Tuesday, October 14, 2025
Google search engine
গৃহUncategorizedহাটশিঙিমাৰীত অগ্নিকাণ্ড । ২০ লক্ষধিক টকাৰ ক্ষতি-সাধন

হাটশিঙিমাৰীত অগ্নিকাণ্ড । ২০ লক্ষধিক টকাৰ ক্ষতি-সাধন

   ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ– দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত আজি সন্ধিয়া প্ৰায় ৮ বজাত সুতা-জালৰ হোলছেল দোকান এখনত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈ ২০ লক্ষাধিক টকাৰ বিস্তৰ ক্ষতি-সাধন হয়।

    উল্লেখযোগ্য যে, বিগত প্ৰায় ২০ বছৰ ধৰি হাটশিঙিমাৰী ছুপাৰ মাৰ্কেটত সূতা-জালৰ হোলছেল দোকানী হিচাপে সকলোৰে পৰিচিত মাতিনুৰ ইছলামৰ দোকানত আজি সন্ধিয়া হঠাত ভয়ংকৰ অগ্নিকাণ্ডৰ সুত্ৰপাত ঘটে। অগ্নিকাণ্ড সংঘটিত হোৱাৰ প্ৰায় আধাঘণ্টা পূৰ্বে দোকানখন বন্ধ কৰি বজাৰলৈ ওলাই যোৱাৰ পাচতেই তেওঁৰ দোকানখনত জুই লগা বুলি স্থানীয় লোকে খবৰ দিয়ে। লগে লগে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমাবলৈ সক্ষম হয় যদিও দোকানখনৰ ভিতৰভাগ সম্পূৰ্ণৰূপে ভস্মীভূত হৈ ভিতৰত থকা প্ৰায় ২০ লক্ষাধিক টকাৰ সুজা-জালকে ধৰি বিভিন্ন সামগ্ৰী ভস্মীভূত হয়। এই ঘটনাৰ ফলত মাতিনুৰ ইছলামৰ বিস্তৰ ক্ষতি সাধন হয়। ঘটনাৰ পাচতেই খাৰুৱাবান্ধা আৰক্ষী, আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। মাতিনুৰ ইছলামক চৰকাৰী ভাৱে কিছু আৰ্থিক সহায়ৰ বাবে দল-সংগঠনে চৰকাৰলৈ আহ্বান জনাইছে।

    বন্ধ কৰি থোৱা দোকানখনত বিদ্যুত বিজুতি ঘটি অগ্নিকাণ্ড সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে। ভিতৰৰ পৰা ধোৱা ওলাই অহাৰ ফলত ৰাইজে জুই লগা বুলি প্ৰত্যক্ষ কৰি দোকানৰ মালিক আৰু অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিছিল যদিও মহূৰ্তৰ ভিতৰতে সকলো জলি ২০ লক্ষাধিক টকাৰ সামগ্ৰী সম্পূৰ্ণৰূপে নষ্ট হয় বুলি দোকানী মাতিনুৰ ইছলামে জানিবলৈ দিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments