তাৰিখে পূৱা ৮ বজাত সন্থাৰ পতাকা উত্তোলন কৰে দক্ষিণ শালমাৰা মানকাচাৰ জিলা মজলীয়া বিদ্যালয় শিক্ষক সন্থাৰ জিলা সভাপতি আব্দুল হাফিজ চৌধুৰীয়ে। শ্বহীদ বেদীত স্মৃতি তৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে সন্থাৰ প্ৰাক্তন সভাপতি আলহাজ জাহান উদ্দিন।মহাৰজত জয়ন্তী উপলক্ষে পূৱা ৮:৩০ বজাত বিদ্যালয় চৌহদত বৃক্ষ ৰোপন কৰে সন্থাৰ উপ সভাপতিদ্বয় ক্ৰমে নুৰুল ইছলাম আৰু গোলাম মৰ্তুজা আহমেদ। ইয়াৰ পিছত পূৱা ৯:০০ বজাত সন্থাৰ সম্পাদক জাবেদ আলী সেখৰ সঞ্চালনতাত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত কবিতা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। কুইজ প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে খলিচামাৰী মজলীয়া বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে আৰু দ্বিতীয় স্থান অধিকাৰ কৰে ফকিগৰঞ্জ মজলীয়া বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে। কবিতা আবৃত্তিত প্ৰথম স্থান পায় পোৰাৰচৰ মজলীয়া বিদ্যালয়ৰ ছাত্ৰী আকলিমা খাতুন আৰু দ্বিতীয় স্থান পাটাকাটা মজলীয়া বিদ্যালয়ৰ ছাত্ৰ ইয়ানূৰ ৰহমানে । স্থান প্ৰাপ্ত ছাত্ৰ ছাত্ৰীক সন্থাৰ সহ সম্পাদক ৱাহেদুৰ ৰহমানে এখনি প্ৰমাণ পত্ৰ আৰু ট্ৰফীৰে উৎসাহিত কৰে। দিনৰ ১১ বজাত প্ৰতিনিধি সভা অনুষ্ঠিত কৰা হয় । সভাত আব্দুল হাফিজ চৌধুৰীক জিলাৰ সভাপতি, ৱাহেদুৰ ৰহমানক সম্পাদক আৰু জাবেদ আলী সেখক কমিটিৰ উপদেষ্টা হিচাপে লৈ ২০ জনীয়া কমিটি প্ৰস্তাৱ আৰু সমৰ্থন যোগে গঠন কৰা হয়। আবেলী ২ বজাত আব্দুল হাফিজ চৌধুৰীৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাখন উদ্বোধন কৰে ফকিগৰঞ্জ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কুন্দন ৰবিদাসৰ হৈ খছেৰ আলী আহমেদে। মুকলি সভাত ন- পূৰণি সতীৰ্থসকলৰ লগতে সন্থাৰ প্ৰাক্তন বিষয় ববীয়াক অসমৰ জাতীয় গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। মুকলি সভাত বিশিষ্ট অতিথি হিচাপে ভাষণ প্ৰদান কৰে সদৌ অসম মজলীয়া বিদ্যালয় শিক্ষক সন্থাৰ উপ সভাপতিৰ আব্দুল মুন্নাফ খানে। সভাত গুনুচনদ্ৰ মালিকে ধৰি আনকেইবাজন অতিথি আফজাল হক চৌধুৰী আৰু আব্দুল মালেক উপস্থিত থাকি মূল্যবান ভাষণ প্ৰদান কৰে।