স্বচ্ছ ভাৰত অভিযানৰ উদ্যোগত সমগ্ৰ ৰাষ্ট্ৰতে নৱম সংস্কৰণ ‘স্বচ্ছতাই সেৱা’ ২০২৫, ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰ অৰ্থাৎ গান্ধী জয়ন্তীলৈকে ১৫ দিনীয়াকৈ পালন কৰা হৈছে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত কালি জিলা পানী আৰু অনাময় সমিতিয়ে ‘স্বচ্ছতাই সেৱা’ কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি এক চাফাই অভিযান ৰূপায়ন কৰে। এই অভিযানৰ জৰিয়তে হাটশিঙিমাৰী ছুপাৰ মাৰ্কেট আৰু বাছ আস্থানত চাফাই অভিযান চলাই জিলাৰ সদৰ পৰিষ্কাৰ কৰা হয়। ৰাইজ আৰু ব্যৱসায়ীৰ মাজত সজাগতা আনিবলৈ জিলা পানী আৰু অনাময় সমিতিয়ে এই কাৰ্য্যসূচী ৰূপায়ন কৰা বুলি দক্ষিণ শালমাৰা মানকাচৰ জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ভাৰপ্ৰাপ্ত কাৰ্যবাহী বিষয়া কুলেন্দু কুমাৰ গগৈয়ে জানিবলৈ দিয়ে। এই কাৰ্যসূচীত ফেকামাৰী খণ্ড উন্নয়ন বিষয়া বাপধন আলীও উপস্থিত থকাৰ আছিল। জিলা প্ৰশাসন, জিলা আইন সেৱা প্ৰাধিকাৰীৰ লগতে ছাফাই কৰ্মী সকলে এই ছাফাই অভিযানত অংশগ্ৰহন কৰে।
ইফালে জিলাৰ সদৰৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠানত হাটশিঙিমাৰী মহাবিদ্যালয়তো এনচিচিৰ পৰা ‘স্বচ্ছতাই সেৱা’ কাৰ্যসূচীক লৈ মহাবিদ্যালয় চৌহদত ছাফাই অভিযান চলোৱা হয়। এনচিচিৰ কেডাৰ সকলৰ লগতে অধ্যক্ষ ড০ সাহেৰ আলী আৰু অধ্যাপক সকলে এনচিচিৰ এই ‘স্বচ্ছতাই সেৱা’ কাৰ্যসূচীত অংশগ্ৰহন কৰে।