Tuesday, July 1, 2025
Google search engine
গৃহউত্তৰ-পূবমেঘালয়ৰৰ জলপ্ৰপাতত মানকাচৰৰ কনিষ্টবল ইন্দ্ৰজিত হাজঙৰ মৃত্যু । নশ্বৰদেহত শেষ শ্ৰদ্ধা হাটশিঙমাৰী...

মেঘালয়ৰৰ জলপ্ৰপাতত মানকাচৰৰ কনিষ্টবল ইন্দ্ৰজিত হাজঙৰ মৃত্যু । নশ্বৰদেহত শেষ শ্ৰদ্ধা হাটশিঙমাৰী জিলা আৰক্ষীৰ

ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ মানকাচৰৰ কালাপানী আৰক্ষী চকীত কৰ্মৰত এগৰাকী কনিষ্টবল চুবুৰীয়া মেঘালয়ৰ গাৰো পাহাৰৰ জলপ্ৰপাতত গা ধূবলৈ গৈ দূৰ্ঘটনাত মৃত্যু মুখত পৰে। উল্লেখযোগ্য যে, কালাপানী আৰক্ষী চকীত কৰ্মৰত ৮৪ নং ইউবিচি (কনিষ্টবল) তথা অসম-মেঘালয় সীমান্তৱৰ্তী কালাপানী আৰক্ষী চকী এলেকাৰ অধীনস্থ দলবাৰী গাঁৱৰ অশ্বিনী হাজঙৰ পুত্ৰ ইন্দ্ৰজিত হাজং কালি কালাপানী আৰক্ষী চকীৰ পৰা ২১ দিনীয়া ছুটি লৈ ঘৰলৈ যায়। অত্যাধিক গৰমৰ বাবে চুবুৰীয়া মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ গাৰোবাধা থানা এলেকাৰ অধীনস্থ হাগুডোবাত বন্ধুৰ সৈতে কনিষ্টবল জন জলপ্ৰপাতত গা ধূবলৈ ঘৰৰ পৰা ওলাই যায়। মাতৃৰ অনুমতি লৈ গা ধূবলৈ যোৱা কনিষ্টবল ইন্দ্ৰজিত হাজং জলপ্ৰপাতত দূৰ্ঘটনাগ্ৰস্থ হৈ মৃত্যু মুখত পৰে। ঘটনাৰ বিৱৰণী মতে, জলপ্ৰপাতত আনন্দ-ফুৰ্তিৰে গা ধূই থকা অৱস্থাত পাহাৰৰ পৰা বিশাল শিল এটা ঝৰ্ণাৰে বাগৰি আহি কনিষ্টবল জনৰ শৰীৰত পৰে। লগে লগে হাত ছিঙি যোৱাৰ ফলত কনিষ্টবল জন গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়। লগে লগে লগত যোৱা বন্ধুৰ দলে পাশ্বৱৰ্তী গাৰোবাধা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও কিছু সময়ৰ ভিতৰত ইন্দ্ৰজিতে শেষ নিশ্বাস ত্যাগ কৰে। গাৰোবাধা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকে ইন্দ্ৰজিত হাজংক মৃত বুলি ঘোষণা কৰাত কনিষ্টবল জনৰ মৃতদেহ গাৰোবাধা আৰক্ষীয়ে চমজি লয়। নিশা তুৰা অসামৰিক চিকিৎলায়ত মৰনোত্তৰ পৰীক্ষাৰ বাবে গাৰোবাধা আৰক্ষীয়ে প্ৰেৰণ কৰে। অকালতে এইদৰে কনিষ্টবল ইন্দ্ৰজিত হাজং মৃত্যু মুখত পৰা ঘটনাক লৈ জিলা খনৰ আৰক্ষী মহল, সচেতন মহল তথা অ়ঞ্চলটোত গভীৰ শোকৰ ছা পেলাইছে।

আজি দিনৰ ভাগত মৰনোত্তৰ পৰক্ষা সম্পন্ন হোৱাৰ পাচত দিনৰ প্ৰায় ৪ বজাত কনিষ্টবল ইন্দ্ৰজিতৰ নশ্বৰদেহ মেঘালয় আৰক্ষীয়ে হাটশিঙিমাৰী জিলা আৰক্ষীক চমজাই দিয়ে। হাটশিঙিমাৰী জিলা আৰক্ষীয়ে হাটশিঙিমাৰী আৰক্ষী ছাউনীত ইন্দ্ৰজিতৰ নশ্বৰদেহত ছালামী জনাই শেষ শ্ৰদ্ধা নিবেদন কৰে। শেষ শ্ৰদ্ধা নিবেদন কাৰ্যসূচীত জিলাখনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অঞ্জন পণ্ডিত, সহকাৰী আৰক্ষী অধীক্ষক চন্দ্ৰকান্ত কলিতাৰ লগতে প্ৰতিখন থানা আৰু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু উপপৰিদৰ্শক সকল উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জনায়। নিহত ইন্দ্ৰজিতৰ দুমহীয়া সন্তান আৰু পত্নীৰ লগতে পৰিয়ালৰ আন আন সদস্য, আত্মীয়, গাওঁবাসী আৰু বন্ধু-বৰ্গই কনিষ্টবল ইন্দ্ৰজিত হাজঙক শেষ শ্ৰদ্ধাঞ্জলি জনাই সকলো আবেগিক হৈ পৰে। দিনৰ প্ৰায় ৫ বজাত ইন্দ্ৰজিত হাজঙৰ নশ্বৰদেহ হাটশিঙিমাৰী জিলা আৰক্ষীয়ে পৰিয়ালৰ লোকক চমজাই দিয়াত মৃতদেহ ঘৰখনলৈ নিয়া হয়। ঘৰখনত সন্ধিয়াৰ ভাগত শোকাকূল পৰিবেশৰ সৃষ্টি হয়।

লক্ষণীয় যে, ১ জানুৱাৰী ১৯৯৫ চনত জন্মগ্ৰহন কৰা ইন্দ্ৰজিত হাজং ১২ জানুৱাৰী ২০১৮ চনত ৮৪ নম্বৰ ইউবিচি (কনিষ্টবল) হিচাপে কৰ্মত যোগদান কৰিছিল। ১৪ জুন নিশা লৈ কালাপানী আৰক্ষী চকীত কৰ্তব্য পালন কৰি পুৱা আৰক্ষী চকী খনৰ পৰা ছুটি লৈ ঘৰলৈ যোৱাৰ পাচত জলপ্ৰপাতত গৈ তেওঁ ১৫ জুনৰ বিলয়ি মৃত্যু মুখত পৰে। ৭ বছৰ ৫ মাহ ১৪ দিনীয়া কৰ্মজীৱনিৰ পাচত মৃত্যুক আকোৱালি লোৱা কনিষ্টবল ইন্দ্ৰজিত হাজং মাতৃ, পত্নী আৰু এটি ২ বছৰীয়া পুত্ৰ সন্তানক ইহ সংহাৰত এৰি থৈ যায়।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments