ডিজিটেল ডেক্স, হাটশিঙিমাৰী-মানকাচৰঃ
শেহতীয়াকৈ অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা সদস্য সকলৰ শপত গ্ৰহন প্ৰক্ৰিয়া আজিৰ পৰা আৰম্ভ কৰা হৈছে। মানকাচৰৰ ৩৫ খনকৈ গাঁও পঞ্চায়তৰ ৩৫০ গৰাকী সদস্যই ফেকামাৰী আৰু মানকচৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত শপত গ্ৰহন কৰিব। ৩ জুলাই তাৰিখলৈ অনুষ্ঠিত হবলগীয়া এই সদস্য শপতগ্ৰহন কাৰ্যসূচীৰ আজি প্ৰথম দিনা ফেকামাৰী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত ৩৪ নং দক্ষিণ শালমাৰা আৰু ৩৫ নং ছেবলটাৰী গাঁও পঞ্চায়তৰ ২০ গৰাকী সদস্যৰ শপত গ্ৰহনৰ বাবে জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহন কৰিছিল। কিন্তু ৩৪ নং দক্ষিণ শালমাৰা গাঁও পঞ্চায়তৰ পৰা ১০ গৰাকী সদস্যৰ ভিতৰত মাত্ৰ ৬ গৰাকী সদস্য উপস্থিত থকাৰ বিপৰীতে বাকী ৪ গৰাকী সদস্য ফেকামাৰী খণ্ড উন্নয়ন বিষয়াৰ শপতগ্ৰহন কাৰ্যসূচীত অনুপস্থিত থাকে। ফলত পঞ্চায়তখনৰ শপতগ্ৰহন কাৰ্যসূচী পিছুৱাই দিয়া হয়। ইফালে পাশ্বৱৰ্তী ৩৫ নং গাঁও পঞ্চায়তৰ পৰা ১০ গৰাকী সদস্য শপত গ্ৰহন কাৰ্যসূচীত উপস্থিত থাকি একেলগে শপত বাক্য পাঠ কৰে। ইয়াৰে ৯ গৰাকী সদস্য-সদস্যাই একেলগে ছফিয়া খাতুনক গাঁও পঞ্চায়তখনৰ সভানেত্ৰী হিচাপে প্ৰস্তাৱ আৰু সমৰ্থনৰ জৰিয়তে নিৰ্বাচিত কৰাৰ লগতে আমেনা খাতুনক উপসভানেত্ৰী নিৰ্বাচিত কৰে।
ইফালে মানকাচৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত আজি ১৭ নং পাথুৰীয়া গাঁও পঞ্চায়ত আৰু ১৮ নং কুকুৰমাৰা পঞ্চায়তৰ ২০ গৰাকীকৈ সদস্য-সদস্যাৰ শপত গ্ৰহন কৰাৰ পাচত দুয়োখন পঞ্চায়তৰ সভানেত্ৰী আৰু উপসভাপতি নিৰ্বাচিত কৰা হৈছে। ১৭ নং পাথুৰীয়া গাঁও পঞ্চায়তত ১০ গৰাকী সদস্য-সদস্যাৰ ভিতৰত ৬ গৰাকীৰ প্ৰস্তাৱ আৰু সমৰ্থনত ছেমিমা নাছৰিনক সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰাৰ লগতে আজমি পাৰুলক পঞ্চায়ত খনৰ উপসভানেত্ৰী হিচাপে নিৰ্বাচিত কৰে। আনহাতে ১৮ কুকুৰমাৰা পঞ্চায়তত কল্পনা সৰকাৰক সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰা হৈছে। আজি জিলাখনৰ ৩ খন পঞ্চায়তত নিৰ্বাচিত হোৱা সভানেত্ৰী ৩ গৰাকী অগপ দলৰ সমৰ্থনত সদস্য হিচাপে নিৰ্বাচিত হৈছিল। কাইলৈ মানকাচৰত ১৪ নং ধানুৱা গাঁও পঞ্চায়ত আৰু ১৬ নং ভূৰাকাটা গাঁও পঞ্চায়তৰ পৰা নিৰ্বাচিত হোৱা ২০ গৰাকী সদস্য-সদস্যাৰ শপত গ্ৰহনৰ লগতে সভাপতি আৰু উপসভাপতি নিৰ্বাচিত কৰা হব। একেদৰে ফেকামাৰীতো ৩২ নং মনিৰচৰ আৰু ৩৩ নং বালাডোবা গাঁও পঞ্চায়তৰ ২০ গৰাকী সদস্য-সদস্যাৰ শপত গ্ৰহনৰ পাচত দুয়োখন পঞ্চায়তৰ সভাপতি আৰু উপসভাপতি নিৰ্বাচিত কৰা হব। মানকাচৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত ১৭ খন পঞ্চায়তৰ শপত গ্ৰহন কাৰ্যসূচী হাতত লোৱাৰ লগতে ফেকামাৰী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত ১৮ খন পঞ্চায়তৰ নৱ নিৰ্বাচিত সদস্য-সদস্যাৰ শপত গ্ৰহন কাৰ্যসূচী হাতত লোৱা হৈছে। একাংশ পঞ্চায়তত সভাপতি নিৰ্বাচনৰ ক্ষেত্ৰত ঘোৰা কিনা-বেচাৰ ৰাজনীতিয়ে জিলাখনৰ ৰাজনৈতিক মহল গৰম হৈ আছে। তেনে পঞ্চায়তৰ সভাপতি নিৰ্বাচন কিদৰে হয় সেয়া সময়তহে স্পষ্ট হব।