Tuesday, July 1, 2025
Google search engine
গৃহস্থানীয়দক্ষিণ শালমাৰাত হেৰইন, নিচাজাতীয় টেবলেট সহ গ্ৰেপ্তাৰ দুই ড্ৰাগছ সৰবৰাহকাৰী

দক্ষিণ শালমাৰাত হেৰইন, নিচাজাতীয় টেবলেট সহ গ্ৰেপ্তাৰ দুই ড্ৰাগছ সৰবৰাহকাৰী

ডিজিটেল ডেক্স, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অসম-মেঘালয় সীমান্তৱৰ্তী দক্ষিণ শালমাৰা ২য়  খণ্ড গাঁৱত নিশা আৰক্ষীয়ে অভিযান চলাই হেৰইন আৰু নিচাজাতীয় টেবলেট সহ দুই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে।

উল্লেখযোগ্য যে গোপন সুত্ৰৰ ভিত্তিত দক্ষিণ শালমাৰা আৰক্ষীয়ে নিশা গাঁৱখনৰ ৰহিমন বেগম(৭০)ৰ ঘৰত ড্ৰাগছবিৰোধী অভিযান চলায়। আৰক্ষীয়ে ঘৰখনৰ পৰা হেৰইন, নিচাজাতীয় টেবলেট উদ্ধাৰ কৰি দুজনক আটক কৰে। ইতিমধ্যে জেৰাৰ অন্তত আৰক্ষীয়ে দুয়োক গ্ৰেপ্তাৰ কৰিছে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাক দক্ষিণ শালমাৰা থানা এলেকাৰ টুমনী লাওখোলা কলেজ নগৰ গাঁৱৰ প্ৰয়াত আব্দুল কাদিৰৰ পুত্ৰ আব্দুল আৱাল (৪০) আৰু দক্ষিণ শালমাৰা ১ম খণ্ড গাঁৱৰ আব্দুল মান্নানৰ পুত্ৰ ফিৰোজ আহমেদ (৩৫) বুলি চিনাক্ত কৰা হৈছে।

     আৰক্ষীয়ে ঘৰখনৰ পৰা ১টা চাবোনৰ বাকচ ভৰ্তি ৬০ গ্ৰাম ওজনৰ হেৰ‌’ইন, ২৬৯ গ্ৰাম ওজনৰ ৩৬০ টা  নিচাজাতীয় ট্ৰেমাডল টেবলেট, ৩ টা মোবাইল ফোন আৰু  ML O8E 0636 নম্বৰৰ এটা Pulsar  মটৰ চাইকেল জব্দ কৰিছে। আজি দুপৰীয়াৰ ভাগত ড্ৰাগছ সৰবৰাহকাৰী দুটাক হাটশিঙিমাৰী জিলা সত্ৰ আৰু ন্যায়াধীশ আদালতত হাজিৰ কৰাত আদালতে সৰবৰাহকাৰী দুটাক জেললৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments