হাটশিঙিমাৰী জ্ঞান বিকাশ একাডেমীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক বিশেষ শ্ৰদ্ধাঞ্জলি । হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিটো মৃত্যু বাৰ্ষিকীত একাডেমী অৰ্ধ বন্ধ ৰখাৰ সিদ্ধান্ত । নিৰ্মিয়মান ধুবুৰী-ফুলবাৰী দলং জুবিন গাৰ্গৰ নামত নামাকৰণৰ দাবী
নৱ প্ৰযন্মৰ হাৰ্টথ্ৰ’ৱ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যত আজিও শোকস্তব্ধ ৰাজ্যবাসী । লাখ লাখ অনুৰাগীৰ উপস্থিতিত সোনাপুৰত ৰাজ্যিক মৰ্যাদাৰে অসমীয়াৰ হিয়াৰ আমঠু মহানায়ক জুবিন গাৰ্গৰ অন্ত্যোষ্ঠিক্ৰিয়া ২৪ ছেপ্টেম্বৰত সম্পন্ন কৰা হয়। জুবিনৰ মৃত্যুৰ দিনৰে পৰা দেশ-বিদেশৰ লগতে ৰাজ্যজুৰি শ্ৰদ্ধাঞ্জলি যাচিছে লাখ লাখ জুবিনপ্ৰেমীয়ে। দক্ষিণ শালমাৰা-মানকাচৰত জিলা প্ৰশাসনৰ উপৰিও বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে হিয়াৰ আমঠু গৰাকীক শ্ৰদ্ধাঞ্জলি জনাই আহিছে। ২৪ তাৰিখে সন্ধিয়া হাটশিঙিমাৰী জ্ঞান বিকাশ একাডেমীৰ ফালৰ পৰা জুবিন গাৰ্গক বিশেষ ভাৱে শ্ৰদ্ধাঞ্জলি জনোৱা হয়। হাটশিঙিমাৰী মহাবিদ্যালয় খেল পথাৰত হিয়াৰ আমঠু গৰাকীক জ্ঞান বিকাশ একাডেমীৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে বিশেষ ভাৱে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। প্ৰাণৰ শিল্পী গৰাকীক সুৱৰি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয় জুবিন দাক। মাটিৰ চাকিৰে হাৰ্টথ্ৰৱ জুবিনদাক শ্ৰদ্ধা জনায় জ্ঞান বিকাশ একাডেমীয়ে।
জুবিন গাৰ্গৰ প্ৰতিটো মৃত্যু বাৰ্ষিকীৰ দিনা জ্ঞান বিকাশ একাডেমীয়ে অৰ্ধ বন্ধ পালন কৰাৰ সিদ্ধান্ত লৈছে । জুবিন গাৰ্গক নৱপ্ৰযন্মৰ মাজত যুগ যুগ ধৰি জীয়াৰ ৰখাৰ বাবে এই সিদ্ধান্ত জ্ঞান বিকাশ একাডেমীৰ।
লক্ষণীয় যে, এছিয়া মহাদেশৰ ভিতৰতে নিৰ্মীয়মান সৰ্ববৃহত ধুবুৰী-ফুলবাৰী দলংখন জুবিন গাৰ্গৰ নামত নামাকৰণ কৰিবলৈ সামাজিক মাধ্যমত নেটিজেন সকলে দাবী কৰি অহা পৰিলক্ষিত হৈছে।