ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ দুটাকৈ পৃথক স্থানত আৰক্ষী আৰু বিএছএফে দুটাকৈ পৃথক অভিযানৰ জৰিয়তে দুদিনত ১৯টাকৈ চোৰাং পশুধন জব্দ কৰিবলৈ সক্ষম হৈছে। প্ৰাপ্ত বাতৰি মতে, জিলাখনৰ সুখচৰ থানা এলেকাৰ অধীনস্থ ছালাপাৰাৰ ১৫০ নং বেটেলিয়ান বিএছএফ বাহিনীয়ে আজি পুৱতি নিশা সীমান্তৰ পৰা ১০ টাকৈ চোৰাং ম’হ জব্দ কৰে। জব্দ কৰা ম’হ কেইটা আজি সুখচৰ থানাত চমজাই দিয়া হৈছে। আনহাতে কালি বিয়লিৰ ভাগত দক্ষিণ শালমাৰা আৰক্ষীয়ে বাংলাদেশ সীমান্তৱৰ্তী চৰ এখনৰ পৰা ৯ টাকৈ চোৰাং গৰু জব্দ কৰিছে। আৰক্ষী-বিএছএফৰ দুয়োটা অভিয়ানৰ সময়ত চোৰাং সৰবৰাহকাৰী পলায়ন কৰিছে। লক্ষণীয় যে, কিছুদিন ধৰি জিলাখনৰ বাংলাদেশ সীমান্তয়েদি পশুধনৰ চোৰাং কাৰবাৰ বৃদ্ধি পাবলৈ ধৰিছে। বিশেষকৈ কাইটীয়া তাঁৰৰ বেৰ থকা সীমান্তৰ বিপৰীতে উন্মক্ত নদী তথা চৰ সীমান্তয়েদি এই চোৰাং কাৰবাৰ তীব্ৰ গতিত বৃদ্ধি পাবলৈ ধৰাত পুনৰ চোৰাং কাৰবাৰত জৰিত গো-মাফিয়া সকল সক্ৰিয় হৈ উঠিবলৈ ধৰিছে। এই ক্ষেত্ৰত জিলাখনৰ আৰক্ষী প্ৰশাসনে এনে গোমাফিয়াক কিদৰে নিয়ন্ত্ৰণ কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হব।