Tuesday, October 14, 2025
Google search engine
গৃহস্থানীয়প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি মানকাচৰত আছুৰ মমশিখা সমদল ।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি মানকাচৰত আছুৰ মমশিখা সমদল ।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি মানকাচৰত আছুৰ মমশিখা সমদল । গৰীয়া-মৰীয়া-দেশী জাতীয় পৰিষদৰ ৰাইজৰ সহযোগ

সদৌ অসম ছাত্র সন্থাৰ আহ্বানত সদৌ দক্ষিণ শালমাৰা-মানকাচৰ জিলা ছাত্র সন্থাই শুক্ৰবাৰে সন্ধিয়া ৬ বজাত গৰীয়া-মৰীয়া দেশী জাতীয় পৰিষদ আৰু ৰাইজৰ সহযোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি মমশিখা সমদল কাৰ্যসূচী ৰূপায়ন কৰে। হাটশিঙিমাৰী মহাবিদ্যালয় চৌহদৰ পৰা উলিওৱা এই মমশিখা সমদলত অংশগ্ৰহন কৰা প্ৰতিবাদকাৰী সকলে হাতে হাতে মমবাতি লৈ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত সমবেত হৈ বিভিন্ন শ্লোগান দিয়ে। জুবিন দা অমৰ হওক, জয় জুবিনদা, জুবিনদাক ন্যায় লাগে বুলি আছু কৰ্মী সকলে হাটশঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত উত্তাল শ্লোগান দিয়ে। এই মমশিখা সমদল কাৰ্যসূচীৰ জৰিয়তে আছুয়ে কেবাটাও দাবী উত্থাপন কৰিছে। দাবী কেইটা ক্ৰমে- জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষিপ্ৰ, পানী নসৰকা তদন্ত কৰক, দোষীক শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰ শাস্তি প্ৰদান কৰক, অৰ্থনৈতিক অপৰাধৰ তদন্ত কৰক আৰু দোষীক শাস্তি দিয়ক । বিজেপি চৰকাৰে শীঘ্ৰে অভিযুক্ত কেইজনক গ্ৰেপ্তাৰ নকৰিলে আছুয়ে পৰৱৰ্তী পৰ্যায়ত ৰাইজৰ সহযোগত ভয়ংকৰ আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ প্ৰদান কৰে জিলা আছুৰ সভাপতি আব্দুৰ ৰেজ্জাক সেখ।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments