Tuesday, October 14, 2025
Google search engine
গৃহস্থানীয়মানকাচৰ-মেঘালয়ত প্ৰশাসনৰ সহযোগত শান্তিপূৰ্ণ ভাৱে অৰ্ধশতাধিক দেৱীৰ প্ৰতিমা বিসৰ্জন ।

মানকাচৰ-মেঘালয়ত প্ৰশাসনৰ সহযোগত শান্তিপূৰ্ণ ভাৱে অৰ্ধশতাধিক দেৱীৰ প্ৰতিমা বিসৰ্জন ।

ডিজিটেল সেৱা, মানকাচৰঃ অশুভ শক্তিৰ প্ৰতীক মহিষাসুৰক বধ কৰি বৃহস্পতিবাৰে এবছৰ বাবে উভতিল দেৱী দুৰ্গা । ষষ্ঠীত বেল বোধনেৰে প্ৰতিষ্ঠা কৰা দশভূজা দুৰ্গাক বৃহস্পতিবাৰে বিজয়া দশমীত বিসৰ্জন দিয়া হয় । দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো শান্তিপূৰ্ণ ভাৱে বিসৰ্জন দিয়া হয় দেৱীৰ প্ৰতিমা সমূহ। জিলাখনত এইবেলি মুঠ ৪২ টাকৈ স্থানত উলহ-মালহেৰে দূৰ্গোৎসৱ উদযাপন কৰা হৈছে। সমান্তৰাল ভাবে জিলাখনৰ অসম-মেঘালয় সীমান্তৱৰ্তী চুবুৰীয়া মেঘালয়ৰ  হেলিডেগঞ্জ এলেকাত মুঠ ৯ খন আৰু ফুলবাৰী এলেকাত ৩ খন মন্দিৰত দূৰ্গোৎসৱ উদযাপন কৰা হয়। মানকাচৰ আৰু মেঘালয়ৰ মুঠ ৬ খনকৈ নৈৰ ঘাটত দেৱীৰ প্ৰতিমা সমূহ শান্তিপূৰ্ণ ভাৱে বিসৰ্জন দিয়া হয়।

ইফালে দক্ষিণ শালমাৰা থানা এলেকাৰ অধীনস্থ ফুলবাৰী ফেৰী ঘাটত অসম আৰু মেঘালয়ৰ মুঠ ১০ খন দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়া হৈছে। ফকিৰগঞ্জ, সুখচৰ, মানকাচৰৰ মেলাঘাট আৰু কালাপানী এলেকাতো প্ৰায় অৰ্ধ শতাধিক দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়া হয়। মানকাচৰৰ মেলাঘাটত সন্ধিয়া ৭ বজালৈ প্ৰতিমা সমূহ বিসৰ্জন দিয়া হয়। হাটশিঙিমাৰী জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন আৰু শান্তি কমিটিৰ লগতে ৰাইজৰ সহযোগত প্ৰতি বছৰে এইদৰে মুছলমান প্ৰধান দক্ষিণ শালমাৰা-মানকাচৰ জিলাত সম্পূৰ্ণ শান্তিপূৰ্ণ ভাৱে দেৱীৰ প্ৰতিমা সমূহ বিসৰ্জন দিয়া হয়।

    লক্ষণীয় যে, মা দুৰ্গাক বিদায় দিয়াক পূৰ্বে প্ৰতিখন পূজামণ্পত সেন্দুৰ খেল অনুষ্ঠিত কৰা হয়। প্ৰতিখন পূজা মণ্ডপত বিবাহিতা মহিলাৰ মাজত পৰম্পৰাগত সেন্দুৰ খেলৰ আয়োজন কৰা হয়। মহিলা সকলে মাৰ চৰনত আশীস গ্ৰহন কৰি দেৱীক সেন্দুৰ দিয়াৰ পাচত পৰম্পৰাগত ভাৱে এজনে আনজনক সেন্দুৰ প্ৰদান কৰি সৰ্বজনৰ মংগল কামনা কৰে। অসম-মেঘালয় সীমান্তৱৰ্তী হাটছিঙিমাৰীৰ মহামায়া ধামতো বিবাহিতা মহিলা সকলে এজনে আনজনক সেন্দুৰ প্ৰদান কৰি সেন্দুৰ খেলৰ পৰম্পৰা ৰক্ষা কৰে। মহামায়া ধামত উখল মাখল পৰিবেশৰ সৃষ্টি হয়। সেন্দুৰ খেলৰ পাচতে দিনৰ প্ৰায় ১১ বজাত জিলাৰ সদৰ হাটশিঙিমাৰীত জিলা আৰক্ষীয়ে অনুষ্ঠিত কৰা দুৰ্গাপূজা মণ্ডপৰ পৰা দেৱীৰ প্ৰতিমা ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী শিশুমাৰা বিএছএফ ঘাটলৈ নিয়া হয়। আৰক্ষী অধীক্ষক হৰেন টকবী, তিনিগৰাকী উপ আৰক্ষী অধীক্ষক আৰু জিলা প্ৰশাসনৰ বিষয়-ববীয়াৰ উপস্থিতিত বিএছএফ ঘাটত ব্ৰহ্মপুত্ৰত দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়া হয়। দিনৰ প্ৰায় ১ বজাতে আৰক্ষীয়ে অনুষ্ঠিত কৰা দুৰ্গা পূজাৰ প্ৰতিমা নৈৰ ঘাটত বিসৰ্জন দিয়াৰ পাচত আৰক্ষীৰ লোক সকল বিভিন্ন ঘাটলৈ কৰ্তব্য পালনৰ বাবে ৰওনা হয়।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments