ডিজিটেল ডেক্স, হাটশিঙিমাৰীঃ ধুবুৰীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা কৰা বিস্ফোৰক মন্তব্যৰ পাচত আজি ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন মুখ্যমন্ত্ৰীক কেবাটাও আহ্বান জনাইছে। সাংসদ গৰাকী আজি হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত দিশা সভাত অংশগ্ৰহন কৰাৰ পাচত সাংবাদিকৰে হোৱা বাৰ্তা আলাপাত মুখ্যমন্ত্ৰীক সমালোচনা নকৰিলেও এগৰাকী মুখ্যমন্ত্ৰীয়ে কেনে কথা ক’ব লাগে সেয়া মুখ্যমন্ত্ৰী নিজে জনাটো উচিত বুলি মন্তব্য দিয়ে। অগ্নিগৰ্ভা হৈ থকা স্থানত জুই নুমুবাৱলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে সকলোকে মাতি এখন শান্তি কমিটি বনাব লাগিছিল। সকলো লোক মিলাপ্ৰীতিৰে থাকিবলৈ শান্তি কমিটি গঠনত চৰকাৰে মনোযোগ দিয়াৰ আহ্বান সাংসদ ৰকিবুল হুছেইনৰ।
হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত দিশা সভা । আগন্তক বাৰিষা, গৰাখহনীয়া, উন্নয়নমূলক কাম-কাজক লৈ গুৰুত্বপূৰ্ণ আলোচনা
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি দিশা সভা অনুষ্ঠিত কৰা হয়। ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন, মানকাচৰৰ বিধায়ক আমিনুল ইছলাম আৰু জৰুৱা-বিৰসীং সমষ্টিৰ বিধায়ক হাজী ওৱাজেদ আলী চৌধুৰীৰ লগতে জিলা প্ৰশাসন আৰু ২৩ টাকৈ বিভাগৰ মাজত এই দিশা সভাখন অনুষ্ঠিত কৰা হয়। দিশা সভাৰ জৰিয়তে চৰকাৰী আঁচনি সমূহ কিদৰে ৰূপায়িত কৰি জিলাখন উন্নত কৰিব পাৰি তাক লৈ আলোচনা কৰা হয়। বিশেষকৈ আগন্তক বাৰিষাত বন্যাৰ্তৰ সুৰক্ষা আৰু সা-সুবিধা কেনেকৈ প্ৰদান কৰিব পাৰি তাক লৈ আজিৰ দিশা সভাখনত আলোচনা কৰা হয়। একেদৰে জিলাখনৰ বিভিন্ন এলেকাত চলি থকা গৰাখহনীয়াৰ স্থায়ী আৰু অস্থায়ী প্ৰতিৰোধৰ বাবে সাংসদ পুঁজিৰ পৰা প্ৰয়োজনীয় ধন খৰচ কৰিবলৈ নিৰ্দেশা প্ৰদান কৰা হৈছে বুলি সাংসদ ৰকিবুল হুছেইনে জানিবলৈ দিছে।