Tuesday, July 1, 2025
Google search engine
গৃহUncategorizedমানকাচৰত বৃহৎ পৰিমানৰ নিচাজাতীয় টেবলেট, কফ ছিৰাফ সহ আটক এজন

মানকাচৰত বৃহৎ পৰিমানৰ নিচাজাতীয় টেবলেট, কফ ছিৰাফ সহ আটক এজন

ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰ থানা এলেকাৰ অধীনস্থ বেপাৰীপাৰা ফেৰীঘাটত আজি বিয়লি প্ৰায় ৫.৩০ বজাত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমানৰ নিচাজাতীয় টেবলেট আৰু ড্ৰাগছ সহ এজনক আটক কৰে।

উল্লেখযোগ্য যে, মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপক বৰগোৱাৰীৰ এক গোপন তথ্যৰ ভিত্তিত জিলা আৰক্ষীৰ দল এটা সুখচৰ আৰু মানকাচৰ আৰক্ষীৰ সহযোগত বেপাৰীপাৰা ফেৰীঘাটত ড্ৰাগছ বিৰোধী অভিযান চলায়। অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাব দাসৰ নেতৃত্বত চলা এই অভিযানত ৩২৬০ টা নিচাজাতীয় টেবলেট আৰু ১১০ টা কফ ছিৰাফ জব্দ হয়। আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰীটোক মানকাচৰৰ পূৱেৰ গাঁৱৰ আব্দুল বাতেনৰ পুত্ৰ নয়ন মিঞাক (২৩) বুলি চিনাক্ত কৰা হৈছে। ইতিমধ্যে আৰক্ষীয়ে নিচাজাতীয় টেবলট আৰু কফ ছিৰাফ খিনি জব্দ কৰি নয়ন মিঞাক জেৰাৰ বাবে সুখচৰ থানাত নিয়া হৈছে।

লক্ষণীয় যে, চুবুৰীয়া পশ্চিম বঙ্গৰ পৰা ড্ৰাগছ খিনি ধুবুৰীলৈ আনি ফেৰীৰে নদীপথ অতিক্ৰম কৰি মানকাচৰলৈ নিয়াৰ বাবে অনা হৈছিল। কিন্তু আৰক্ষীয়ে গোপন সুত্ৰৰ ভিত্তিত অভিযান চলাই ফেৰীঘাটৰ পৰাই ড্ৰাগছখিনি জব্দ কৰি সৰবাহকাৰীটোক কৰায়ত্ব কৰে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments