ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ-
দুদিনীয়া কাৰ্যসূচীৰে আজি মানকাচৰত উপস্থিত হৈছে মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্ম । মন্ত্ৰী গৰাকী দিনৰ প্ৰায় ১.৩০ বজাত মেঘালয়ৰ তুৰা হৈ জিলাৰ সদৰ হাটশিঙিমাৰীত উপস্থিত হোৱাৰ পাচত আৱৰ্ত ভৱনত দূপৰীয়া আহাৰ গ্ৰহন কৰে। ইয়াৰ পাচত বিয়লি প্ৰায় ৩ বজাত জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু জিলা প্ৰশাসনৰ সৈতে পৰ্যালোচনা সভাত অংশগ্ৰহন কৰে। ৰাজ্যৰ ভিতৰত প্ৰতিটো ক্ষেত্ৰতে অতিকৈ পিছপৰি থকা বাংলাদেশ আন্তৰাষ্ট্ৰীয় সীমান্তৱৰ্তী দক্ষিণ শালমাৰা-মানকাচৰ জিলাখন অন্য জিলাৰ সমানে উন্নত কৰিবলৈ কি কি পদক্ষেপ গ্ৰহন কৰিব পাৰি তাক লৈ ৰাজ্যৰ সকলো বিভাগৰ মন্ত্ৰীক জিলাখনলৈ পৰিদৰ্শনৰ নিৰ্দেশনা প্ৰদান কৰিছে। আগন্তক তিনি মাহৰ ভিতৰত প্ৰতিজন মন্ত্ৰী জিলাখন পৰিদৰ্শন কৰি জিলা প্ৰশাসন, বিভিন্ন বিভাগৰ সৈতে উন্নয়মূলক আলোচনাৰ বাবে পৰ্যালোচনা সভা অনুষ্ঠিত কৰি জিলা উন্নয়নৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে। এই নিৰ্দেশনাৰ পাচতেই জিলাখনত ইতিমধ্যে মন্ত্ৰী ৰঞ্জিত দাস আৰু মন্ত্ৰী ৰাজহ বিভাগৰ প্ৰধান সচিব উপস্থিত হৈ প্ৰতিটো বিভাগৰ মুৰব্বী বিষয়াৰে পৰ্যালোচনা সভা অনুষ্ঠিত কৰিছে। আজি মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্ম জিলাখনত উপস্থিত হৈ ৩ বজাৰ পৰা বিয়লি ৫ বজালৈ পৰ্যালোচনা সভা অনুষ্ঠিত কৰি কয়, পিছপৰি থকা জিলাখন অন্য জিলাৰ সমানে উন্নত কৰিবলৈ মুখ্যমন্ত্ৰী সকলো মন্ত্ৰীক জিলাখন পৰিদৰ্শন কৰাৰ নিৰ্দেশনা প্ৰদান কৰাৰ বাবে তেওঁ আজি জিলাখনত উপস্থিত হৈ এইদৰে জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াৰে পৰ্যালোচনা সভা অনুষ্ঠিত কৰে। মন্ত্ৰী গৰাকী জিলাখনৰ ৰাস্তাৰ লগতে গুৱাহাটী সংযোগী আগীয়া-তুৰা বিধ্বস্ত এন ই চি পথৰ অৱস্থা সাংবাদিকৰ আগত প্ৰকাশ কৰি কয় মুখ্যমন্ত্ৰীক বিষয়টো অৱগত কৰোৱা হব। মুখ্যমন্ত্ৰী প্ৰয়োজনত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড এ চাংমাৰ সৈতে আলোচনা কৰি পথ নিৰ্মাণৰ বাবে সকলো প্ৰকাৰৰ চেষ্টা হাতত লব। তদুপৰি জিলাখনৰ প্ৰতিটো বিভাগত আন্তগাথনি উন্নত কৰাৰ ক্ষেত্ৰতো চৰকাৰে গুৰুত্ব আৰোপ কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।
লক্ষণীয় যে, কাইলৈ মন্ত্ৰী গৰাকী জিলাখনৰ কেবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহন কৰিব বুলি জিলা প্ৰশাসনে জানিবলৈ দিছে। আজি পৰ্যোলোচনা সভাৰ অন্তত মন্ত্ৰী গৰাকী ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰে। অৱশ্য সীমান্ত পৰিদৰ্শন মন্ত্ৰী গৰাকীৰ কোনো চৰকাৰী কাৰ্যসূচী নাছিল বুলি জানিব পৰা গৈছে।